নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ডিচেম্বৰৰ পৰা চিৰাঙৰ আই নৈৰ পাৰত ‘আই ৰিভাৰ ফেষ্টিভেল’

চিৰাঙৰ আই নৈৰ পাৰত হাগ্ৰামা দলঙত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব “আই ৰিভাৰ ফেষ্টিভেল”।

উক্ত স্থানতে অনুষ্ঠিত হৈছিল দৈজিং ফেষ্টিভেল। যোৱা ৫ বছৰ ইউপিপিএল চৰকাৰৰ সময়ত বন্ধ হৈ থকা দৈজিং ফেষ্টিভেল সন্দৰ্ভত যোৱা পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে বিপিএফ আহিলে দৈজিং ফেষ্টিভেল অনুষ্ঠিত হ’ব বুলি। কিন্তু সময়ৰ অভাৱত দৈজিং ফেষ্টিভেল অনুষ্ঠিত কৰিব নোৱাৰি আই ৰিভাৰ ফেষ্টিভেল আয়োজনৰ প্ৰস্তুতি চলাইছে।

এই ফেষ্টিভেলত আধুনিক মিনা বজাৰ, মেলা, এক্সপো, হস্ততাঁত-বস্ত্ৰশিল্প বিপণীকে আদি কৰি থলুৱা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আৰু বিপণী থাকিব বুলি সংবাদ মেলত জনায় আয়োজক সমিতিয়ে।

ইয়াত হাতী ছাফাৰি, ঘোঁড়া ছাফাৰি, হট এয়াৰ বেলুন থকাৰ উপৰি প্ৰতিনিশাই অনুষ্ঠিত হ’ব থলুৱা শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান।

অহা ২৭ ডিচেম্বৰত বিটিচিৰ কাৰ্যবাহী সদস্যই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এইখন আই ৰিভাৰ ফেষ্টিভেল। সকলোৰে সহায়-সহযোগিতাৰ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।

ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ :

You might also like