নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিক নস্যাৎ কৰি হাগ্রামাৰ ঘোষণা, ২৫–৩০ আসনেৰে বিটিচি দখল কৰিব বিপিএফে

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ বি টি আৰ চুক্তিত বড়ো আৰু ট্রাইবেলৰ বাহিৰে আন কোনো জাতিৰে ভাষা–সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা উল্লেখ নাই৷ সেয়ে এই চুক্তিক সংশোধন কৰাৰ প্রয়োজন আছে৷ –এই মন্তব্য প্রাক্তন বিটিচিপ্রধান তথা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীৰ৷ কালি বাক্সা জিলাৰ ২০নং মঠনগুৰি পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্রার্থী বেগম আখতাৰা আহমেদৰ এখন বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰি মহিলাৰীয়ে কয় যে বি টি আৰ চুক্তিত কি আছে, চুক্তি স্বাক্ষৰৰ পূর্বে তেওঁ জনা নাছিল৷

তেওঁ কেৱল চহীহে কৰিছে৷ চুক্তিৰ খচৰা ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রমোদ বড়োৱেহে প্রস্তুত কৰিছিল৷ প্রচাৰ সভাখনত মহিলাৰীয়ে কয় যে এইবাৰ বিটিচি নির্বাচনত বিজেপিয়ে এখনো আসন লাভ নকৰে৷ বি পি এফে ২৫ৰ পৰা ৩০খন আসন লাভ কৰি পুনৰ বিটিচি চৰকাৰ গঠন কৰিব৷ বিজেপিয়ে প্রথমে দুখন আসন লাভ কৰাৰ সম্ভাৱনা আছিল যদিও মন্ত্রী হিমন্ত বিশ্ব শর্মাই বিজেপিৰ প্রচাৰ সভা চলোৱাৰ পাছত তেওঁলোকে এতিয়া এখনো আসন লাভ নকৰে৷ বিটিচিত পদুম ফুল মৰি আছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিটিচিত এইবাৰ বিজেপিয়ে ডাবল ডিজিট সংখ্যাৰ আসন লাভ কৰিব বুলি কৰা দাবীক কটাক্ষ কৰি মহিলাৰীয়ে কয় যে বিটিচিত বিজেপি ডাবল শূন্যৰ ঘৰত থাকিব৷

প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলকো কটাক্ষ কৰি তেওঁ কয় যে প্রমোদ বড়োৰ ইউ পি পি এলৰ প্রতীক চিহ্ণ ট্রেক্টৰ৷ কিন্তু প্রমোদ বড়োৰ ট্রেক্টৰৰ অকল ইঞ্জিনটোহে আছে৷ সেই ট্রেক্টৰেৰে হাল বাব নোৱাৰি৷ মহিলাৰীয়ে কয় যে এপ্রিল মাহৰ আগতে নতুন বিটিচি পৰিষদে ৰাইজৰ সৈতে মত বিনিময় কৰি জৰীপ চলাই বিটিচিৰ অন্তর্গত সকলোকে মাটিৰ পট্টা প্রদান কৰিব৷ সেইদৰে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ বি পি এফ দল ত্যাগ আৰু বিজেপি গমনে বি পি এফৰ কোনো ক্ষতি নকৰে বুলিও তেওঁ মন্তব্য কৰে৷

বি পি এফৰ শালবাৰী জিলা সমিতিৰ সভাপতি মিলন বড়োৰ সভাপতিত্বত অনুষ্ঠিত প্রচাৰ সভাখনত মহিলাৰীয়ে বিজেপি, ইউ পি পি এল, কংগ্রেছ, এ আই ইউ ডি এফক তীব্র সমালোচনা কৰে৷ কৌতুক অভিনেতা বিপুল ৰাভাই অভিনয়েৰে ৰাইজক সম্বোধন কৰি বিজেপি, ইউ পি পি এলৰ লগতে গণ সুৰক্ষা পার্টীক তীব্র কটাক্ষ কৰে৷ কণ্ঠশিল্পী ভৃগু কাশ্যপে বি পি এফ দলৰ বাবে প্রস্তুত কৰি উলিওৱা ‘আকৌ এবাৰ বি পি এফৰ চৰকাৰ’ শীর্ষক গীত পৰিৱেশন কৰি ভোটাৰ ৰাইজক আকর্ষণৰ চেষ্টা কৰে৷ নির্বাচনী প্রচাৰ সভাখনত বিভিন্ন দল–সংগঠনৰ কেইবাগৰাকীও নেতা–কর্মীয়ে আনুষ্ঠানিকভাৱে বি পি এফত যোগদান কৰে৷ সভাখনত বি পি এফৰ সাধাৰণ সম্পাদক প্রবীণ বড়ো, প্রাক্তন এম চি এল এ ৰঞ্জিত খেৰকটাৰী, জ্যেষ্ঠ নেত্রী নাৰায়ণী বসুমতাৰী আদিও উপস্থিত থাকে৷

You might also like