নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰণিগুদামত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ শুভ উদ্বোধন

🔹 পুৰণিগুদামৰ পৰা বঢ়মপুৰলৈ বাইক ৰেলীত অংশগ্ৰহণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : নগাঁও জিলাৰ পুৰণিগুদামত আজি কলিয়াবৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই ৷ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা, বিজেপি নেতা সুৰেশ বৰা, চামগুৰি জিলা পৰিষদৰ সদস্যা আৰু কলিয়াবৰ জিলা বিজেপিৰ সম্পাদিকা ৰীতা কাকতি হাজৰিকা, পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিণ্টু শৰ্মাৰ উপস্থিতিত আজি মন্ত্ৰী পীয়ূষ হাজৰিকাই কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে ৷ আজি অনুষ্ঠিত হোৱা কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানটোত কলিয়াবৰ জিলা বিজেপিৰ নৱনিৰ্বাচিত উপ-সভাপতি বিৰাজ নন্দী, সম্পাদক প্ৰাণজিৎ বৰা, লাওখোৱা মণ্ডল বিজেপিৰ নৱনিৰ্বাচিত সভাপতি গংগাচৰণ মণ্ডলকে ধৰি কলিয়াবৰ জিলা বিজেপিৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই কাৰ্যালয়টোৰ শুভাৰম্ভ কৰাৰ প্ৰাকক্ষণত পূজা আৰু গোপিনীসকলে নাম পৰিৱেশন কৰা পৰিলক্ষিত হয় ৷ পুৰোহিতৰ বেদধ্বনি আৰু গোপিনীসকলে নাম পৰিৱেশন কৰাৰ অন্তত বিজেপি কৰ্মীসকলে পুৰণিগুদামৰ পৰা বঢ়মপুৰলৈ এক বৃহৎ বাইক ৰেলী উলিয়ায়া ৷ উক্ত বাইক ৰেলীত মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে অংশগ্ৰহণ কৰে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like