নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত আক্রান্ত দঃ আফ্রিকাৰ ২ ক্রিকেটাৰ

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছে দক্ষিণ আফ্রিকা ক্রিকেট দলৰ শিবিৰত আতংকৰ সৃষ্টি কৰিছে৷ অহা ২৭ নৱেম্বৰৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন টি–২০ আৰু তিনিখন এদিনীয়া মেচৰ শৃংখলাৰ পূর্বে দলটোৰ দ্বিতীয়গৰাকী খেলুৱৈৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ দুদিন পূর্বে দলটোৰ আন এগৰাকী খেলুৱৈ ক’ভিডত আক্রান্ত হৈছিল৷ অৱশ্যে দক্ষিণ আফ্রিকা ক্রিকেট ব’র্ডে খেলুৱৈ দুগৰাকীৰ নাম প্রকাশৰ পৰা বিৰত আছে৷ ক’ভিডৰ আতংকৰ বাবে দক্ষিণ আফ্রিকা দলটোৱে শনিবাৰে খেলিবলগীয়া প্রস্তুতি মেচখন বাতিল কৰা হৈছে৷

You might also like