নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানৰ চাহ বাগিচাৰ ফটো শ্বেয়াৰ কৰি অসম বচাব কংগ্ৰেছে

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ  অসম বচাঁও অভিযানৰ নামত কংগ্ৰেছ দলে যে তীব্ৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱা গৈছে তাৰ পুনৰ প্ৰমাণ পোৱা গ’ল। দৰাচলতে কংগ্ৰেছৰ অসম বচাঁও ফেচবুক পেজত অসমৰ চাহ বাগিচাৰ এখন ফটো শ্বেয়াৰ কৰিছিল । কিন্তু সেইখন অসমৰ চাহ বাগিচাৰ ফটো নাছিল, সেইখন নানাটো চাহ বাগিছা নানটঙ টাইৱানৰহে আছিল।

এই সন্দৰ্ভত টুইট কৰিছে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে টুইটত লিখিছে যে কংগ্ৰেছে টাইৱানৰ চাহ বাগিছাৰ ফটো দি কয় যে অসম বচাঁও। কংগ্ৰেছৰ নেতাই অসম খনেই চিনি নাপাই নেকি। ৰাজ্যখনৰ লগতে চাহ শ্ৰমিককো অপমান কৰিছে কংগ্ৰেছে।

এই সন্দৰ্ভত এজন সচেতন যুৱকে কয় যে যি কংগ্ৰেছে অসমৰ চাহ বাগিচা খনকে চিনি নাপায় তেনে সময়ক অসমক বচাব লাগে বুলি নিজেই হাঁহিয়তাৰ পাত্ৰ হৈছে। ই অসমৰ ভূমিপুত্ৰ চাহ শ্ৰমিকসকলক তীব্ৰ অপমান কৰিছে কংগ্ৰেছে।

পল্লৱ তাঁতী নামৰ এজন যুৱকে কয় যে কংগ্ৰেছে সমগ্ৰ অসমৰ লগতে চাহ বাগিচা আৰু চাহ শ্ৰমিক সকলক অপমান কৰিলে। নিজৰ ৰাজ্যখনৰ চাহ বাগিচা সমূহ চিনি নাপায় কিন্তু চাহ শ্ৰমিকৰ সমস্যা সমাধান কৰিব বুলি কয়। কংগ্ৰেছে এই সন্দৰ্ভত ৰাজ্যখনৰ লগতে সমগ্ৰ চাহ জনগোষ্ঠীক ক্ষমা খুজিব লাগে।

উল্লেখ্য যে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱদ্ৰাই মঙলবাৰে প্রতাপগড় চাহ বাগিচাত এঘণ্টাৰো অধিক সময় চাহ শ্ৰমিকৰ সৈতে কটাইছিল, লগতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চাহ বাগিচাৰ কৰ্মীক ৩৬৫ টকাকৈ পাৰিশ্ৰমিক দিয়া হ’ব। এতিয়া প্ৰশ্ন হৈছে কংগ্ৰেছ নেতৃত্বই কেৱল নিৰ্বাচনী চমক দেখুৱাবলৈ প্ৰিয়ংকাক চাহ বাগিচালৈ আনিছিল নেকি যি নেতৃত্বই অসমৰ চাহ বাগান সমূহকে চিনি নাপায়।

You might also like