নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত ১২ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৪,৯৪,৪০৪গৰাকী ভোটাৰে

🔹 দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ৪ মে’ : ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিবলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত ১নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ পৰিছে ৷ ৰাজ্যৰ লগতে দিল্লীৰ ৰাজনীতিতো এক লেখত ল’বলগীয়া সমষ্টি হিচাপে বিবেচিত হোৱা কোকৰাঝাৰ লোকসভ সমষ্টিটো শাসক-বিৰোধী সকলোৱে নিজৰ দখললৈ নিয়াৰ বাবে তীব্ৰ নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হৈছে ৷ কোকৰাঝাৰ, বাওখুংগ্ৰী, দোতমা, গোসাঁইগাঁও, পৰ্বতঝোৰা, ছিদলী, চিৰাং, বিজনী, মানাহ আৰু বাক্সা আদিকে ধৰি মুঠ ৯টাকৈ বিধানসভা সমষ্টিৰে গঠিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চুকে-কোণে প্ৰতিটো ৰাজনৈতিক দলৰ উপৰি নিৰ্দলীয় প্ৰাৰ্থীসকলেও দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক দিল্লীলৈ প্ৰেৰণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিটিআৰপ্ৰধান প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী ক্ৰমে অশোক সিংহল, পীয়ূষ হাজৰিকা, ইউজি ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰীসহ বিটিআৰৰ সকলো কাৰ্যবাহী সদস্য, এমচিএলৰ লগতে বিজেপিৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ শীৰ্ষ পৰ্যায়ৰ বিষয়ববীয়াসকলেও মাৰাথন প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে ১৪,৯৪,৪০৪গৰাকী ভোটাৰ থকা কোকৰাঝাৰ লোকসভা সমষ্টিত এইবেলি মুঠ ১২গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হৈছে ৷ সমষ্টিটোৰ সাম্প্ৰতিক নিৰ্বাচনী যুজঁখনত শাসকীয় এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ উভয় দলে ভোটাৰ ৰাইজৰ কাষ চাপি জনসমৰ্থন আদায় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ সমষ্টিটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী গৰ্জন মুছাহাৰীও পিছপৰি নাথাকি প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ তদুপৰি গণ সুৰক্ষা পাৰ্টীৰ বিনীতা ডেকা, অবড়ো সুৰক্ষা সমিতিৰ জোন দাস, তৃণমূল কংগ্ৰেছৰ গৌৰীশংকৰ শৰণীয়া, ভোটাৰ পাৰ্টী ইন্টাৰনেচনেলৰ ললিত পেগু, পাব্লিক ৰিলেচন পাৰ্টীৰ ৰণঞ্জয় ব্ৰহ্মকে ধৰি নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অজয় নাৰ্জাৰী, তৃপ্তিনা ৰাভা, পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু পংকজ ইছলাৰীয়ে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷ প্ৰণিধানযোগ্য যে অহা ৭ মে’ত ৰাজ্যত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিত বড়ো আৰু ধৰ্মীয় সংখ্যালঘু ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য ৷ কিয়নো সমষ্টিটোত প্ৰথম স্থানত বড়ো আৰু দ্বিতীয় স্থানত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে৷ সেয়ে সমষ্টিটোত এইবেলি এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ মাজত মূল যুজঁ হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

প্ৰেৰক শুকুৰ আকন্দ

You might also like