নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰসিং চৰত মাজনিশা চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

ধুবুৰী–দক্ষিণ শালমাৰাত ব্রহ্মপুত্রত চোৰাং গো–ধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান

নিয়মীয়া বাৰ্তা ১৪ জুনঃ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে ধুবুৰী আৰক্ষীৰ কঠোৰ অভিযান৷ আনকি নিশাৰ ভাগতো নদী পথেৰে বাংলাদেশলৈ চোৰাং কৈ সৰবৰাহ কৰা চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান৷ যোৱানিশা ধুবুৰীৰ সমীপৰ ব্রহ্মপুত্রত ধুবুৰী আৰক্ষীয়ে নাওৰে গৰুৰ চোৰাং বেপাৰীৰ বিৰূদ্ধে চলেৱা এক অভিযানত বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অনা ৩০টাকৈ গৰু উদ্ধাৰ হয়৷ জানিব পৰা মতে, ধুবুৰী চহৰৰ পার্শ্বৱর্তী বীৰসিং নামৰ এটা চৰাঞ্চলৰ সমীপৰ ব্রহ্মপুত্রইদি যোৱানিশা চোৰাংকৈ বাংলাদেশলৈ গৰু সৰবৰাহ হোৱাৰ এক তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে৷ উক্ত তথ্যৰ ভিত্তিত কালি গভীৰ নিশা ধুবুৰী সদৰ থানাৰ এটা আৰক্ষীৰ দলে নাও এখনেৰে আৰম্ভ কৰিছিল এক বিশেষ অভিযান৷

অভিযানকালত আৰক্ষীৰ দলটোৱে বীৰসিঙৰ সমীপৰ ব্রহ্মপুত্রত নাও এখনত গৰুৰ চোৰাং বেপাৰীৰ দল এটাক প্রত্যক্ষ কৰি দলটোক কৰায়ত্ত কৰিবলৈ প্রচেষ্টা চলায়৷ ইপিনে আৰক্ষীৰ অভিযানৰ উমান পাই গৰু সৰবৰাহকাৰী দলটোৱে দা আৰু অন্যান্য চোকা অস্ত্রৰে আক্রমণ কৰিবলৈ উদ্যত হয়৷ তেতিয়া আত্মৰক্ষাৰ বাবে আৰক্ষীৰ ৬ জাঁই গুলীচালনা কৰে৷ আৰক্ষীয়ে গুলীচালনা কৰাত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নাৱৰীয়াকে ধৰি গৰুৰ চোৰাং বেপাৰীৰ দলটোৱে নাও এৰি পলায়৷ ইপিনে আৰক্ষীৰ গুলীচালনাত গৰু সৰবৰাহকাৰী দলটোৱে ব্যৱহাৰ কৰা নাওখনৰ তলিৰ একাংশ কিছু ক্ষতিগ্রস্ত হয় যদিও তাত থকা ৩০টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ পলাতক গৰুৰ চোৰাং ব্যৱসায়ীকেইটাৰ সন্ধানত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে৷
দক্ষিণ শালমাৰাৰ ৰাভাটাৰীত গৰুভর্তি নাও ফুটা কৰি পলাল চোৰাং গৰু সৰবৰাহকাৰী
দক্ষিণ শালমাৰা–মানকাচৰ আৰক্ষী জিলাৰ অধীনস্থ দক্ষিণ শালমাৰা থানা এলেকাৰ চৰ ৰাভাটাৰীত আজি পুৱাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই ৭টা গৰুসহ এটা চোৰাং গৰু সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ইফালে ব্রহ্মপুত্রৰ মাজত নাওখনত থকা আন কেইবাটাও গৰু সৰবৰাহকাৰী গৰু থকা নাওখন ফুটা কৰি দি নদী সাঁতুৰি পলায়ন কৰে৷

উল্লেখ্য যে আজি পুৱা প্রায় ৬ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্রাপ্ত বিষয়া অতুল ৰয় প্রধানীৰ নেতৃত্বত আৰক্ষীৰ দল এটা ব্রহ্মপুত্রত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে অভিযান চলায়৷ তেনে সময়ত গৰু সৰবৰাহকাৰী চক্র এটাই বাংলাদেশৰ ফালে নাওত গৰু লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে নাওখন জব্দ কৰাৰ চেষ্টা কৰে৷ কিন্তু আৰক্ষীক দেখি কেইবাজনো গৰু সৰবৰাহকাৰী গৰু থকা নাওখন ফুটা কৰি দি নৈত জাঁপ মাৰি সাঁতুৰি পলায়ন কৰে৷ আৰক্ষীয়ে কোনোমতে এজনক কৰায়ত্ত কৰাৰ লগতে নাওখনত থকা মুঠ ৭টা গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ নাও ডুব যোৱাৰ ফলত এটা গৰু মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে৷

ধৃত গৰু সৰবৰাহকাৰীটোক দক্ষিণ শালমাৰাৰ মোগাৰচৰৰ আব্দুল গনিৰ পুত্র আশ্রফ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ ইতিমধ্যে গৰু সৰবৰাহকাৰীটোক ধুবুৰী আদালতলৈ প্রেৰণ কৰাৰ পাছত আদালতে জে’ললৈ প্রেৰণ কৰে বুলি জানিব পৰা গৈছে৷ ইফালে মানকাচৰ থানা এলেকাৰ ভাৰত–বাংলাদেশ সীমান্তৰ গুদলিগাঁও বি এছ এফ কেম্প এলেকাৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে আজি দুটাকৈ গৰু জব্দ কৰি মানকাচৰ আৰক্ষীক গতাই দিয়ে৷ জানিব পৰা মতে, চোৰাং গৰু দুটা আজি পুৱতিনিশা এটা গৰু সৰবৰাহকাৰীয়ে কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ চালনা কৰিবলৈ চেষ্টা চলাইছিল৷ কিন্তু টহলধাৰী বি এছ এফে এই ঘটনা প্রত্যক্ষ কৰাত গৰু দুটা থৈ সৰবৰাহকাৰীটো সীমান্তৰ পৰা পলায়ন কৰে৷ পাছত বি এছ এফে গৰু দুটা জব্দ কৰি আৰক্ষীক চমজাই দিয়ে বুলি জানিব পৰা গৈছে৷

You might also like