নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাকুমত মছজিদতে ইমামক ঘপিয়াই হত্যা

🔹 ফজৰৰ নামাজৰ পিছতে শিহৰণকাৰী ঘটনা

নিয়মীয়া বার্তা, মাকুম, ৬ নৱেম্বৰ : তিনিচুকীয়া জিলাৰ মাকুমৰ কলাবাৰীত থকা মছজিদত ইমাম হিচাপে কর্মৰত বিহাৰৰ তেজীব্বুৰ ইছলাম নামৰ ৫৫ বছৰীয়া লোকজনক কালি পুৱতিনিশা ৪ বজাৰ আজানৰ পিছতে এজন লোকে চোকা অস্ত্রৰে ডিঙিত ঘপিয়াই হত্যা কৰে৷ ইফালে পুৱা ৪ বজাত আন দিনাৰ দৰে নামাজ আদায় কৰাৰ পিছতে ইমামজনক দুর্বৃত্তই এখন চোকা দাৰে ঘপিয়াই আহত কৰা বুলি এজন প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়ে৷ প্রত্যক্ষদর্শীজনৰ ভাষ্য অনুসৰি দুর্বৃত্তই চোকা দাৰে প্রথমে আক্রমণ কৰি মাটিত বগৰাই পেলোৱা ইমামক চোঁচৰাই নি হত্যা কৰে৷ প্রত্যক্ষদর্শীজনে হত্যাকাৰীজনৰ মুখমণ্ডল চিনাক্ত কৰিব নোৱাৰি পিছত চিঞৰ–বাখৰ কৰাত অঞ্চলটোৰ ৰাইজ সমৱেত হৈ আৰক্ষীক খবৰ দিয়াত মাকুম আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ ইপিনে, প্রত্যক্ষদর্শীজনৰ ভাষ্যত বহু লোকে সন্দেহ প্রকাশ কৰাৰ লগতে কিহৰ বাবে হত্যাকাণ্ডটো সংঘটিত হ’ল, তাক লৈ এতিয়া প্রতিক্রিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ ঘটনাৰে জড়িত দুজনক আটক কৰিছে৷ তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাস আৰু মাকুম থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰৰাজ বৰুৱাই নিজকে প্রত্যক্ষদর্শী বুলি সংবাদ মাধ্যমত দাবী কৰি কলাবাৰীৰ ইব্রাহিম আহমেদেই ব্যক্তিগত কাজিয়াৰ বাবে হত্যাকাণ্ডটো সংঘটিত কৰা বুলি প্রাথমিক তদন্ততে নিশ্চিত কৰি ইব্রাহিমক আটক কৰি হত্যাত ব্যৱহাৰ কৰা দাখন জব্দ কৰিছে৷ মাকুমৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দর্ভত অনুসন্ধান অব্যাহত ৰাখিছে৷

You might also like