নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰানৰ পৰমাণু ভাবুকি

পেলেষ্টাইনী ভূখণ্ড গাজাত ৭ মাহ ধৰি চলা অভিযানৰ ফলত সমগ্র অঞ্চলটো ধ্বংসস্তূপত পৰিণত হৈছে৷ সশস্ত্র সংগঠন হামাছক উৎখাত কৰাৰ সংকল্পৰে ইজৰাইলে চলাই থকা হিংস্র আক্রমণৰ ফলত এতিয়ালৈকে ৩৫ হাজাৰ নিৰীহ পেলেষ্টাইনী নিহত হৈছে৷ এই নিহত পেলেষ্টাইনী লোকসকলৰ গৰিষ্ঠসংখ্যকেই হৈছে শিশু আৰু মহিলা৷ ইফালে আহত হৈছে ডেৰ লক্ষাধিক লোক৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা বাৰে বাৰে ক্ষোভ প্রকাশ কৰি কোৱা হৈছে যে গাজা ভূখণ্ডত ইজৰাইলে শিশু আৰু মহিলাৰ বিৰুদ্ধে চলাই আছে ৰক্তক্ষয়ী যুদ্ধ৷ এই অবাধ ৰক্তপাত শীঘ্রে বন্ধ হ’ব লাগে বুলিও ৰাষ্ট্রসংঘৰ লগতে ইজৰাইলৰ বন্ধু ৰাষ্ট্র আমেৰিকাই দাবী জনাই আহিছে যদিও ইহুদী ৰাষ্ট্রখনৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যেহুৱে কাৰো কথাক গুৰুত্ব দিয়া নাই৷ বৰঞ্চ যুদ্ধ অধিক তীব্রতৰ কৰাৰ হুংকাৰ দিছে প্রধানমন্ত্রীগৰাকীয়ে৷ সমগ্র গাজাত পেলেষ্টাইনী লোকসকলৰ শেষ আশ্রয়স্থলী হিচাপে চিহ্ণিত ৰাফা চহৰত বিভিন্ন পক্ষৰ আবেদন অগ্রাহ্য কৰি ইজৰাইলী সেনাই প্রৱেশ কৰিছে৷ লগে লগে ইজৰাইলৰ টেংক বাহিনীয়ে চহৰখনৰ বসতি অঞ্চলবোৰ চেপি–খুন্দি নিঃশেষ কৰিবলৈ লৈছে৷ ইজৰাইলৰ এই দানৱীয় আঘাতত ইতিমধ্যে প্রাণ হেৰুৱাবলগীয়া হৈছে বহু লোকে৷ ভয়াৱহ এই হিংস্র আক্রমণৰ পৰা পৰিত্রাণ পাবলৈ মাত্র এটা সপ্তাহত ৰাফা চহৰৰ পৰা পলায়ন কৰিছে ৪.৫০ লাখ লোকে৷ ৰাষ্ট্রসংঘই ৰাফা চহৰত পৰিণতি অধিক ভয়াৱহ হ’ব বুলি উদ্বেগ প্রকাশ কৰিছে৷ কাৰণ ইতিমধ্যে ভয়াৱহ খাদ্য সংকটে দেখা দিছে ৰাফাত৷ অনাহাৰে কটাবলগীয়া হৈছে দুর্গত পেলেষ্টাইনী লোকসকলে৷ দুগ্ধপোষ্য শিশুসকলৰ জীৱনলৈ নামি আহিছে ভাবুকি৷ ৰাষ্ট্রসংঘৰ শৰণার্থী সংস্থাৰ প্রতিবেদন অনুসৰি ৰাফাত এই মুহূর্তত প্রায় এক লাখ অন্তঃসত্ত্বা মহিলাই চিকিৎসা অবিহনে কটাবলগীয়া হৈছে৷ ডেৰ লক্ষাধিক মাতৃদুগ্ধ পান কৰা শিশুৱে এতিয়া এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাফাত৷ এনে ভয়াৱহ পৰিস্থিতি চলি থকা সময়তে ইজৰাইলে চহৰখনত আৰম্ভ কৰিছে হিংস্র আক্রমণ৷ গতিকে পেলেষ্টাইনী লোকসকলৰ জীৱনলৈ নামি আহিছে অনিশ্চয়তা৷
ইফালে গাজাত এনে বিভীষিকা অব্যাহত থকাৰ সময়তে ইৰানে ইজৰাইলৰ বিৰুদ্ধে পৰমাণু অস্ত্র ব্যৱহাৰৰ হুংকাৰ দিছে৷ মধ্যপ্রাচ্যৰ কট্টৰ ইছলামিক ৰাষ্ট্র ইৰানৰ সহায়তে হামাছ, হিজবুল্লা, হুথি আদি শসস্ত্র সংগঠনবোৰে ইজৰাইলৰ বিৰুদ্ধে বিভিন্ন সময়ত আক্রমণ চলাই আহিছে৷ হামাছৰ ওপৰত ইজৰাইলৰ আক্রমণৰ পিছতেই সৰৱ হৈছে ইৰান৷ ইফালে ছিৰিয়াত থকা ইৰানৰ দূতাৱাসত ইজৰাইলে ক্ষেপণাস্ত্রৰে আক্রমণ কৰাৰ পিছতে ইৰানে ইজৰাইলৰ বিৰুদ্ধে ড্রোন আৰু ক্ষেপণাস্ত্র নিক্ষেপ কৰে৷ অকল সেয়াই নহয়, ইজৰাইলৰ বিৰুদ্ধে সর্বশক্তি প্রয়োগ কৰি ইহুদী দেশখনক ধ্বংস কৰি দিব বুলি হুংকাৰ দিছে ইৰানে৷ ইৰানৰ এনে হুংকাৰৰ পিছতো ইজৰাইলে ইছলামিক দেশখনক কঠোৰ প্রত্যুত্তৰ দিয়া হ’ব বুলি সকীয়নি প্রদান কৰি আহিছে৷ এনে হুংকাৰ–প্রতিহুংকাৰৰ মাজতে ইৰানৰ শীর্ষ নেতা আয়াতুল্লা খোমেইনীৰ এগৰাকী অন্যতম উপদেষ্টাই শেহতীয়াকৈ মন্তব্য কৰিছে যে ইৰানৰ সুৰক্ষাৰ প্রতি ইজৰাইল পুনৰ ভাবুকি হৈ পৰিলে পৰমাণু অস্ত্র ব্যৱহাৰৰ দৰে বিকল্প পথ আছে৷ অর্থাৎ, পুনৰ ইজৰাইলে ইৰানক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’লে দেশখনৰ বিৰুদ্ধে পৰমাণু অস্ত্র প্রয়োগ কৰিব বুলি ভাবুকি দিছে খোমেইনীৰ ঘনিষ্ঠ নেতাগৰাকীয়ে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত নেতাগৰাকীয়ে উল্লেখ কৰিছে যে ইৰানে এতিয়ালৈকে পৰমাণু বোমা নির্মাণ কৰা নাই৷ কিন্তু ইজৰাইলৰ ভাবুকি যদি আহি থাকে, তেন্তে এই কথা চিন্তা কৰিব দেশখনে৷ লক্ষণীয়ভাৱে আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহে সঘনে অভিযোগ কৰি আহিছে যে ইৰানে গোপনে পৰমাণু অস্ত্র নির্মাণ কার্যসূচী চলাই আছে৷ ইতিমধ্যে দেশখনে বিধ্বংসী পৰমাণু অস্ত্রৰ বাবে অন্যতম উপাদান ইউৰেনিয়াম মজুত কৰা বুলি দাবী কৰিছে পাশ্চাত্যৰ বিশ্বই৷ অকল সেয়াই নহয়, এই একেটা কাৰণতে ইৰানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰি থৈছে ইউৰোপ আৰু আমেৰিকাই৷ শেহতীয়াকৈ ইজৰাইলৰ বিৰুদ্ধে ইৰানৰ নেতাগৰাকীয়ে পৰমাণু অস্ত্র ব্যৱহাৰৰ হুংকাৰ দিয়াৰ লগতে পাশ্চাত্যৰ অভিযোগ অধিক সবল হৈ পৰিছে৷ অর্থাৎ আমেৰিকা আৰু ইউৰোপে পূর্বতে কৰি অহা অভিযোগ সত্য নেকি তাক লৈ বিভিন্ন মহলত চর্চা চলিছে৷ অৱশ্যে ইৰানে এই সন্দর্ভত ৰহস্যজনকভাৱে অৱলম্বন কৰিছে মৌনতা৷

You might also like