নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুচকীয়া বাহনচালকৰ বাবে কঠোৰ নির্দেশনাঃ হেলমেট পিন্ধিলেই নহ’ব, হেলমেট হ’ব লাগিব বিএছআই স্বীকৃতিপ্রাপ্ত

হেলমেট সঠিকভাৱে পৰিধান নকৰিলে ২,০০০ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ২১ মে’:  দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ বাবে কঠোৰ নির্দেশনা৷ কেন্দ্রীয় চৰকাৰে মটৰ পৰিবহণ অধিনিয়ম ১৯৯৮ক উন্নীত কৰি মটৰচাইকেল চলোৱাৰ সময়ত চালকে সঠিকভাৱে হেলমেট পৰিধান কৰাটোত গুৰুত্ব আৰোপ কৰিছে৷ চালকে মটৰচাইকেল চলোৱাৰ সময়ত হেলমেটটোৰ ফিটা খুলি ৰাখিব নোৱাৰিব৷ ঠিক তেনেদৰে চলোৱাৰ সময়ত হেলমেট পিন্ধিলেই নহ’ব, হেলমেটটো বি এছ আইৰ (ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডার্ড) স্বীকৃতিপ্রাপ্ত হ’ব লাগিব৷

মন কৰিবলগীয়া যে মটৰচাইকেল দুর্ঘটনাৰ সময়ত চালক আৰু আৰোহীয়ে হেলমেট পিন্ধিলে জীৱন ৰক্ষা পৰাৰ লগতে আঘাত কম হোৱাৰ প্রতি লক্ষ্য ৰাখিয়েই চৰকাৰে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰিছে৷ হেলমেট পিন্ধাৰ সময়ত চালকে ফিতা যদি খুলি ৰাখে, তেতিয়াহ’লে ১,০০০ টকা জৰিমনা ভৰিব লাগিব৷ তদুপৰি পিন্ধা হেলমেটটোত যদি বি এছ আইৰ স্বীকৃতি নাথাকে, তেতিয়াহ’লে ১,০০০ ভৰিব লাগিব৷ অর্থাৎ হেলমেট সঠিকভাৱে নিপিন্ধা আৰু সঠিক হেলমেট নিপিন্ধাৰ বাবে মটৰচাইকেলৰ চালক আৰু আৰোহীয়ে ২,০০০ টকা ভৰিব লাগিব৷

আনপিনে সঠিক হেলমেট পিন্ধাৰ পাছতো যদি কোনোবাই পৰিবহণ আইন ভংগ কৰে, বিশেষকৈ ৰঙা লাইট অতিক্রম কৰি যায়, তেতিয়াহ’লে তেনে ক্ষেত্রত ২,০০০ টকা জৰিমনা বিহা হ’ব৷ কেন্দ্রীয় চৰকাৰৰ এই নতুন নির্দেশনাৰ বাবে মটৰচাইকেল চালক আৰু আৰোহী সাৱধান হোৱাৰ সময় হ’ল৷ অন্যথা জৰিমনা ভৰাটো নিশ্চিত৷

You might also like