নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

World Aids Day: ৪০ বছৰ অতিক্ৰম কৰাৰ পাছতো কিয় আবিষ্কাৰ নহ’ল AIDS ৰ ভেকচিন?

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ সমগ্র বিশ্ববাসীয়ে ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি আহিছে৷ এইডছ আই ভি ৰোগত আক্রান্ত লোকক মানসিকভাৱে সবল আৰু জনসাধাৰণৰ মাজত এইডছৰ ভয়াৱহতাৰ সম্পর্কে সজাগতা সৃষ্টি কৰা এই দিৱসৰ অন্যতম লক্ষ্য৷

এইডছ হৈছে এনে বিপজ্জনক ৰোগৰ মাজত এটা যাৰ আজি পর্যন্ত কোনো টিকা তৈয়াৰ হোৱা নাই। বিশেষজ্ঞই কৈছে যে এন্টি-ৰেট্রোভাইৰেল থেৰাপি আৰু ঔষধৰ মাধ্যমেৰে এইডছৰ প্রভাব হ্ৰাস কৰিব পাৰি, কিন্তু এনে কোনো ভেকচিন নাই যাৰ সহায়ত এইচআইভিৰ সংক্রমণ ৰুধ কৰিব পাৰি। ১৯৮০ চনত বিজ্ঞানীসকলে প্রথম এই ৰোগটোৰ সম্পর্কে জানিব পাৰিছিল।

এইচআইভিত ৰোগ প্রতিৰোধ ক্ষমতা- ভেকচিন উৎপাদনকাৰীসকলে কৈছে যে মানৱদেহক ৰক্ষা কৰা দেহৰ এনে প্রতিৰোধ ব্যৱস্থা HIV (হিউমেন ইমিউনোডেফিচিয়েন্সচি ভাইৰাছ) ভাইৰাছৰ বিৰুদ্ধে কোনো প্রতিক্রিয়া নেদেখায়। ৰোগীৰ শৰীৰত ৰোগ প্রতিৰোধক এন্টিবডি তৈয়াৰ কৰে ঠিকেই কিন্তু সংক্রমণৰ গতি হ্ৰাস কৰিবলৈ নোৱাৰে।

এইচআইভি সংক্রমণৰ পাছত ৰোগীৰ পুনৰুদ্ধাৰ প্রায় অসম্ভৱ। এইচআইভিয়ে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতাক একবাৰে নষ্ট কৰি দিয়ে। ফলত বিজ্ঞানীসকলে এনেধৰণৰ ভেকচিন তৈয়াৰ কৰিব নোৱাৰে, যিয়ে দেহত এন্টিবডি উৎপাদন প্রক্রিয়াটোক অনুকৰণ কৰিব পাৰে।

যিবোৰ ভাইৰাছ শ্বাসযন্ত্র আৰু গেস্ট্রো-অন্ত্রৰ চিষ্টেমৰ মাধ্যমেৰে প্রবেশ কৰে, তেনেবোৰ ভেকচিন প্ৰয়োগ কৰি প্ৰতিৰোধ কৰিব পাৰি। কিন্তু এইচআইভি সংক্রমণ যৌনাংগ বা তেজৰ মাধ্যমেৰে শৰীৰত প্ৰৱেশ কৰে।

এইচআইভি হ’ল আৰএনএ ভাইৰাছ। যি খুব দ্রুতহাৰত পৰিৱর্তন হয়। ভেকচিন ভাইৰাছৰ এক নির্দিষ্ট গঠনত তৈয়াৰ হয়। ভাইৰাছটোৱে তাৰ ৰূপ পৰিৱর্তন কৰাৰ লগেলগে তাৰ উপৰত ভেকচিনৰ প্ৰভাৱ কাম কৰা বন্ধ কৰি দিয়ে। এনেবোৰ কাৰণেই আজিলৈকে এইচআইভি ভেকচিন প্রস্তুত কৰাত সফল হোৱা নাই বৈজ্ঞানিকসকল।

You might also like