নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালানদীৰ পাৰত চৰকাৰী মর্যাদাৰে শেষকৃত্য সম্পন্ন তামুলপুৰৰ বিধায়ক–শিক্ষাবিদ সাংস্কৃতিক কর্মী লেহোৰাম বড়োৰ

নিয়মীয়া বাৰ্তা, ৩০ মেঃ কালান্তক ক’ৰোনাই প্রাণ কাঢ়ি নিলে তামুলপুৰ সমষ্টিৰ বিধায়ক–বিশিষ্ট শিক্ষাবিদ–সাংস্কৃতিক কর্মী লেহোৰাম বড়োৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ত চিকিৎসাধীন অৱস্থাত শনিবাৰে পুৱা ৯.০৫ বজাত ইউ পি পি এলৰ নৱনির্বাচিত বিধায়ক বড়োৱে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ৷

উল্লেখ্য যে ক’ভিডোত্তৰ জটিলতাত ভুগি যোৱা ২৬ মে’ত জি এম চি এইচত মৃত্যু হৈছিল গোসাঁইগাঁও সমষ্টিৰ চাৰিবাৰৰ বিধায়ক মাজেন্দ্র নার্জাৰীৰ৷ নার্জাৰীৰ পাছত বিধায়ক বড়োৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে তেওঁৰ গৃহ সমষ্টি তামুলপুৰৰ লগতে ৰাজ্যৰ ৰাজনৈতিক জগতক৷

জানিব পৰা মতে, বিধায়ক বড়ো যোৱা ২৭ মে’ত শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল৷ লগে লগে তেওঁ তামুলপুৰ প্রাথমিক স্বাস্থ্যকেন্দ্রত উপস্থিত হয় আৰু ক’ভিড পৰীক্ষা কৰাত দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ পাছত তেওঁক জি এম চি এইচত ভর্তি কৰোৱা হয়৷ জি এম চি এইচৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই প্রকাশ কৰা অনুসৰি নিশা বিধায়ক বড়োৰ স্বাস্থ্যৰ অৱনতি ঘটে৷ বিশেষকৈ তেওঁৰ ৰক্তচাপ বৃদ্ধি পায়৷ তাৰ মাজতে ব্রেইন ষ্ট্রোক হোৱাত তেওঁক ইনটেনচিভ কেয়াৰ ইউনিটত ভর্তি কৰাই ভেণ্টিলেটৰ ব্যৱস্থাৰ মাজত ৰখা হয়৷ কিন্তু দুটা দিন মৃত্যুৰ সৈতে যুঁজি শনিবাৰে পুৱা ৯.০৫ বজাত বিধায়ক বড়োৱে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগে৷

১৯৫৮ চনৰ পহিলা জানুৱাৰীত অবিভক্ত নলবাৰী জিলাৰ ভোলাঝাৰ দেওচুঙা গাঁৱত অতি দৰিদ্র পৰিয়ালত জন্মগ্রহণ কৰা বিধায়ক বড়ো ছাত্র অৱস্থাৰ পৰাই অতি মেধাৱী আছিল৷ দৰিদ্রতাই কোঙা কৰিলেও তেওঁৰ মনত আছিল জীৱনত ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ বাসনা৷ নিজৰ প্রজ্ঞা আৰু সাধনাৰে তেওঁ ইংৰাজী বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজী বিষয়ত বিষয় শিক্ষক হিচাপে যোগদান কৰে৷ ইংৰাজী বিষয়ৰ বিষয় শিক্ষক হিচাপে কিছু বছৰ নিষ্ঠা আৰু সততাৰে শিক্ষকতা কৰাৰ পাছত তেওঁ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈ খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰে৷

অসমৰ বিভিন্ন উন্নয়ন খণ্ডত দক্ষ প্রশাসনিক বিষয়া হিচাপে কাম কৰি ২০১৬ চনত স্বেচ্ছামূলক অৱসৰ গ্রহণ কৰে৷ সৰুৰে পৰা সমাজ সেৱা কৰি ভাল পোৱা বিধায়ক বড়ো তামুলপুৰৰ সমাজ জীৱনৰ সৈতে অংগাংগীভাৱে জড়িত আছিল৷ তামুলপুৰক নকৈ গঢ় দিয়াৰ ক্ষেত্রত যিসকল ব্যক্তিৰ ভূমিকা উল্লেখনীয়, তাৰ ভিতৰত বিধায়ক বড়ো আছিল অন্যতম৷ তেওঁ তামুলপুৰত খণ্ড উন্নয়ন বিষয়া হিচাপে কার্যনির্বাহ কৰি থকা অৱস্থাত ২০০৫ চনত নিজস্ব পৰিকল্পনাৰে আটক ধুনীয়াকৈ সাজি উলিয়াইছিল তামুলপুৰ সমূহীয়া বিনোদন ক্ষেত্রখন, যিখন ক্ষেত্রই তামুলপুৰবাসীৰ উপৰি দেশী–বিদেশী পর্যটককো আকর্ষণ কৰিবলৈ সক্ষম হৈছিল৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী, পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী, বৰখোপা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী, মাজদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান উদ্যাপনৰ ক্ষেত্রত তেওঁ লৈছিল বিশেষ ভূমিকা৷

ইয়াৰ উপৰি তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ, দুর্গা মন্দিৰ, তামুলপুৰ শাখা সাহিত্য সভা, তামুলপুৰ জিলা ক্রীড়া সন্থা আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত তেওঁ ওতপ্রোতভাৱে জড়িত আছিল৷ নিজৰ কর্ম ব্যস্ততাৰ মাজতো সময় উলিয়াই বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়, তামুলপুৰ, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ, পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয়, তামুলপুৰ মহাবিদ্যালয় আদিকে ধৰি কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানত ছাত্র–ছাত্রীসকলক ইংৰাজী বিষয়ৰ পাঠদান কৰাৰ উপৰি বহু প্রতিভাসম্পন্ন ছাত্র–ছাত্রীক বিভিন্ন ধৰণৰ গীত শিকাই সাৱলীলভাৱে সেই গীতসমূহ উপস্থাপন কৰাৰ ক্ষেত্রত তেওঁ বিশেষ পদক্ষেপ গ্রহণ কৰিছিল৷ আকাশী লিটাৰেৰী ছ’চাইটীৰ উদ্যোগত বিধায়ক বড়োৰ বিশেষ প্রচেষ্টাত বিগত ১২ বছৰ ধৰি তামুলপুৰত গ্রন্থমেলা অনুষ্ঠিত হৈ আহিছে৷

অসমৰ এজন দক্ষ কুইজ মাষ্টাৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা বিধায়ক বড়োৱে অসমৰ আগশাৰীৰ ভ্রাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰৰ সংগীত উপদেষ্টা হিচাপে কেইবাবছৰো অৰিহণা যোগোৱাৰ উপৰি অসমৰ জনপ্রিয় মাহেকীয়া আলোচনী ‘বার্তা পখিলী’ৰ উপদেষ্টা হিচাপে মৃত্যুৰ আগমুহূর্তলৈকে সেৱা আগবঢ়াই আহিছিল৷ তেওঁ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জনপ্রিয় নাট ‘নিমাতী কইনা’ৰ বড়ো ভাষালৈ ৰূপান্তৰ কৰা ‘নিমাতী খইনা’ আৰু আঠটা জনপ্রিয় জ্যোতি সংগীতৰ বড়ো ভাষালৈ তর্জমাৰে নির্মাণ কৰা ‘সৌৰাং’ নামৰ এলবামটোৰ সকলো দিশতে অৰিহণা যোগাই সংস্কৃতিপ্রেমী ৰাইজৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছিল৷

নৱনির্বাচিত বিধায়ক, অৱসৰপ্রাপ্ত খণ্ড উন্নয়ন বিষয়া, বিশিষ্ট সাহিত্য আৰু সাংস্কৃতিক কর্মী বড়োৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰ বিধানসভা সমষ্টিবাসী শোকত ম্রিয়মাণ হৈ পৰে৷ বিধায়ক বড়োৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে৷ কাকতলৈ প্রেৰণ কৰা এক শোকবার্তাত অধ্যাপক মুখীয়ে কয় যে ডেকা বয়সতে বড়োৰ দৰে জনপ্রতিনিধি এজনক হেৰুৱাবলগীয়া হোৱাটো দুর্ভাগ্যজনক৷ ৰাজ্যপাল অধ্যাপক মুখীয়ে বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গক গভীৰ সমবেদনা জনায়৷ তামুলপুৰ সমষ্টিৰ বিধায়ক, বিশিষ্ট শিক্ষাবিদ লেহোৰাম বড়োৰ পৰলোকপ্রাপ্তিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্রকাশ কৰিছে৷

শনিবাৰে এক শোকবার্তাযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জীৱনকালত একান্ত নিষ্ঠা আৰু আস্থা সহকাৰে আমাৰ সমাজ জীৱনলৈ প্রয়াত বড়োৱে যি অৰিহণা আগবঢ়াই গ’ল, সেয়া সকলোৱে শ্রদ্ধাৰে স্মৰণ কৰিব৷ এজন ৰাজনীতিবিদ হিচাপে তেওঁ আর্থ–সামাজিক ক্ষেত্রখনলৈ যথেষ্ট বৰঙণি যোগাই গৈছে৷ আনহাতে এজন শিক্ষাবিদ হিচাপেও বড়োৱে অঞ্চলটোৰ মানৱ সম্পদ বিকাশৰ দিশত উল্লেখযোগ্য অৰিহণা আগবঢ়াই গৈছে৷ ভাষা–সাহিত্যৰ উত্তৰণৰ বাবে তেওঁ অৱদান আগবঢ়োৱাৰ উপৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ সৈতে জড়িত থাকি, সেই অনুষ্ঠানসমূহৰ বিকাশৰ দিশতো বিশেষ ভূমিকা লৈছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই বিধায়ক বড়োৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

আনহাতে মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘল, হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মন্ত্রী ইউ জি ব্রহ্মক ৰাজ্য চৰকাৰৰ হৈ বিধায়ক বড়োৰ অন্ত্যেষ্টিক্রিয়াত উপস্থিত থাকি শেষ শ্রদ্ধা জ্ঞাপন কৰিবলৈ নির্দেশ দিয়ে৷ তেওঁ লগতে চৰকাৰী মর্যাদাৰে সম্পূর্ণ ক’ভিড প্রট’কল অনুসৰি প্রয়াত বিধায়ক বড়োৰ শেষকৃত্য সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিপ্রধান প্রমোদ বড়ো, তামুলপুৰৰ প্রাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী, বিটিচিৰ কার্যবাহী সদস্য ৰণেন্দ্র নার্জাৰী, ধর্মনাৰায়ণ দাস, এম চি এল এ বিজিত গৌৰা নার্জাৰী, বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, প্রাক্তন কার্যবাহী সদস্য দেৱেন বড়ো, সদৌ অসম ছাত্র সন্থাৰ ক্রীড়া সম্পাদক পূর্ণ ডেকা, অসম সাহিত্য সভাৰ বার্তা সম্পাদক ব্রজেন্দ্র নাথ ডেকা, সদৌ বাক্সা জিলা ছাত্র সন্থাৰ প্রতিষ্ঠাপক সভাপতি সোণেশ্বৰ কলিতা, সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ সভাপতি টাইছন হুছেইন, তামুলপুৰ জিলা ইউ পি পি এল, তামুলপুৰ প্রেছ ক্লাব, তামুলপুৰ শাখা সাহিত্য সভা, আকাশী লিটাৰেৰী ছ’চাইটী, বিষ্ণুজ্যোতি জাতীয় বিদ্যালয়, শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কচুবাৰী মহাপ্রভু গোপাল আৰু জগন্নাথ থান, তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ সমিতি, দুর্গা মন্দিৰ সমিতি, শ্রীমন্ত শংকৰদেৱ শাখা সত্র, তামুলপুৰ আঞ্চলিক ছাত্র সন্থা, বিজেপি নেতা ডাঃ মৃগাংক তালুকদাৰ, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বৰদৈচিলা থিয়েটাৰৰ প্রযোজক নজৰুল ইছলাম, অসম নাট্য সন্মিলনৰ উপ–সভাপতি জয়ন্ত হাজৰিকা, অভিযন্তা দিলীপ কলিতা, নাট্যকাৰ অভিজিৎ ভট্টাচার্য, জ্যেষ্ঠ সাংবাদিক মহিবৰ ৰহমান, অনাথ বন্ধু মজিবৰ ৰহমান, জ্যেষ্ঠ সাংবাদিক ব্রজেন তালুকদাৰ, ইতিহাস থিয়েটাৰৰ প্রযোজক সুভাষ দাস, নলবাৰী হৰি মন্দিৰৰ সম্পাদক নগেন ডেকা আদিকে ধৰি বিভিন্ন দল–সংগঠন, ব্যক্তিবিশেষে বিধায়ক বড়োৰ বিয়োগত শোক প্রকাশ কৰিছে৷

ইপিনে বিধায়ক বড়োৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা পোনে পোনে কুমাৰীকাটালৈ অনা হয়৷ কালানদীৰ পাৰত চৰকাৰী মর্যাদাৰে সম্পূর্ণ ক’ভিড প্রট’কল মানি তেওঁৰ অন্ত্যেষ্টিক্রিয়া সমাপন কৰা হয়৷ ইয়াৰ পাছতেই লেহোৰাম বড়ো সমন্বয় ক্ষেত্রত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই শ্রদ্ধাঞ্জলি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিচিপ্রধান প্রমোদ বড়ো, মন্ত্রী ইউ জি ব্রহ্ম, বাক্সা জিলাৰ উপায়ুক্ত আয়ুস গার্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, মহকুমাধিপতি ড০ বেদাংগ তালুকদাৰ আদিকে ধৰি বিভিন্ন ব্যক্তি আৰু দল–সংগঠনে তেওঁৰ প্রতিকৃতিত মাল্যার্পণ কৰে৷ আনপিনে বিধায়ক বড়োৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক শ্রদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰে তামুলপুৰৰ বিষ্ণু জ্যোতি জাতীয় বিদ্যালয়ে৷ বিদ্যালয়খনৰ অধ্যক্ষ গোপাল কুমাৰ বৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক–কর্মচাৰীসকলে লেহোৰাম বড়োলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্র সন্তানকে ধৰি আত্মীয়–স্বজন আৰু অসংখ্য গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়৷

You might also like