বিশেষ বাৰ্তা, ২১ মেঃ মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰৰ পৰা শুকুৰবাৰে মুকলি হৈছে ইন্দ্ৰাণী মুখাৰ্জী। কন্যা শ্বীনা বৰাক হত্যা কৰাৰ ঘটনাই ২০১৫ চনত সমগ্ৰ দেশ জোকাৰিছিল। হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে তেতিয়াৰে পৰা ছবছৰতকৈও অধিক সময় কাৰাগাৰত আছিল। জামিন মঞ্জুৰ হোৱাৰ পাছত মুকলি আকাশৰ তললৈ আহিয়ে সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ বাবে দিয়া মন্তব্যত তেওঁ এই গোচৰৰ বিষয়ে ক’বলৈ অস্বীকাৰ কৰে। তেওঁৰ ছোৱালী এতিয়াও জীয়াই আছে বুলি কৰা চাঞ্চল্যকৰ দাবী সন্দৰ্ভত ইন্দ্ৰাণীয়ে কয় যে তেওঁক আঘাত কৰা লোকসকলক ক্ষমা কৰিছে। তেওঁ কৈছে মই ভাবোঁ এতিয়া জীৱনটোক বেলেগ দৃষ্টিৰে চাব পাৰিছোঁ। মই সকলো স্তৰৰ মানুহক লগ পাইছোঁ। মই ধৈৰ্য্য ধৰিবলৈ শিকিছোঁ। কাৰাগাৰৰ পৰা ওলাই অত্যন্ত সুখী বুলি কৈ ৫০ বছৰীয়া ইন্দ্ৰানী মুখাৰ্জীয়ে জেলত বহু কথা শিকিলোঁ বুলিও কয়। তেওঁ কয়- মই ঘৰলৈ যাম। কোনো পৰিকল্পনা নাই। মাত্ৰ ঘৰলৈ যাব বিচাৰিছোঁ। কাৰাবন্দী হোৱাৰ বাবে কাৰোবাক দোষাৰোপ কৰে নেকি বুলি সোধাত তেওঁ কয়, “মোক আঘাত কৰা সকলো মানুহক মই ক্ষমা কৰি দিছো।” কালি সন্ধিয়া প্ৰায় ৫.৩০ বজাত জেলৰ পৰা ওলাই আহি নিজৰ অধিবক্তাক সাৱটি ধৰি হাঁহি হাঁহি সংবাদ মাধ্যমলৈ হাত জোকাৰি ইন্দ্ৰাণীয়ে তেওঁৰ অধিবক্তাৰ গাড়ীত উঠে আৰু নিজৰ ৱৰ্লিৰ ফ্লেটলৈ যায়। ২০১২ চনৰ এপ্ৰিলৰ কোনোবা এটা সময়ত ২৪ বছৰীয়া শ্বীনা বৰাক হত্যা কৰা হৈছিল যদিও ২০১৫ চনৰ ২১ আগষ্টত ইন্দ্ৰানী মুখাৰ্জীৰ প্ৰাক্তন চালক শ্যামৱৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ লগে লগে এই অপৰাধ পোহৰলৈ আহে।