নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : বৰদৈবাম বিলমুখ পক্ষী উদ্যান

ৰাজেশ কুমাৰ বুঢ়াগোহাঞি

বৰ্তমানৰ যোগটোৱেই হৈছে মানুহৰ জনসংখ্যা বৃদ্ধিৰ যোগ৷ মানুহৰ এই জনসংখ্যা বৃদ্ধিয়ে আমাৰ চৌপাশৰ পৰিবেশৰ ওপৰত হেঁচাৰ স্‌ষ্টি কৰি আহিছে ৷ এই হেঁচাৰ পৰা বন্যপ্ৰাণীক সুৰক্ষা দিবৰ বাবে সমগ্ৰ বিশ্বৰ চৰকাৰ/প্ৰশাসন/বা গৱৰ্ণই প্‌থিবীৰ কিছু কিছু অংশ বা অঞ্চল বন্য প্ৰাণী যেনে পশু-পক্ষীৰ বাবে সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিছে ৷ ঠিক তেনেদৰেই আমাৰ অসমখনতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, পক্ষী উদ্যান আদি ৰূপত কিছুমান ঠাই বা অঞ্চল সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখিছে “বন্য প্ৰাণী আইন ১৯৭২“ৰ জৰিয়তে ৷ আৰু সেই আইন অনুসৰি ১৯৯৬ চনৰ ৩ জুলাই তাৰিখে অসম চৰকাৰৰ ৰাজ্যপালে অৰ্ডাজ বাই গৱৰ্ণৰ শিৰোনামাৰে গেজেট অধিসূচনা যোগে বৰদৈবাম বিলমুখ পক্ষী উদ্যান ঘোষণাৰ নটিফিকেচন জাৰি কৰাত সেই তাৰিখৰ পৰাই  বৰদৈবাম বিলমুখ জলাশয়টো বৰদৈবাম বিলমুখ পক্ষী উদ্যান নামেৰে অসমৰ দ্বিতীয় খন পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰে প্ৰাথমিক জাননীৰ জৰিয়তে ৷

বন্যপ্ৰাণী আইন ১৯৭২ (সংশোধনী ১৯৯১)ৰ অনুচ্ছেদ ১৮(১) মতে অসম চৰকাৰৰ বন বিভাগৰ জাননী নং এফ আৰ ডব্লিউ / ১৫/৯৬/৩ মতে ৰাজ্যৰ অভয়াৰণ্যৰ তালিকাৰ ১২ নম্বৰত নাম অন্তভূক্ত কৰি জাননীক্‌ত কৰা আৰু ৰাজ্যৰ দ্বিতীয়খন পক্ষী উদ্যান হিচাপে পৰিচয় লাভ কৰা বৰদৈবাম বিলমুখ পক্ষী উদ্যানখন ১৯৫০ চনৰ বৰ ভুমিকম্পৰ ফলত প্ৰাক্‌তিগত ভাৱেই সৃষ্টি হয় ৷ এসময়ৰ সোণৰ চেকুৰাৰে ভৰি থকা সোৱণশিৰি নদীয়ে ১৯৫০ চনৰ বৰ ভুমিকম্পৰ ফলত গতি সলোৱাত প্ৰাকৃতিগত ভাবে প্ৰায় ১১২৪.৭৮ হেক্টৰ মাটিকালিৰে এটা বৃহৎ জলাশয়ৰ স্‌ষ্টি হয় আৰু এই জলাশয়টোত বিভিন্ন প্ৰজাতিৰ মাছ কাছৰ লগতে বছৰৰ বিভিন্ন ঋতুত নানা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত হৈ পৰে ৷

১৯৮৯ চনত লখিমপুৰ জিলাৰ দ্বিতীয়টো ঢকুৱাখনা মহকুমাত প্ৰথমগৰাকী মহকুমাধিপতি হিচাপে যোগদান কৰা মহকুমাধিপতি তথা “বৰদৈবাম বিলমুখ পক্ষী উদ্যান“ৰ অন্যতম জনক, দক্ষিণ এছিয়াৰ প্ৰথম শাৰীৰ প্ৰক্‌তিবিদ আৰু বৰ্তমান উত্তৰ পূৱ ভাৰতৰ এটা সংগঠন বাইন ফাউণ্ডেশ্বন  ফৰ নেছাৰৰ মুখ্য প্ৰশাসক ড° আনোৱাৰ চৌধুৰী (এ চি এছ, পি এইছ ডি)ৰ প্ৰচেষ্টাত ১৯৯৩ চনত গঠিত  “মেগামিক্স প্ৰকৃতি সংঘ“ ঢকুৱাখনা আৰু ঢকুৱাখনা অসম বিজ্ঞান সমিতিৰ সহযোগত (প্ৰস্তাৱিত) অসমৰ দ্বিতীয়খন পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা বৰদৈবাম বিলমুখ পক্ষী উদ্যানখন আজিও ৰাজনৈতিক মেৰপাকত আবদ্ধ ৷

অসমৰ বৃহত্বৰ পক্ষী উদ্যান দীপৰ বিলৰ পিছতে স্থান লাভ কৰিবলৈ সক্ষম হোৱা দ্বিতীয়খন প্ৰস্তাবিত পক্ষী উদ্যান “ বৰদৈবাম বিলমুখ পক্ষী উদ্যান“ খন ঢকুৱাখনা সমজিলাৰ ৪০ শতাংশ আৰু ধেমাজিৰ জিলাৰ ৬০ শতাংশ  জলাহ ভুমিৰে আগুৰি আছে ফলত দুখন জিলাৰ সীমামূৰীয়া এলেকাত অৱস্থিত হেতুকে পুৰ্ণাংগ পক্ষী উদ্যান হিচাপে আজিও স্বীকৃতি পোৱা নাই ৷ এই ক্ষেত্ৰত এসময়ৰ ঢকুৱাখনা বিধানসভাৰ সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু ধেমাজি বিধানসভাৰ সমষ্টিৰ বিধায়ক সুমিত্ৰা পাতিৰকেই প্ৰকৃতিপ্ৰেমীসকলে জগৰীয়া কৰিব বিছাৰে ৷ যাৰ ফলত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰশাসনিক দায়িত্বত থকা লখিমপুৰ ধেমাজী জিলা আৰু ঢকুৱাখনা সমজিলাৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত স্বীকৃতিপ্ৰাপ্ত বৰদৈবাম বিলমুখ পক্ষী উদ্যান বৰ্তমান অস্তিত্ব সংকটত ৷

ভাৰতবৰ্ষৰ সমুদ্ৰ প্‌ষ্ঠৰ পৰা প্ৰায় ৫০—৫৫ মিটাৰ উচ্চতাত অৱস্থিত এসময়ৰ সোৱণশিৰি নদীখনে নিজৰ গতিপথ সলনি কৰাত স্‌ষ্টি হোৱা জলাশয় আৰু বৰ্তমানৰ পক্ষী উদ্যানখন  লখিমপুৰ চহৰৰ পৰা প্ৰায় ৫০ / ৫৫ কিলোমিটাৰ, ধেমাজিৰ পৰা প্ৰায় ৩০/ ৩৫ আৰু ঢকুৱাখনাৰ পৰা প্ৰায় ২৮/৩০ আৰু ঘিলামৰাৰ পৰা প্ৰায় ১০/১২ কিলোমিটাৰ দুৰত্বত অৱস্থিত আৰু প্ৰক্‌তিপ্ৰেমী আৰু পৰ্যটকসকলৰ বাবে অতিকে মনোৰম ঠাই হিচাপে বিবেচিত বৰদৈবাম বিলমুখ পক্ষী উদ্যানত এতিয়া চোৰাং চিকাৰী আৰু বেদখলকাৰীৰ দপদপনি বুলিও সততে অভিযোগ পোৱা যায় ৷

প্ৰধানকৈ ঘাহঁনি আৰু উদ্ভিদেৰে ভৰপুৰ পক্ষী উদ্যানখনত শিমলু, চতিয়না, চোম, শিমলু, জৰী, ঔটেঙা আদি গছ গছনিৰ লগতে ভেট, মেটেকা, কলমৌ, পুণী, শিঙৰী, এৰালি, উলু, ইকৰা, নল, খাগৰি, কহুঁৱা, লকচা আদি ঘাহ বন পোৱা যায় ৷ এই অঞ্চলটোত আদ্ৰ উপ মৌচুমী বায়ু অনুভুত হোৱাত বছৰি গড়ে ২০০০ মিমি বা তাতোতকৈ অধিক বৰষুণ হয়৷ ফলত সেমেকা জলবায়ু মণ্ডলত অৱস্থিত উদ্যানখনত সৰ্বনিম্ন প্ৰায় ৭ ডিগ্ৰী ছেলচিয়াছৰ পৰা সৰ্বোচ্চ ৩০/৩২ ডিগ্ৰী ছেলচিয়াছলৈ তাপমাত্ৰা বৃদ্ধি পায় ৷

যাতায়াতৰ ক্ষেত্ৰত লখিমপুৰ সদৰৰ পৰা গোগামুখ ঘিলামৰা স্থল পথেৰে বৰদৈবাম লৈ, ধেমাজিৰ পৰা বুটিকোৰ নৰোৱাথান ঘিলামৰা হৈ গোগামুখ পথেৰে বৰদৈ বাম লৈ, মাছখোৱা বাটমাৰী ঘিলামৰা হৈ বৰদৈবাম লৈ, ঢকুৱাখনাৰ পৰা ঘিলামৰা হৈ গোগামুখ পথেৰে বৰদৈবামলৈ আৰু বাসুদেৱ থান বেবেজীয়াৰ পৰা পাতিৰচুক সৰিয়নি হৈ বৰদৈবাম পক্ষী উদ্যানলৈ সুচল স্থল পথেৰে যাব পাৰি য’ত ভ্ৰমণকাৰী সকলৰ বাবে থকা মেলাৰ ব্যৱস্থা আছে৷ তদুপৰি বৰদৈবাম পক্ষী উদ্যানখনৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দুৰত্ব গোগামুখত এটা পৰ্যটন গৃহ, প্ৰায় ১২ কিলোমিটাৰ দুৰত্বৰ ঘিলামৰাত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বঙলা, ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘৰ অতিৰ্থি কক্ষ আদিত থাকিও দুৰ দুৰণিবটীয়া লোক বা পৰ্যটক আৰু প্ৰকৃতিবিদসকলে বৰদৈবাম পক্ষী উদ্যানত বিচৰণ কৰিব পাৰে ৷

জলপৃষ্ঠৰ গভীৰতা দিশৰ পৰা চাবলৈ গলে বৰদৈবাম বিলমুখ পক্ষী উদ্যানখনৰ গভীৰতা ঠাই বিশেষে পৃথক আৰু জলাশয়টোৰ গভীৰতা এটা ৫ কোণীয়া তৰাৰ আকৃতি ৷ এই তৰাৰ ১ম আৰু ৩য় বাহুতো সামৰি আছে সু গভীৰ কেন্দ্ৰীয় অংশটো৷ বিল খনৰ ভিতৰে বাহিৰে আৰু আশেপাশে ৯-১০ প্ৰকাৰৰ প্ৰাক্‌তিক বাসস্থান যেনে মুকলি গভীৰ জলভাগ, মুকলি তৰাং জলভাগ, মেটেকাময় জলভাগ, দলনি, নলখাগৰিৰ ওপঙা দোপ, জোপোহাময় অৰণ্য, নলনি হাবি৷ ঘাহঁনি, বৃক্ষময় অৰন্য, চাহ বাগান, ক্‌ষি ক্ষেত্ৰ আৰু মানুহৰ বাসস্থান আদি ৷

বৰদৈবাম পক্ষী উদ্যানত মেচেকা, সুগৰি পহু, কেটেলা পহু, উদ আদি বন্যপ্ৰাণীৰ লগতে মাছৰোকা, হাড়গিলা, পানী কাউৰী, বৰ শৰালি, তিল কপৌ, ডাউক, দলমৰা, বৰটোকোলা, কলী মুৰী হাঁহ, বৰ মুগী হাঁহ,পানে ডাউক, দলপুঙা, ৰামপাৰ, শৰালি, বৰণ কলি,দৈ কলা, বৰটোকোলা, শামুকভঙা, চাৰি প্ৰকাৰৰ বগলী, দুই প্ৰকাৰৰ আজান, কলী ঘোণ, ৱাক, ইটাগুৰীয়া কনামচুৰি, বাঢ়ৈটোকা,কাম চৰাই, দলপোঙা, ভুৰুং বতা, পানে ডাউক, বালিমাহী, শিৱ হাঁহ, পাতি হাঁহ, মুগী হাঁহ, দীঘল নেজী হাঁহ, চাকৈচকোৱা আদিকে ধৰি বিবিধ দেশী-বিদেশী পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায় ৷

পক্ষীকূলৰ বাহিৰেও বিভিন্ন প্ৰজাতিৰ মাছ কাছ সাপ বেং আদি জলজ আৰু উভয়চৰ প্ৰাণী আৰু জলজ উদ্ভিদৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ দীপৰ বিলৰ পিছতে অন্যতম সংৰক্ষিত প্ৰস্তাবিত বৰদৈবাম বিলমুখ পক্ষী উদ্যান খন প্ৰশাসনিক নিৰিক্ষণৰ অভাৱত অস্তিত্ব সংকটত পৰাৰ উপৰিও পক্ষী নিৰিক্ষণৰ বাবে DRDA নিৰ্মাণ কৰা অতিৰ্থি গ্‌হ আৰু পক্ষী নিৰিক্ষণৰ টাৱাৰসমুহো জহিখহি গৈছে৷ এই ক্ষেত্ৰত লখিমপুৰ, ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সীমান্তৱৰ্তী এলেকাত অৱস্থিত উদ্যানখন সুৰক্ষাৰ বাবে ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাই দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে ৰাজ্যখনৰ দ্বিতীয়খন সৰ্ববৃহৎ পক্ষী উদ্যান প্ৰস্তাবিত ভাবেই নিঃশেষ হবলৈ বেছি দিন নাই ৷

এইখিনিতে নিশ্চিতভাবে এটা কথা উল্লেখ কৰিব পাৰি যে যিহেতু ঢকুৱাখনাৰ ৪০ শতাংশ আৰু ধেমাজিৰ ৬০ শতাংশ মাটিৰ জলাহ ভুমিৰে আগুৰি থকা বৰদৈবাম বিলমুখ নামৰ জলাশয়টো পক্ষী উদ্যান হিচাপে স্বীকৃতি লাভ কৰা সময়লৈকে ধেমাজি জিলাৰ মীন বিভাগৰ অধিনত আছিল আৰু এই জলাশয়টোৰ পৰা ধেমাজিৰ মীন বিভাগে বছৰি প্ৰায় ১ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল ৷ তদুপৰি ঢকুৱাখনাৰ মহকুমাধিপতি আৰু ঢকুৱাখনাৰ বিজ্ঞান সমিতি আৰু মেগামিক্স প্ৰক্‌তি সংঘৰ প্ৰস্তাৱ মৰ্মে লখিমপুৰ জিলাৰ বন বিভাগে জনোৱা দাবী আৰু ১৯৯৩ চনৰ পৰা মেগামিক্স প্ৰক্‌তি সংঘ ঢকুৱাখনাই চলোৱা তিনি তৰপীয়া পক্ষী নিৰিক্ষণৰ সমীক্ষাত পোৱা তথ্যৰ ভিত্তিত বৰদৈবাম বিলমুখ পক্ষী উদ্যানে প্ৰস্তাবিত ভাৱে স্বীকৃতি লাভ কৰে যদিও ১৯৯৮ চনত লখিমপুৰ জিলাৰ DC পৰমেশ দত্ত আৰু ধেমাজিৰ জিলাৰ DC মাতাহাৰি আলি বৰভুঞাৰ উপস্থিতিত লখিমপুৰ জিলাৰ বন বিভাগৰ আহ্বানত দুয়োখন জিলাৰ প্ৰক্‌তিপ্ৰেমী সংগঠন সমুহৰ বিষয়ববীয়া, স্বানীয় এলেকাৰ গাওঁবুঢ়া সকলক লৈ অনুস্থিত হিয়েৰিংত ঢকুৱাখনাৰ বিধায়ক ভৰত চন্দ্ৰ নৰহ আৰু ধেমাজিৰ বিধায়িকা সুমিত্ৰা পাতিৰ উপস্থিত নথকাত পক্ষী উদ্যানথনে পুৰ্ণতা লাভ কৰাৰ পৰা আজিও বঞ্চিত হৈয়েই থাকিল৷ এই ক্ষেত্ৰত বিগত ২৯ বছৰে কেৱল প্ৰস্তাবিত ভাবেই স্বীকৃতি প্ৰাপ্ত আৰু সংৰক্ষিত পক্ষী উদ্যানখনক চুড়ান্ত ৰূপ দিয়াৰ ক্ষেত্ৰত ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে. ধেমাজিৰ বিধায়ক তথা মন্ত্ৰী ড° ৰণোজ পেগু আৰু লখিমপুৰ লোক সভা সমষ্টিৰ সংসদ প্ৰদান বৰুৱাই কিবা পদক্ষেপ গ্ৰহণ কৰিব নে? নে প্ৰস্তাবিতভাবেই বৰদৈবাম বিলমুখ পক্ষী উদ্যান এদিন কালৰ বুকুত হেৰাই যাব সেয়াই এতিয়া লক্ষণীয় বিষয় হিচাপেই পৰিগণিত হব ৷

You might also like