নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱস বৰ্জন : পৰেশ বৰুৱাক অনুৰোধ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিশেষ বাৰ্তা, ১৩ আগষ্ট : স্বাধীনতা দিৱস বৰ্জনৰ সিদ্ধান্ত উঠাই ল’বলৈ পৰেশ বৰুৱালৈ অনুৰোধ জনায় মন্ত্ৰী পীয়ূষ হাজৰিকাই। দেশৰ স্বাধীনতাৰ প্ৰতি সকলোৰে সন্মান আৰু শ্ৰদ্ধা আছে, কোনো ব্যতিক্ৰম নোহোৱাকৈ উক্ত দিৱসত ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। সেই হেতু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ স্বাধীনতা দিৱস বৰ্জনৰ সিদ্ধান্ত উঠাই ল’বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজি বঙাইগাঁৱত এটি নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কালত সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। তদুপৰি শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী বিজেপি নেত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে নেত্ৰীগৰাকী সাংগঠনিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় আছিল। তেওঁৰ মৃত্যুত দুখ প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই।

You might also like