নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপানালাত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ মৃত্যু

🔹 বন বিভাগে উন্নত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : অতি কৰুণভাৱে যোৱানিশা মৃত্যুক সাবটিব লগা হ’ল চাপানালা গড়চুক বেবেজীয়াত বিচৰণ কৰি থকা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে ৷ নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চাপানালাৰ গড়চুক বেবেজীয়া অঞ্চলত আজি চাৰি দিন পূৰ্বে সোঁ ঠেঙত আঘাতপ্ৰাপ্ত এটা বনৰীয়া হাতীয়ে অঞ্চলটোত যন্ত্ৰণাকাতৰভাৱে অৱস্থান গ্ৰহণ কৰি আছিল ৷ উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীটোৰ আগৰ সোঁ ঠেঙত গুৰুতৰভাৱে আঘাতৰ চিন বন বিভাগৰ লগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল ৷ বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰোঁতে কোনো দুৰ্বৃত্তই গুলী মাৰি বা চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ চাপানালা গড়চুক বেবেজীয়া অঞ্চলৰ এখন কাঠনিৰ জংঘলৰ সমীপত আজি চাৰি দিন পূৰ্বে উক্ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে অৱস্থান গ্ৰহণ কৰাত চাপানালা বন কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে স্থানীয় ৰাইজে ঠেলাৰে আনি বনৰীয়া হাতীটোক যোগান ধৰিছিল কলগছ, ধান আদি ৷ উক্ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতহে বন বিভাগে পশু চিকিৎসকৰ এটা দল আনি দৰব আৰু চেলাইন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি স্থানীয় সচেতন মহলৰ মাজত চৰ্চা চলিছে ৷ আগৰ সোঁ ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক বন বিভাগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল যদিও উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ নগাঁও জিলা বন সংমণ্ডল বিষয়া আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ অমনোযোগিতাৰ বাবেই উক্ত বনৰীয়া হাতীটোৱে উন্নত চিকিৎসা পোৱা নাছিল বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ যাৰ ফলত কালি পুৱাৰ ভাগত আঘাতপ্ৰাপ্ত বনৰীয়া হাতী মাটিত ঢলি পৰে আৰু নিশা কৰুণভাৱে মৃত্যু হয় আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ ৷ যোৱানিশা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ মৃত্যু হোৱাত আজি বন বিভাগে পশু চিকিৎসকৰ এটা দল আনি মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে সেই স্থানৰ সমীপতে সমাধিস্থ কৰা হয় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷

 

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like