সোণাপুৰত ধনৰ বিনিময়ত অবৈধ পাহাৰ খনন, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অংগুষ্ঠ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিমৰীয়াত পাহাৰ খনন বন্ধ কৰা নিৰ্দেশ দিছে।
কিন্তু সেই সময়তে মুখ্যমন্ত্ৰীৰ কথা অংগুষ্ঠ প্ৰৰ্দশন কৰি সোণাপুৰৰ মৈৰাকুছিত নিশাৰ আন্ধাৰত চলিছে পাহাৰ খনন।
জনৈক বৰ্মন উপাধিৰ বন বিষয়া এজনৰ সৈতে বনদস্যুৰ গোপন বুজাবুজিৰে নিশা প্ৰায়ে চলি থাকে পাহাৰ খনন।
প্ৰতিটো নিশা পাহাৰ খননৰ বাবদ সোণাপুৰৰ জনৈক বৰ্মন উপাধিৰ বিষয়াজনে সংগ্ৰহ কৰে দহ হাজাৰকৈ টকা। ধনৰ অংশ লাভ কৰে পূব কামৰূপ বন সংমণ্ডলৰ ডিএফ অ’ই।
সেয়েহে সকলো দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰিছে ডিএফঅ’ অশোক দেৱচৌধুৰীয়ে।