নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰী অগপত গৃহকন্দল, গোপনে নতুন সমিতি গঠনক লৈ প্ৰতিক্ৰিয়া

সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন। কিন্তু তাৰ পূৰ্বে ধুবুৰীত অসম গণ পৰিষদ (অগপ) দলৰ ভিতৰছোৱাত একাংশৰ মাজত তীব্ৰ অৰিয়াঅৰিৰ সূত্ৰপাত ঘটা বুলি জানিব পৰা গৈছে। দৰাচলতে অগপৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ এখন নতুন কমিটী গঠন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এনে পৰিস্থিতিৰ।

বিগত ১৭ ফেব্ৰুৱাৰীৰ দিনা অগপৰ সভাপতি অতুল বৰা আৰু সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্বাক্ষৰ কৰা ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ নতুন কমিটীখনৰ বিষয়ববীয়াৰ তালিকাখন শেহতীয়াকৈ পোহৰলৈ অহাৰ লগে লগে ধুবুৰীত দলটোৰ ভিতৰচ’ৰাত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। অৱশ্যে বিষয়টোক লৈ অসন্তুষ্ট স্থানীয় একাংশ অগপ নেতা-কৰ্মীয়ে বৰ্তমানলৈ বিষয়টোক লৈ মুখ খোলা নাই। কিন্তু, ক্ষুব্ধ সেইসকলে পূৰ্বৰ কমিটীখনক অৱগত নকৰাকৈ তথা কোনো অধিৱেশন অনুষ্ঠিত নকৰাকৈ নতুন কমিটীখন কিদৰে গঠন কৰা হ’ল, সেই প্ৰশ্ন উত্থাপন কৰাৰ সমান্তৰালকৈ পূৰ্বৰ বিধান পৰিষদ সমিতিখনৰ কাৰ্যকাল অহা এপ্ৰিললৈ থকা বুলিও দাবী কৰিছে।

আনকি, বিষয়টো লৈ এগৰাকী স্থানীয় অগপ নেতা দায়ী বুলিও একাংশই ক্ষোভ উজাৰে। ইপিনে, নিৰ্বাচনৰ আগে আগে ধুবুৰীত দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা একাংশৰ ক্ষোভ প্ৰশমন কৰিবলৈ অগপৰ ৰাজ্যিক নেতৃত্বই কি পদক্ষেপ লয়, সেয়া লক্ষণীয় হ’ব বুলিয়েই কিন্তু মত স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকৰ।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ মাৰ্চ :

You might also like