নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একে স্থানতে তিনি বছৰ থকা চিডিপিঅ’ক বদলিৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ শিশুক পুষ্টিকৰ খাদ্য যোগানৰ ক্ষেত্রত সমাজ কল্যাণ বিভাগত চলি অহা অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ স্পষ্ট ইংগিত দিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কংগ্রেছৰ আমোলত বিভাগটোত চলা ব্যাপক দুর্নীতি আৰু অনিয়মৰ ফলত অংগনৱাড়ী কেন্দ্রলৈ যোগান ধৰা পুঁজিৰ লুণ্ঠন হোৱাই নহয়, শিশুৰ খাদ্যৰ ক্ষেত্রতো চলিছিল বিয়াগোম কেলেংকাৰি৷ বিজেপি নেতৃত্বাধীন বিগত চৰকাৰৰ কার্যকালত সমাজ কল্যাণ বিভাগৰ এনে অনিয়মসমূহ কিছু পৰিমাণে বন্ধ হৈছিল যদিও এচাম অসাধু ঠিকাদাৰৰ বাবে বিভাগটোত চলি আছিল লুণ্ঠন৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  অসাধু ঠিকাদাৰৰ কবলৰ পৰা মুক্ত হোৱাৰ বাবে সমাজ কল্যাণ বিভাগক নির্দেশ দিয়ে৷ উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্রগতিৰ খতিয়ান লোৱাৰ লগতে বিভাগটোৰ কাম–কাজৰ পর্যালোচনাৰ বাবে আজি মুখ্যমন্ত্রী ড০ শর্মাই অনুষ্ঠিত কৰে এক গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই শিশুক পুষ্টিকৰ খাদ্য যোগানৰ ক্ষেত্রত চলি অহা অনিয়মৰ অন্ত পেলাবলৈ বিভাগীয় শীর্ষ বিষয়াসকলক নির্দেশ দিয়াৰ লগতে শিশুৰ পুষ্টিকৰ খাদ্যৰ ক্ষেত্রত অনিয়ম কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও স্পষ্ট কৰি দিয়ে৷ বৈঠকত মুখ্যমন্ত্রীয়ে জন্মৰ পৰা ৬ বছৰ বয়সৰ প্রতিটো শিশুক বছৰটোত ৩০০ দিনেই পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ  নির্দেশ দিয়ে৷

মন কৰিবলগীয়া যে কংগ্রেছৰ কার্যকালত শিশুখাদ্য যোগানক কেন্দ্র কৰিয়ে সংঘটিত হৈছিল ভয়াৱহ কেলেংকাৰি৷ আনকি এই কেলেংকাৰিৰ তদন্তৰ দায়িত্ব চিআইডিৰ হাতত অর্পণ কৰিছিল ৰাজ্য চৰকাৰে৷ চিআইডিৰ তদন্তকালতেই সমাজ কল্যাণ বিভাগত শিশুখাদ্য যোগানক লৈ চলা লুণ্ঠন পোহৰলৈ অহাই নহয়, কেইবাগৰাকীও শিশু উন্নয়ন প্রকল্প বিষয়াক (চিডিপি’) তদন্তৰ আওতালৈ আহিছিল৷ আনকি সমাজ কল্যাণ বিভাগৰ অন্তর্গত প্রতিটো অংগনৱাড়ী কেন্দ্রত পঞ্জীভূত হৈ থকা শিশুৰ বিপৰীতে অপঞ্জীভূত দুই লাখতকৈ অধিক শিশুৰ নামত খাদ্য যোগান দি লুণ্ঠন চলাইছিল একাংশ ঠিকাদাৰ আৰু বিভাগটোৰ শীর্ষ বিষয়াই৷

এই বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই বিভাগটোত পূর্বতে চলা এনে অনিয়ম কেতিয়াও সহ্য কৰা নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ লগতে বিভাগৰ বিভিন্ন কামত নিয়োজিত অসাধু ঠিকাদাৰসকলৰ পৰা সতর্ক হৈ থাকিবলৈও আজি বিষয়াসকলক নির্দেশ দিয়ে৷ বৈঠকতে মুখ্যমন্ত্রীয়ে একাংশ যোগনীয়াৰৰ সৈতে থকা বিভাগটোৰ এচাম বিষয়াৰ ঘনিষ্ঠতাক আঙুলিয়াই এইক্ষেত্রত কোনো অনিয়ম সৃষ্টি হ’লেই কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি সতর্ক কৰি দিয়ে৷ বিশেষকৈ বিভাগৰ ক্রয় ব্যৱস্থা স্বচ্ছ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে স্বেচ্ছাসেৱী সংস্থাৰ সলনি ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ পৰা চাউল ক্রয় কৰাৰ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে শিশুৰ পুষ্টি আৰু সুষম বিকাশৰ সৈতে কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰাৰ লগতে এই দিশত অনিয়মৰ আশ্রয় লোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে৷

ইফালে, বিভাগটোৰ বহুসংখ্যক চিডিপিঅ’ই একে স্থানতে দীর্ঘসময় কার্যনির্বাহ কৰি থকা দিশটোক উল্লেখ কৰি মুখ্যমন্ত্রীয়ে তিনি বছৰ একে স্থানত থকা চিডিপিঅ’সকলক বদলি কৰিবলৈ আজি নির্দেশ দিয়ে আৰু এইক্ষেত্রত কোনোধৰণৰ শিথিলতা গ্রহণ নকৰিবলৈও বিভাগটোৰ শীর্ষ বিষয়াসকলক আঙুলিয়াই দিয়ে৷ এই বৈঠকতে লোকনির্মাণ বিভাগৰ লগত আলোচনা কৰি ৰাজ্যখনৰ সকলোবোৰ অংগনৱাড়ী কেন্দ্র পুনৰ নির্মাণৰ লগতে কেন্দ্রসমূহক ডেমন’ষ্ট্রেটিক চেণ্টাৰ হিচাপে ৰূপান্তৰ কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ নতুনকৈ নির্মাণ কৰাৰ ক্ষেত্রত কেন্দ্রসমূহৰ নক্সা বিজ্ঞানসন্মত আৰু শিশুসকলৰ সকলো সা–সুবিধা উপলব্ধ যাতে হয়, সেই দিশত গুৰুত্ব দিবলৈ পৰামর্শ দিয়ে মুখ্যমন্ত্রীয়ে৷ কেন্দ্রীয় চৰকাৰৰ পৰা আবণ্টিত পুঁজিৰ ব্যয়ৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ পুঁজি নির্ধাৰিত সময়ত ব্যয় কৰি পুঁজি ব্যয়ৰ প্রমাণ–পত্র দাখিল যাতে কৰা হয়, সেই দিশত অধিক গুৰুত্ব দিব লাগিব শীর্ষ বিষয়াসকলে, যাতে কেন্দ্রীয় চৰকাৰৰ পৰা অধিক পুঁজি লাভ কৰিব পৰা যায়৷

ইফালে, দীনদয়াল দিব্যাংগজন পেন্সন আঁচনিৰ পুঁজি প্রতিমাহৰ ১০ তাৰিখৰ ভিতৰত যাতে আদায় দিব পৰা যায়, তাৰ বাবে বিভাগক কার্যপ্রণালী প্রস্তুত কৰিবলৈ আজি মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ এই পর্যালোচনা বৈঠকত সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, সমাজ কল্যাণ বিভাগৰ সচিব মনোজ কুমাৰৰ লগতে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like