নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেটৰ ভিতৰত অনা ক’কেইনসহ ইণ্ডোনেছিয়াৰ যুৱক গ্রেপ্তাৰ

🔹 বৰঝাৰ বিমানবন্দৰত শুল্ক বিভাগৰ অভিযান

বিশেষ বাৰ্তা, ১৬ মে’ : বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ড্রাগ্ছবিৰোধী এক সফল অভিযান চলাবলৈ সক্ষম হৈছে শুল্ক বিভাগে৷ অভিনৱ পন্থাৰে অসমলৈ মাৰাত্মক বৰবিহ ক’কেইন সৰবৰাহ কৰা এজন ইণ্ডোনেছিয়ান যুৱকক অভিযানকাৰী দলে গ্রেপ্তাৰ কৰে৷ বিমানবন্দৰত পৰহি বিয়লিৰ ভাগত নিয়মীয়া তালাচীৰ সময়ত এক্স–ৰে স্কেনত পেটৰ ভিতৰত সুমুৱাই অনা প্রায় ৪০০ গ্রাম ক’কেইনসহ ধৰা পৰে ইণ্ডোনেছিয়াৰ ৰাজধানী মহানগৰ জাকার্টাৰ কৌডেৰেছৰ ৰেইনহার্ড ছিৰেইট (৩৩)৷ ইণ্ডোনেছিয়াৰ যুৱকজনে এই ৪০০ গ্রাম ক’কেইন কেপছুলসদৃশ মুঠ ৩৬টা টোপোলা কৰি পাকস্থলীত ভৰাই আনিছিল৷ ছিৰেইটৰ শৰীৰৰ ভিতৰত এনেধৰণৰ আপত্তিজনক সামগ্রী থকাটো নিশ্চিত হোৱাৰ পিছতে তাৎক্ষণিকভাৱে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়৷ মুখ্য ন্যায়িক দণ্ডাধীশৰ নির্দেশমর্মে পৰৱর্তী সময়ত ক’কেইন সৰবৰাহকাৰী বিদেশী যুৱকজনক ভর্তি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় শল্য বিভাগৰ (৪নং ইউনিট) ডাঃ কবীৰ ৰাজখোৱাৰ তত্ত্বাৱধানত এক অস্ত্রোপচাৰ কৰি ক’কেইনৰ ৩৬টা সৰু সৰু টোপোলা নিষ্কাশন কৰা হয়৷ ইয়াৰে ৩৫টাৰ ওজন প্রায় ১০ গ্রামকৈ হোৱাৰ বিপৰীতে এটাৰ ওজন হৈছে প্রায় ৫০ গ্রাম৷ শুল্ক বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি জব্দকৃত ক’কেইনখিনিৰ মূল্য আন্তর্জাতিক বজাৰত কেইবা কোটি টকা হ’ব৷ সমগ্র বিষয়টোৰ অধিক তথ্য পোহৰলৈ অনাৰ বাবে শুল্ক বিভাগে তদন্ত অব্যাহত ৰাখিছে৷ এই তদন্ত কালত নিষিদ্ধ ক’কেইন সৰবৰাহৰ সম্পূর্ণ পৰিসৰ উন্মোচন হোৱাৰ সমান্তৰালভাৱে ইয়াৰ সৈতে জড়িত চক্রটোৰ আনসকলকো গ্রেপ্তাৰ কৰিব পৰা যাব বুলি সূত্রটোত প্রকাশ৷

You might also like