নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাগ্ৰাৰচৰত বিএছএফৰ অভিযানত ২২টা ম’হ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : আজি পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক দুৰ্গম চৰাঞ্চলৰ পৰা বিএছএফৰ এক অভিযানত ২২টাকৈ ম’হ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, জিলাখনৰ বৰেৰআলগা বিঅ’পিৰ ৪৫ বি এন বি এছ এফৰ এটি দলে আজি পুৱতি নিশা অঞ্চলটোৰ বৰলুইতত নিয়মিত টহল দি আছিল। সেই সময়ত অঞ্চলটোৰ দুৰ্গম খাগ্ৰাৰচৰ অঞ্চলত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ তৎপৰতা আৰম্ভ হোৱাৰ সন্দেহত এক অভিযান চলায় দলটোৱে। ইপিনে, গৰু সৰবৰাহকাৰী দলটোৱে বি এছ এফ অহাৰ উমান পাই ডাঠ কুঁৱলীৰ সুবিধা লৈ পলাই পত্ৰং দিয়ে। অৱশ্যে চোৰাং সৰবৰাহকাৰী দলটোৱে বাংলাদেশলৈ গোপনে সৰবৰাহ কৰিবলৈ অনা ২২টা ম’হ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা ম’হকেইটাৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like