নলবাৰীত অপূৰ্ব কুমাৰ চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ ‘বিশ্বনাথৰ চয়ন’ উন্মোচন
নলবাৰীৰ জাপাৰকুছিত কবি অপূৰ্ব্ব কুমাৰ চক্ৰৱৰ্তীৰ কাব্যগ্ৰন্থ ‘বিশ্বনাথৰ চয়ন’ কালি সন্ধিয়া নিজ বাসগৃহত উন্মোচন কৰা হয়। কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড০ পূৰ্ণ ভট্টাচাৰ্যই।
ভাষণ প্ৰসংগত তেওঁ কয় যে ‘ বিশ্বনাথৰ চয়ন’ নামৰ কাব্যগ্ৰন্থখনে হৃদয়ৰ সাৰ্বজনীনতা বিস্তাৰিত কৰিছে। কবিতা বা সাহিত্যৰ নন্দনতাত্ত্বিক মূল্যবোধ আবৰি ৰাখিব পৰাটো হ’ল কবিতাৰ অন্যতম ধৰ্ম।
তেওঁ আৰু কয়- এটা অঞ্চলৰ পৰা কবি অপূৰ্ব্ব কুমাৰ চক্ৰৱৰ্তীৰ দৰে কৰ্মযোগী কৰ্মৰ তাড়নাত আন এটা অঞ্চলত গৈ দিহিঙে-দিপাঙে ঘূৰি ফুৰাৰ পিছত সেই মানুহখিনিৰ জীৱনবোধ অসমীয়া সাহিত্যত দাঙি ধৰা কথাটো সহজ নহয়। একোটা অঞ্চল একোটা জীৱনৰ স্বাভিমান।
উন্মোচনী সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ছিপাঝাৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ড০ দেৱব্ৰত বৰদলৈয়ে বিশ্বসাহিত্যৰ পটভূমি সম্পৰ্কে মননশীল আলোচনা কৰাৰ লগতে কবিতা হৃদয়ৰ অনুভূতি বুলি কয়।
কবি অপূৰ্ব্ব কুমাৰ চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত নলবাৰী মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী মূৰব্বী অধ্যাপক ড০ দীনমণি ভাগৱতীয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি মানুহৰ জীৱনবোধ সম্পৰ্কীয় কাব্যগ্ৰন্থখনৰ বিষয়ে আলোকপাত কৰে।
গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভনিতে কবি অপূৰ্ব্ব কুমাৰ চক্ৰৱৰ্তীৰ প্ৰয়াত পিতৃ ডাঃ বেণুধৰ চক্ৰৱৰ্তী, মাতৃ চন্দ্ৰপ্ৰভা দেৱী, শহুৰ জন্মেজয় শৰ্মা, শাহু নীলিমা দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে অৱসৰী বিষয় শিক্ষক অনিল ভট্টাচাৰ্য আৰু মহীধৰ চক্ৰৱৰ্তীয়ে।
ডেৰ শতাধিক সাহিত্যানুৰাগী উপস্থিত থকা সভাত লেখিকা পাপৰি কলিতায়ো বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে কবি চক্ৰৱৰ্তীৰ পত্নী ললিতা দেৱীৰ জন্মদিনটোত উন্মোচন কৰা কাব্যগ্ৰন্থখনৰ উন্মোচনী সভাখনত শিল্পী শংকৰ বৈশ্যৰ ভোৰতাল নৃত্য, মনোৰঞ্জন ভাগৱতীৰ ভজন, চন্দন শৰ্মা, বিজয় ভৰদ্বাজৰ গীত আৰু নিলয় চক্ৰৱৰ্তীৰ বক্তব্যই সকলোকে আকৰ্ষিত কৰে।
নিয়মীয়া বাৰ্তা, বৰভাগ, ১০ ফেব্ৰুৱাৰী