নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কার্যকালতহে বৃদ্ধি হৈছে চাহ শ্রমিকৰ দৈনিক মজুৰি

প্রিয়ংকা গান্ধীক চোকা সমালোচনা মন্ত্রী সঞ্জয় কিষাণৰ

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত চাহ জনগোষ্ঠীয় লোকৰ ওচৰত থিয় দিয়া কংগ্রেছৰ শীর্ষনেত্রী প্রিয়ংকা গান্ধীৰ শেহতীয়া ভ্রমণক লৈ আজি সৰৱ হৈ পৰিল ৰাজ্যিক বিজেপি৷ আজি খানাপাৰাস্থিত বিজেপিৰ ৰাজ্যিক নির্বাচনী সংবাদ কোষৰ কার্যালয়ত এখন সংবাদ মেল আয়োজন কৰি ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণ আৰু দলৰ মুখপাত্র সুভাষ দত্তই ছোনিয়া তনয়াক তীব্র সমালোচনা কৰি কয়– চাহ জনগোষ্ঠীৰ কাষত থিয় হৈ প্রিয়ংকা গান্ধীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে৷ দেশৰ স্বাধীনতাৰ পিছতো চাহ শ্রমিকসকলে বোকা–পানী গচকি কামলৈ যাব লগা হৈছিল৷ সেই সময়ত কিন্তু চাহ শ্রমিকৰ দুর্দশা কংগ্রেছৰ চকুত পৰা নাছিল৷ বিগত পাঁচটা বছৰ বিজেপিৰ কার্যকালত চাহ জনগোষ্ঠীয় ৰাইজৰ আর্থ–সামাজিক উন্নয়নৰ লগতে চাহ অধ্যুষিত এলেকাত হোৱা অভাৱনীয় আন্তঃগাঁথনিৰ উন্নয়নে চাহ শ্রমিকৰ দৈনন্দিন জীৱনৰ বহু উন্নতি হৈছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ চৰকাৰৰ কার্যকালত প্রতিটো ক্ষেত্রতে অৱহেলিত আছিল চাহ জনগোষ্ঠীয় ৰাইজ৷ চাহ শ্রমিকৰ দুর্দশাৰ ছবিখন নেদেখা প্রিয়ংকা গান্ধীয়ে নির্বাচনৰ পূর্বে চাহ শ্রমিকৰ ওচৰত থিয় হৈ কেৱল নাটকহে কৰিলে৷ সংবাদ মেলত ৰাজ্যিক মন্ত্রীগৰাকীয়ে কয়– পূর্বে চাহ বাগিচা অঞ্চলত প্রসূতিৰ লগতে শিশুৰ মৃত্যুৰ হাৰ সর্বাধিক আছিল৷ কিন্তু বিজেপি চৰকাৰৰ দিনত প্রসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট হ্রাস পালে৷ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ মাতৃসকলক ১২ হাজাৰ টকাকৈ আথিক অনুদানেৰে স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাহ অঞ্চলত জনসাধাৰণৰ শিক্ষাৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰি চাহ বাগিচা এলেকাত ১১৯খন হাইস্কুল স্থাপন কৰাৰ লগতে চলিত বিত্তীয় বর্ষত নৱম আৰু দশম শ্রেণীত অধ্যয়ৰত ২,৫২৯গৰাকী ছাত্র–ছাত্রীলৈ ৩,০০০ টকাকৈ বিনামূলীয়া বিত্তীয় অনুদান, চাইমন সিং হৰ প্রৱেশিকা–উত্তৰ বিশেষ জলপানিৰ অধীনত ৰাজ্যৰ ৩,২৬১গৰাকী ছাত্র–ছাত্রীলৈ ১০ হাজাৰ টকাৰ এককালীন বিত্তীয় অনুদান প্রদান কৰিছে৷ সেয়াই নহয়, চাহ বাগিচাৰ দ্বাৰা পৰিচালিত ৪২৮খন বিদ্যালয়ৰ মুঠ ৫১,০৩২গৰাকী ছাত্র–ছাত্রীৰ বাবে দুযোৰকৈ ইউনিফর্ম যোগান ধৰাৰ লগতে চাহ বাগিচা এলেকাৰ যুৱক–যুৱতীসকলক্ স্বনিয়োজনৰ বাবে শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ জৰিয়তে মুঠ ১৫,১৬৮গৰাকী যুৱক–যুৱতীলৈ ২৫ হাজাৰ টকাকৈ আর্থিক অনুদান প্রদান কৰিছে৷ দেশৰ স্বাধীনতাৰ ৬০ বছৰ পিছতো চাহ শ্রমিকসকলৰ বেংক একাউণ্ট নাছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত গঠন হোৱা কেন্দ্রীয় চৰকাৰে প্রতিগৰাকী চাহ শ্রমিকৰ বেংক একাউণ্ট খুলি দিয়াই নহয়, এই একাউণ্টত পাঁচ হাজাৰ টকাকৈ জমা কৰা হ’ল৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে বাজেটত ১০ কোটি টকা ব্যয়সাপেক্ষে প্রথমবাৰৰ বাবে অসম চাহ শ্রমিক ভৱিষ্যনিধি গঠন কৰিছে৷ চাহ শ্রমিকৰ হৈ বিজেপিয়ে বিগত পাঁচ বছৰত কৰা উন্নয়নৰ বিপৰীতে কংগ্রেছে কেৱল ভোটবেংকৰ স্বার্থতে চাহ শ্রমিকক ব্যৱহাৰ কৰি আহিছে৷ নির্বাচনৰ প্রাক্ক্ষণত চাহ শ্রমিকক লৈ ঘঁৰিয়ালৰ চকুপানী টোকা প্রিয়ংকা গান্ধীয়ে কেৱল চাহ জনগোষ্ঠীয় ৰাইজৰ লগত শেহতীয়াকৈ নাটকহে কৰিলে৷ ইফালে সংবাদ মেলত উপস্থিত থকা মুখপাত্র সুভাষ দত্তই কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত ৩৯খন সাংগঠনিক জিলা, চাৰি লাখ পৃষ্ঠাপ্রমুখ, ২৮ হাজাৰ বুথ, ৪২ লাখৰো অধিক কার্যকর্তাৰ সহায়ত বিজেপিয়ে এইবাৰ ১০০খনৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হ’ব৷ আজিৰ সংবাদ মেলত দলৰ মিডিয়া পেনেলিষ্ট ঋতুবৰণ শর্মা আৰু সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল উপস্থিত আছিল৷

You might also like