তেজপুৰত অকলশৰীয়া বৃদ্ধ দম্পতীক হত্যা কৰি ডকাইতি
নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ তেজপুৰ সদৰ আৰক্ষী থানাৰ অন্তর্গত পটীয়া চুবুৰিত সংঘটিত হয় এক নৃশংস ঘটনা৷ দুর্বৃত্তই অকলশৰীয়া বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা কৰি লুটি নিয়ে ধন আৰু সা–সামগ্রী৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি তেজপুৰৰ পটীয়া চুবুৰি নামঘৰৰ সমীপত বাস কৰা দম্পতী ব্রাইন’ অৰিজ (৭২) আৰু আশা অৰিজ (৬৫)ক দুর্বৃত্তই যোৱানিশা হত্যা কৰে৷
সেনাবাহিনীৰ নির্মাণকাৰী সংস্থা গ্রেফৰ পৰা অৱসৰ গ্রহণ কৰাৰ পাছত তেজপুৰৰ পটীয়া চুবুৰিত স্থায়ীভাৱে আছিল৷ অৰিজ দম্পতীয়ে দুই কন্যাক বিয়া তেজপুৰৰ পৰাই বিয়া দিছিল৷ আশা অৰিজে পটীয়া চুবুৰিত এখন বিউটী পার্লাৰ চলাই আছিল৷ পৰহি দিনৰ পৰাই কালি নিশালৈকে অৰিজ দম্পতীক নেদেখি আৰু দুৱাৰ–ঘৰ বন্ধ দেখি স্থানীয় ৰাইজৰ সন্দেহ হয়৷
এনে পৰিস্থিতিত অঞ্চলটোৰ সকলোৰে লগত অতি আত্মীয়তা থকা পৰিয়ালটোৰ চৌহদত এগৰাকী প্রতিৱেশীয়ে প্রৱেশ কৰি কালি নিশা অৰিজ দম্পতীৰ বাসগৃহৰ পিছফালৰ দুৱাৰ খোলা অৱস্থাত পায় আৰু দুয়োকে মৃত অৱস্থাত ঘৰৰ ভিতৰত দেখে৷ লগে লগে আৰক্ষীক এই বিষয়ে জনোৱা হয়৷
উল্লেখ্য যে তদন্তত যাতে সমস্যাৰ উদ্ভৱ নহয় তাৰ বাবে আৰক্ষীয়ে কোনো লোককে ঘৰটোত প্রৱেশ কৰিবলৈ দিয়া নাই৷ উল্লেখ্য যে মৃত ব্রাইন’ অৰিজ এগৰাকী মার্কিন নাগৰিক৷ অৱশ্যে তেওঁ যোৱা দীর্ঘ সময় ধৰি পত্নীৰ সৈতে তেজপুৰতে স্থায়ীভাৱে বসবাস কৰি আছিল৷ আনহাতে তেওঁৰ পত্নী আশা অৰিজ আছিল উত্তৰাখণ্ডৰ৷