গৌৰৱ গগৈয়ে বিচৰা ধৰণে SIT-ৰ প্ৰতিবেদন ৰাজহুৱা কৰিমঃ মুখ্যমন্ত্ৰী
কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে ইচ্ছা প্ৰকাশ কৰা মতেই এছ আই টিৰ প্ৰতিবেদন ইন্টাৰনেটত ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু আই এছ আইৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, এছ আই টিয়ে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে৷এই সম্পৰ্কে এছ আই টিয়ে সাংসদ গৌৰৱ গগৈৰ পত্নীৰ উপৰি মুঠ ৩৪ গৰাকী লোকক সোধপোছ কৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
আজি গোসাঁইগাঁও মহকুমাৰ ৫ নং শৰাইবিল পৰিষদীয় সমষ্টিৰ গুৰুফেলাত আয়োজিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে আদালতৰ ৰায়লৈ অপেক্ষা কৰিব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷দলীয় প্ৰাৰ্থী গোসাঁই বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বিগত বাইশটা বছৰে বিটিচি এলকোৰ ৰাইজে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে৷
বাইশটা বছৰে বিটিআৰ এলেকাত বসবাস কৰা ৰাইজৰ বহু সমস্যা সমাধান নহল৷ৰাজ্যৰ অন্যান্য অঞ্চলত ৰাইজে চৰকাৰী আঁচনিৰ সুবিধা পাইছে৷কিন্তু বিটিআৰ এলেকাৰ দুখীয়া দৰিদ্ৰ ৰাইজে মাটি পট্টা সুবিধা, আৱাস গৃহ, অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ সুবিধা পোৱা নাই৷দুখীয়া-দৰিদ্ৰ লোকে ৰেচন কাৰ্ড পোৱা নাই৷বিটিআৰ এলেকাত ভিচিডিচিয়ে দৰিদ্ৰৰ আঁচনেৰ ধন, চাউল নিগনি, এন্দুৰে খাই শেষ কৰি আছে৷প্ৰতিটো দুখীয়া-দৰিদ্ৰ লোকে ভিচিডিচিক ধন নিদিলে কাম নহয়৷আঁচনিৰ সুবিধা পোৱা নাই৷৷যাৰ বাবে বিটিআৰ এলেকাৰ ৰাইজৰ উন্নতি হোৱা নাই৷বিটিচিত বিজেপি চৰকাৰ হলে
বিটিআৰত থকা সকলো দৰিদ্ৰই এটকা উৎকোচ নিদিয়াকৈ প্ৰধানমন্ত্ৰী আৱাস গৃহ, মহিলা সকলে উদ্যমি আঁচনি, অৰুণোদয়ৰ সুবিধা আদি পাব বিটিআৰ এলেকাত কষ্টৰে থকা সকলো দুখীয়া ৰাইজে এক টকা নিদিয়াকৈ চৰকাৰী আঁচনিৰ সুবিধা পাব৷বক্তব্যত কয়, যদি অসম আগবাঢ়িছে, বিটিআৰ আগবাঢ়িব লাগিব৷বিটিচিত বিজেপি চৰকাৰ আহিলে চাউল, নিমখ, দাইল, চেনীৰ উপৰি গেছৰ ২৫০ টকা দিব৷বিজেপিৰ দিনত ছাত্ৰীয় চাইেকল, স্কুটি, নিযুত মইনা আঁচনিৰ ধন পাই আছে৷মেট্ৰিক পৰীক্ষাৰ্থীক তিনিশ টকাও দিব৷
এতিয়া ভিচিডিচিয়ে দুখীয়া দৰিদ্ৰক আঁচনিৰ ধন নিদিয়ে৷বিজেপি আহিলে ভিচিডিচিক গাঁতত সোমাই দিব৷অন্য ঠাইত ভিচিডিচি নাই৷কাৰণে সুবিধা পাইছে৷এতিয়া খানা খুৱাই আছে৷খানা ৰাইজৰ টকাৰে খুৱাই আছে৷ইয়াত ঘৰ আহিলে দহ হাজাৰ টকা লব৷গাঁতত সোমাই দিলে টকা লব নোৱাৰিব৷বিজেপি আহিলে কাৰো পকেটত আঁচনিৰ ধন নোসোমাব৷
দিল্লীত বিজেপি ৰাজ্যত বিজেপি আৰু সম অধিকাৰ আৰু সমান মৰ্যাদাৰ সৈতে আগবাঢ়ি যাব পাৰিব৷সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে মৰ্যাদা সহকাৰে জীৱাই থাকিব৷বক্তব্যত কয়, গোষ্ঠী সংঘৰ্ষত পঞ্চাশ হাজাৰ টকা দিব৷বিটিচিত বিজেপিয়ে নতুন বিটিচি নিৰ্মাণ কৰিবলৈ বিজেপিক এটা সুযোগ দিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, বিটিচিত এইবাৰ গাড়ীত নেজেই .বলবম যাত্ৰাত মৃত্যু হোবা লোকে সহায় পোৱা নাই৷পৰিয়ালে পাঁচ লাখ পাব৷গুৰুফেলাত স্বাস্থ্য কেন্দ্ৰ, ডিগ্ৰী কলেজ, ষ্টেডিয়াম, মন্দিৰ নামঘৰ উন্নতি, ৰাস্তা উন্নতি কৰিব দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে৷নিৰ্বাচনী প্ৰচাৰ সভাত কয়, বিটিচিত এইবাৰ গাড়ীৰ তেল বিজেপিয়ে ভৰাব, আৰু ড্ৰাইভাৰ বিজেপি হ’ব লাগিব৷তেতিয়াহলে সকলো সমস্যা সমাধান হ’ব৷কাইলৈ বা পৰহিৰ পৰা তিনিখন ৰেল গোসাঁইগাঁৱত ৰখিব বুলিও ৰাইজক অৱগত কৰে৷নিৰ্বাচনী প্ৰচাৰ সভাত
কাৰ্বিআংলংৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংয়ে কয়, গোসাঁই বসুমতাৰীক আশীৰ্বাদ আৰু মৰম দিবলৈ আহিছে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবলৈ আহিছে৷অসমৰ বিভিন্ন স্থানৰ লগতে কাৰ্বিআংলং, ডিমাহাছাওৰ লগতে বিটিচিত অশান্তিৰ অৱসান ঘটাই আলাপ আলোচনাৰ মাজেৰে শান্তি আনিছে৷সভাত দলীয় প্ৰাৰ্থী গোসাঁই বসুমতাৰীয়ে বক্তব্য দিয়ে৷নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী অশোক সিংঘালৰ উপৰি আন বহু নেতাই উপস্থিত থাকে৷
নিয়মীয়া বাৰ্তা, শ্ৰীৰামপুৰ ১৫ ছেপ্টেম্বৰ