নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ পক্ষে জনতা জনাৰ্দনৰ ৰায়, অব্যাহত ভোটদান

নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিত ৭২২জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যজুৰি মুঠ ৩১,৪৯০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে

প্ৰায় বিশটা দিনৰ মেগা নিৰ্বাচনী প্ৰচাৰৰ শেষত আজি আহিল সেই আকাংক্ষিত দিনটো। শাসকীয় গোটৰ এজেণ্ডাক ৰাইজৰ মাজত তুলি ধৰাৰ বিপৰীতে বিৰোধীয়ে নিজৰ নিজৰ লক্ষ্যৰে ৰাইজৰ মাজলৈ গল। ৰাইজৰ মাজত ৰাখিলে নিজৰ ভিজন। আৰু সেই সকলো কথা বিচাৰ কৰি আজি ৰাইজ ওলাই আহিছে ভোটকেন্দ্ৰলৈ। এতিয়া কথা হল, জনতা জনাৰ্দনৰ ৰায় কাৰ পক্ষে। কি বিচাৰে ৰাইজে সেয়া বন্দী হব ইভিএমৰ বুটামত।

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ হাইভল্টেজ ভোটগ্ৰহণ আজি (৯ এপ্ৰিল) পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যজুৰি ভোটকেন্দ্ৰসমূহৰ সন্মুখত বৃহৎ সংখ্যাত ভোটাৰসকল শাৰী পাতি নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।

এই নিৰ্বাচনত মুঠ ১২৬টা সমষ্টিত ৭২২জন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যজুৰি মুঠ ৩১,৪৯০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

দলভিত্তিক প্ৰাৰ্থীৰ সংখ্যা অনুসৰি, কংগ্ৰেছে সৰ্বাধিক ৯৯জন প্ৰাৰ্থী প্ৰাৰ্থিত্ব দিছে। আনহাতে বিজেপিয়ে ৯০জন প্ৰাৰ্থীক টিকট প্ৰদান কৰিছে।

ইয়াৰ উপৰি এআইইউডিএফে ৩০জন, অগপই ২৬জন আৰু বিপিএফে ১১টা সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছে। প্ৰাৰ্থিত্ব দিছে ইউপিপিএলেও।

এই গুৰুত্বপূর্ণ নিৰ্বাচনত প্ৰায় ২.৫ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। এনডিএ নেতৃত্বাধীন বিজেপিয়ে ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ লক্ষ্য লৈছে। আনহাতে কংগ্ৰেছে ২০১৬ চনৰ পিছত পুনৰ ক্ষমতা লাভৰ আশা কৰিছে।

উল্লেখযোগ্য যে বহু হাইপ্ৰোফাইল প্ৰাৰ্থীয়ে ইতিমধ্যে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছে আৰু আন বহু প্ৰাৰ্থীয়ে দিনটোত ভোটদান কৰাৰ সম্ভাৱনা আছে। ভোটগ্ৰহণ সন্ধিয়া ৫ বজালৈ চলিব আৰু ফলাফল ৪ মে’ তাৰিখে ঘোষণা কৰা হ’ব।

ডিজিটেল ডেস্ক, ৯ এপ্ৰিল

You might also like