নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত কমেডিয়ান চোৰঃ চুৰ কৰি লিখিলে- ‘I AM SORRY’, খালে ফলমূল

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ কলিয়াবৰত সংঘটিত এটা চুৰিকাৰ্যই হাঁহিৰ খোৰাক দিলে সকলোকে। ধৰ্মৰ প্ৰতি অপাৰ ভক্তিৰ প্ৰমাণ দি চোৰে ঘৰৰ আচবাব, টকা লুট কৰি লৈ যায় যদিও নোসোমায় গোসাঁইঘৰত। ধৰ্মীয় চোৰজনে আনকি নিজৰ চুৰিকাৰ্যক লৈও দুখ প্ৰকাশ কৰি গোসাঁইঘৰৰ পকীবেৰত লিখি থৈ যায়-‘I AM SORRY, আমি গোসাঁইঘৰত সোমোৱা নাই।’

কলিয়াবৰৰ শিলঘাটৰ প্ৰাক্তন শিক্ষক দল বৰুৱাৰ ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড। গৃহস্থ নথকাৰ সুবিধাতে দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে নগদ ধন, টিভি, বাচন-বৰ্তনৰ লগতে অন‍্যান‍্য সামগ্ৰী চুৰ কৰি নিয়ে। পাকঘৰৰ পৰা ফলমূলো খায় চোৰে।

পিছে চোৰ নোসোমায় গোসাঁইঘৰত। এই বতৰা দিবলৈ চোৰে লিখি থৈ যায় ‘I AM SORRY, আমি গোসাঁই ঘৰত সোমোৱা নাই।’ চোৰৰ কাৰ্য দেখি এতিয়া গৃহস্থয়ো বুজি পোৱা নাই তেওঁলোকে কান্দিব নে হাঁহিব।

You might also like