নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দৰে কুৎসিত মনৰ মানুহৰ ‘ইণ্ডিয়া’ত স্থান নাই

🔹 বদৰুদ্দিনক নৰাধম আখ্যা ভূপেন বৰাৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ নৱেম্বৰ : এ আই ইউ ডি এফৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলক নৰাধম আখ্যা দিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ কালি গুৱাহাটীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্রত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে নৰাধম মানে হৈছে নৰৰ অধম৷ দেখিবলৈ মানুহৰ নিচিনা যদিও অধম৷ যিজনে জাতিক সমৃদ্ধ, উজ্জীৱিত, প্রাণৱন্ত কৰিব পাৰে, সেইজন মানুহ৷ কিন্তু নৰাধমে জাতিক কলুষিত কৰিব বিচাৰে, নিম্ন পর্যায়লৈ নিব বিচাৰে৷ মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে– অধমে কেৱল দোষ দেখে, মধ্যমে দোষ–গুণ বিচাৰ কৰে, উত্তমে গুণকে দেখে, উত্তমৰ উত্তমে কেৱল অল্পগুণ বিস্তাৰ কৰে৷ সভাপতি বৰাই আৰু কয় যে স্কুলীয়া ল’ৰা–ছোৱালীকো যদি সোধা যায় তেতিয়াহ’লে মৌলানা বদৰুদ্দিন আজমলক নৰাধম বুলিয়ে ক’ব৷ আজমলৰ দৰে লেতেৰা, কুৎসিত মনৰ মানুহক ‘ইণ্ডিয়া’ত স্থান দিব নোৱাৰোঁ বুলিও তেওঁ মন্তব্য কৰে৷

অগপ–ইউপিপিএলৰ লগতে বিপিএফেও বিজেপিৰ জার্ছী পিন্ধি আছে

নিয়মীয়া বার্তা, ৰঙিয়া : ৰঙিয়াত কালি কংগ্রেছ দলৰ অটুট বন্ধন কার্যসূচীত অংশগ্রহণ কৰাৰ পাছত সংবাদ মাধ্যমৰে হোৱা বার্তালাপত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই অগপ, ইউপিপিএলৰ লগতে বিপিএফ দলেও বিজেপিৰ জার্ছী পিন্ধি আছে বুলি মন্তব্য কৰে৷ বৰাই কয় যে ৰাইজ এই দলকেইটাৰ বিষয়ে ভালদৰে অৱগত৷ ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপিক মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে বিজেপিক মিঞাৰ ভোট নালাগিব পাৰে৷ কিন্তু আমাক অসমৰ প্রতিগৰাকী নাগৰিকৰে ভোট লাগে৷ আসন্ন লোকসভা নির্বাচনত বিজেপিয়ে অগপক মাত্র এখন আসন এৰি দিয়াৰ প্রসংগতো বৰাই কয় যে বিজেপিয়ে অগপক অকল প্রতাৰণা কৰাই নহয়, অজগৰৰ দৰে গিলি পেলাব ধৰিছে৷ আনহাতে, জলেশ্বৰৰ কংগ্রেছ বিধায়ক আফতাব উদ্দিন মোল্লাই এখন ৰাজহুৱা সভাত হিন্দুৱে আটাইতকৈ বেছি ব্যভিচাৰ কৰে৷ যিমান ধর্ষণ হয় তাৰে বেছিভাগেই মন্দিৰৰ সাধু, নামঘৰীয়া বুলি কৰা মন্তব্য সন্দর্ভত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে বিধায়কগৰাকীয়ে কিয় তেনেকুৱা মন্তব্য কৰিলে আমি অজ্ঞাত৷ আমি সাম্প্রদায়িক ৰাজনীতিক প্রশ্রয় নিদিওঁ৷ এই সন্দর্ভত বিধায়কগৰাকীক স্থিতি স্পষ্ট কৰিবলৈ নির্দেশ দিয়া হৈছে৷ নির্দিষ্ট সময়সীমাৰ ভিতৰত স্থিতি স্পষ্ট নকৰিলে বিধায়কগৰাকীৰ ওপৰত কি ব্যৱস্থা লোৱা হ’ব, সেয়া সকলোৱে গম পাব৷ ইফালে, ভূপেন বৰাৰ এই নির্দেশৰ পিছতে বিধায়ক মোল্লাই ৰাজহুৱাভাৱে ক্ষমা প্রার্থনা বিচাৰি নিজৰ অনিচ্ছাকৃত ভুলৰ বাবে সমগ্র অসমবাসীৰ ওচৰত অনুশোচনা প্রকাশ কৰিছে বুলি প্রদেশ কংগ্রেছে এক বিজ্ঞপ্তিযোগে জনাইছে৷

You might also like