নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছআই নিযুক্তি কেলেংকাৰিৰ এমাহ অতিক্রম; তদন্তৰ আওতালৈ নাহিল প্রাঞ্জল বৰুৱা–গৌতম মেছ

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ তদন্ত ক্রমাৎ ৰহস্যৰ আওতাত সোমাই পৰিছে৷ নিযুক্তি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ লগত জড়িত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণসহ বহুকেইগৰাকী দালাল ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে৷ গ্রেপ্তাৰ হৈছে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা অন্যতম প্রতিষ্ঠান অক্ষয় টেলিকমিউনিকেচনৰ স্বত্বাধিকাৰী ৰুবুল হাজৰিকা৷ কিন্তু কেৱল অক্ষয় টেলিকমিউনিকেচনেই এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা নাছিল৷ তেওঁলোকৰ লগতে দায়িত্ব লাভ কৰিছিল আন এটা প্রতিষ্ঠান এমেইনটেক কনছালটেণ্টে৷ প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী হ’ল বহু বিতর্কিত প্রাঞ্জল বৰুৱা নামৰ ব্যক্তিগৰাকী৷ কিন্তু আজিপর্যন্ত আৰক্ষীৰ তদন্তৰ আওতালৈ নাহিল এইগৰাকী প্রাঞ্জল বৰুৱা৷ ইয়াক লৈ স্বাভাৱিকতে আৰম্ভ হৈছে ব্যাপক প্রতিক্রিয়া৷ আৰক্ষীৰ ভিতৰুৱা সূত্রৰ খবৰ অনুসৰি, কেইবাবছৰ আগৰ পৰাই প্রাঞ্জল বৰুৱা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ লগত জড়িত৷

অৱসৰপ্রাপ্ত আই পি এছ বিষয়া তথা ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ প্রাক্তন অধ্যক্ষ প্রদীপ কুমাৰৰ জৰিয়তে প্রাঞ্জল বৰুৱা নামৰ ব্যক্তিগৰাকী প্রৱেশ কৰিছিল আৰক্ষী সঞ্চালকপ্রধানৰ কার্যালয়ত৷ কার্যালয় খোলাৰ পৰা বন্ধ হোৱালৈ সমগ্র দিনটো তেওঁ প্রদীপ কুমাৰৰ কোঠাত বহিয়েই কটাইছিল৷ নিযুক্তি সম্পর্কীয় ঠিকাসমূহ হস্তগত কৰাৰ কূটকৌশলো সঞ্চালকপ্রধানৰ কার্যালয়তে ৰচনা কৰা হৈছিল৷ অসমৰ কোনো কোম্পানীয়ে যাতে নিবিদাত অংশগ্রহণ কৰিব নোৱাৰে, তাৰ বাবে নিবিদাৰ জাননীত কেতবোৰ অদ্ভুত চর্ত আৰোপ কৰা হৈছিল৷ সেই চর্তসমূহ কেৱল প্রাঞ্জল বৰুৱাৰ লগত সম্পর্ক থকা কোম্পানীয়েহে পূৰ কৰিব পাৰে৷ এইদৰেই প্রাঞ্জল বৰুৱাৰ কৌশল অনুসৰি পূর্বতে হায়দৰাবাদৰ ব্লুম ইলেক্ট্র’নিক্ছ নামৰ কোম্পানীটোৱে আৰক্ষী নিযুক্তিৰ ঠিকাসমূহ হস্তগত কৰিছিল৷ কেৱল নামতহে আছিল ব্লুম ইলেক্ট্র’নিক্ছ, আচলতে সমস্ত প্রক্রিয়াটো আছিল প্রাঞ্জল বৰুৱাৰ হাতৰ মুঠিত৷ নীতি বহির্ভূতভাৱে আৰু জাল নথিপত্রৰে ব্লুম আৰু এমেইনটেকক ঠিকা দিয়াৰ অভিযোগ তুলি সেই সময়ত আদালতৰ দ্বাৰস্থ হৈছিল অক্ষয় টেলিকমিউনিকেচনৰ ৰুবুল হাজৰিকা৷ কিন্তু পৰৱর্তী সময়ত ৰুবুল হাজৰিকা আৰু প্রাঞ্জল বৰুৱাৰ মাজত বুজাবুজি হয় আৰু সেই অনুসৰি তেওঁলোকে যুটীয়াভাৱে আৰক্ষী নিযুক্তিৰ ঠিকা লাভ কৰে৷

ইয়াৰ বাবে ঢ়াল হিচাপে ব্যৱহাৰ কৰে কেৰালাৰ কেলট্রন নামৰ প্রতিষ্ঠানটোক৷ লক্ষণীয়ভাৱে যোৱা ২০ ছেপ্ঢেম্বৰত পৰীক্ষা অনুষ্ঠিত হোৱা দিনটোতে প্রশ্ণকাকত ফাদিলৰ ঘটনা পোহৰলৈ আহে৷ তদন্তত পোহৰলৈ আহে যে অক্ষয় টেলিকমিউনিকেচনৰ ৰুবুল হাজৰিকাই ৪০ লাখ টকাৰ বিনিময়ত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ পৰা প্রশ্ণকাকত কিনি আনিছিল৷ ৰুবুল হাজৰিকা আৰু কুমাৰ সঞ্জীত কৃষ্ণ দুয়োগৰাকী এতিয়া কাৰাগাৰত৷ জালত পৰিছে জীৱন ডেকা, সৰোজ শর্মাৰ দৰে দালালো৷ কিন্তু সমগ্র প্রক্রিয়াটোত ৰুবুল হাজৰিকাৰ ঘনিষ্ঠ তথা অন্যতম সহযোগী প্রাঞ্জল বৰুৱাক এবাৰো সোধা–পোছা কৰাৰ প্রয়োজন অনুভৱ কৰা নাই অসম আৰক্ষীয়ে৷ ইয়াৰ মূল কাৰণেই হ’ল– কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়৷ প্রাঞ্জল বৰুৱাৰ প্রতিষ্ঠানত হাত দিলেই কেৱল শেহতীয়া কেলেংকাৰিয়েই নহয়, কংগ্রেছৰ আমোলাৰ পৰা সংঘটিত হৈ অহা আৰু বহু ক’লা অধ্যায় পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ য’ত আৰক্ষীৰ বহু বিয়াগোম বিষয়াৰ নাম সাঙোৰ খাই আছে৷ আৰক্ষীৰ উপৰি আন বহু বিভাগৰ নিযুক্তি কেলেংকাৰিৰ সময়তো প্রাঞ্জল বৰুৱাৰ নাম উচ্চাৰিত হৈছিল৷ কিন্তু প্রাঞ্জল বৰুৱাই মুখ খুলিলে বহু বৰমূৰীয়াৰ মুখা খোল খোৱাৰ ভয়ত আজিলৈ আৰক্ষীয়ে তেওঁক জেৰা কৰাৰ বাবে সাহস গোটাব পৰা নাই৷ একেই কাৰণতে প্রদীপ কুমাৰৰ আন এগৰাকী ঘনিষ্ঠ গৌতম মেচো আজিলৈ তদন্তৰ আওতালৈ অহা নাই৷

You might also like