নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে সকলো পদক্ষেপ বন্ধ কৰা উচিত বিশ্ববিঃ কর্তৃপক্ষই

🔹  কটন বিশ্ববিদ্যালয়ৰ স্থান আবণ্টন সন্দর্ভত মুখ্যমন্ত্রী

বিশেষ বাৰ্তা, ১৬ মে’ : ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয় চৌহদৰ স্থান আবণ্টনক লৈ জাৰি কৰা জাননীয়ে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ ব্যৱসায়িক কাম–কাজৰ বাবে বহিৰাগত প্রতিষ্ঠানক স্থান আবণ্টনৰ বিষয়টো বিবেচনা কৰাৰ বাবে কমিটী গঠন কৰাৰ লগে লগে শিক্ষার্থী–অভিভাৱকৰ লগতে ৰাজ্যবাসীৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইয়াৰ পিছতে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয় কর্তৃপক্ষক তাৎক্ষণিকভাৱে এনেধৰণৰ সকলো পদক্ষেপ বন্ধ কৰিব লাগে বুলি মন্তব্য কৰে৷ সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যন্ত্রী ড০ শর্মাই কয়– ‘কটন বিশ্ববিদ্যালয় (পূর্বৰ কটন মহাবিদ্যালয়)–এ যাউতিযুগীয়া এক সমৃদ্ধ ইতিহাস বহন কৰি আহিছে৷ অসম চৰকাৰে ইয়াৰ সম্পত্তিসমূহ কোনো ব্যক্তিগত সংগঠন বা ব্যক্তিক আউটছ’র্চিং কৰিবলৈ কাহানিও অনুমতি প্রদান নকৰে৷ বিশ্ববিদ্যালয় কর্তপক্ষই তাৎক্ষণিকভাৱে এনেধৰণৰ যিকোনো পদক্ষেপ গ্রহণ বন্ধ কৰা উচিত৷’ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত কার্যবাহী কমিটীৰ সিদ্ধান্ত মর্মে বিশ্ববিদ্যালয় চৌহদৰ স্থান আবণ্টনৰ বাবে এখন কমিটী গ্রহণ কৰা হৈছিল৷ এই সন্দর্ভত বাতৰি প্রকাশ পোৱাৰ পিছতে কালি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক অৰিন্দম গার্গে প্রতিক্রিয়া প্রকাশ কৰি কয় যে যোৱা ১৪ মে’ত প্রকাশিত বাতৰি সম্পূর্ণ ভুৱা আৰু ভিত্তিহীন৷ তেওঁ কয়– ‘শিক্ষার্থীৰ প্রয়োজনীয়তাৰ বাবে চৌহদত কিছু বস্তু প্রয়োজন হয়৷ যেনে– ফটোষ্টেট, ষ্টেচনাৰী দোকান আদি৷ কটন বিশ্ববিদ্যালয়ত সকলো সিদ্ধান্ত কার্যবাহী কমিটীৰ জৰিয়তে গ্রহণ কৰা হয়৷ সেয়েহে স্থান আবণ্টনৰ বাবেও ষ্টেণ্ডিং কমিটী গঠন কৰা হৈছে৷ বিশ্ববিদ্যালয়খনৰ ভূমি চৰকাৰৰ৷ গতিকে ইয়াৰ ভূমি বিক্রী কৰাৰ কোনো প্রশ্ণ উত্থাপিত নহয়৷ এয়া আমাৰ পৰিসীমাৰ ভিতৰত নপৰে৷ কমিটীখনে কেৱল স্থান আবণ্টনহে কৰিব পাৰে৷ আইআইটি গুৱাহাটী, সকলো বিশ্ববিদ্যালয়কে ধৰি শৈক্ষিক প্রতিষ্ঠানসমূহত এনেধৰণৰ ব্যৱস্থা আছে৷ শৈক্ষিক প্রতিষ্ঠানৰ সকলো বিষয় শিক্ষার্থীৰ সৈতে জড়িত হৈ থাকে৷ কমিটীখনে প্রয়োজনসাপেক্ষে স্থান আবণ্টনৰ বিষয়টো বিবেচনা আৰু মূল্যায়ন কৰিব, তাৰ পিছতহে স্থান আবণ্টন কৰিব৷’ আর্থিক সংকটৰ বাবে ৰাজহ সংগ্রহৰ উদ্দেশ্যে বিশ্ববিদ্যালয়খনৰ চৌহদৰ স্থান আবণ্টন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰাৰ বিষয়টো তেওঁ নস্যাৎ কৰে৷ পঞ্জীয়কজনৰ মতে, বিশ্ববিদ্যালয়খনত আর্থিক সংকট হোৱা নাই, তেওঁলোকে সময়মতে দা–দৰমহা লাভ কৰি আহিছে৷ ইপিনে, ব্যাপক প্রতিক্রিয়াৰ পিছতে স্থান আবণ্টনৰ বাবে কমিটী গঠন কৰি জাৰি কৰা নির্দেশনা বাতিল কৰিবলৈ বাধ্য হ’ল কটন বিশ্ববিদ্যালয় কর্তৃপক্ষ৷ বিশ্ববিদ্যালয়খনৰ উপাচার্যৰ অনুমতি মর্মে ১৩ মে’ত জাৰি কৰা জাননীখন বাতিল কৰি কালি আন এখন জাননী প্রকাশ কৰিছে পঞ্জীয়কে৷

You might also like