তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰৰ কিছু নিলগত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কালীপূজা দেৱী বিসৰ্জন পুখুৰীৰ পাৰৰ পৰা ড’ছ এণ্ড কোম্পানী ৱাইন ষ্টোৰৰ সমীপলৈকে অবৈধভাৱে গঢ় লৈ উঠা টেংকাৰ পাৰ্কিং ব্যৱস্থাক লৈ স্থানীয় জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা বহল কৰাৰ ফলত পথৰ এটা দিশত ডিগবৈ আই অ’ চিৰ গোলাইস্থিত টাৰ্মিনেলৰ পৰা তেল নিবলৈ অহা টেংকাৰসমূহে তেল নিবলৈ আহি পথৰ কাষত বিপজ্জনকভাৱে পাৰ্কিং কৰি ৰখাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱা সংকুচিত হৈ পৰিছে। ২৪ ঘণ্টাই অত্যন্ত ব্যস্ত পথছোৱা সংকুচিত হৈ পৰাৰ ফলত যাতায়াত ব্যৱস্থাত আহুকালৰ সৃষ্টি হৈছে। ফলত উক্ত ঠাই টুকুৰাত যিকোনো মূহুৰ্তত ভয়াৱহ পথ দুৰ্ঘটনা সম্ভাব্যস্থলীত পৰিণত হৈছে।
ডিগবৈ আই অ’ চি টাৰ্মিনেললৈ তেল নিবলৈ আহি পথৰ দাঁতিত ৰহস্যজনকভাৱে বহু সময় ধৰি পাৰ্কিং কৰি ৰখাক লৈ ৰহস্যৰ ঘনীভূত হৈছে। ইপিনে, ডিগবৈ শোধনাগাৰৰ দ্বাৰা উৎপাদিত উচ্চ দাহ্য ক্ষমতাসম্পন্ন ইথানল, পেট্ৰল, ডিজেল কঢ়িয়াই অনা বহুসংখ্যক টেংকাৰে নিজ নিজ গন্তব্য স্থানলৈ যোৱাৰ পূৰ্বে ড’ছ এণ্ড কোম্পানী ৱাইন ষ্টোৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ঘণ্টা ধৰি টেংকাৰসমূহ পাৰ্কিং কৰি ৰখাৰ পিছতো স্থানীয় প্ৰশাসনৰ লগতে আই অ’ চি কৰ্তৃপক্ষৰ চকুত নপৰাটো চৰম পৰিতাপৰ বিষয়ত পৰিগণিত হৈছে।
ইথালনৰ দৰে উচ্চ দাহ্য ক্ষমতাসম্পন্ন তেলভৰ্তি টেংকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিপজ্জনকভাৱে ৰখাই থোৱাত কাষৰ জনবসতি অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে মাথোঁ এশ মিটাৰ নিলগত অৱস্থিত ঐতিহাসিক ডিগবৈ শোধনাগাৰটোলৈও চৰম ভাবুকি কঢ়িয়াই অনাৰ উপক্ৰম ঘটিছে বুলিব পাৰি। তদুপৰি, উক্ত স্থানত বিভিন্ন স্থানৰ চালকসকলৰ সমাগম ঘটাৰ ফলত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱাৰ বিষয়টোও নুই কৰিব নোৱাৰি।
এক অসমৰ্থিত সূত্ৰে জানিব পৰা অনুসৰি, নিশাৰ ভাগত তেলভৰ্তি টেংকাৰসমূহ অবৈধভাৱে উক্ত স্থানত পাৰ্কিং কৰি বিভিন্ন পক্ষৰে গোপন বুজাবুজিৰে চোৰাং তেলৰ ব্যৱসায় চলাই আহিছে বুলি সচেতন মহলত চৰ্চা লাভ কৰিছে। উচ্চ দাহন ক্ষমতাসম্পন্ন তেল পৰিবাহী টেংকাৰসমূহক এই স্থানত পাৰ্কিং কৰিবলৈ কোনে অনুজ্ঞা প্ৰদান কৰিছে অথবা কাৰ ছত্ৰছায়াত পাৰ্কিং স্থান গঢ় লৈ উঠিছে সেয়াও ৰহস্যৰ আৱৰ্তত।
উল্লেখ্য যে বিগত বৰ্ষৰ ৩০ অক্টোবৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত আই অ’ চিৰ ডিগবৈ গোলাই টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এখন তেলভৰ্তি টেংকাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ কাষতে পাৰ্কিং কৰি ৰখা তেলভৰ্তি টেংকাৰলৈ জুই বিয়পি পৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ লোৱাৰ সময়তে সৌভাগ্যক্ৰমে অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল স্থানীয় অগ্নিনিৰ্বাপক বাহিনী । তদুপৰি অসুৰক্ষিতভাৱে অতি দাহ্য ইথানল, পেট্ৰল, ডিজেলভৰ্তি টেংকাৰসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰখাই থোৱাৰ বাবে স্থানীয় লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আই অ’ চিৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনক দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই যাৱতীয় ব্যৱস্থা গ্ৰহণেৰে তেল পৰিবাহী টেংকাৰসমূহক নিৰাপদ তথা সুৰক্ষিত স্থানত পাৰ্কিঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অন্যথা যিকোনো মূহুৰ্তত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে।