নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ মাটিত এনৰেগাৰ কাম কৰাত বাধা নগাৰঃ মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ২৩ মেঃ নাগালেণ্ডৰ সীমামূৰীয়া অসমৰ মাটিত নগাৰ লোলুপ দৃষ্টি পৰাটো কোনো নতুন কথা নহয়। নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলসমূহ নিজৰ দলহকলৈ নিবলৈ বিভন্ন পন্থা অৱলম্বন কৰিছে নাগালোকে । এইবাৰ অসমৰ মাটিত অসমৰ এনৰেগাৰ জৰিয়তে হোৱা কামত বাধা দিবলৈ আহিল একাংশ নগা লোক। ঘটনাটো মৰিয়নিৰ অসম নগালেণ্ড সীমামূৰীয়া উদয়পুৰৰ সমীপৰ লালমাটি উখনাঘাটত (বগৰীগুৰি নামেৰে জনাজাত) সংঘটিত হৈছে। উল্লেখযোগ্য যে, মৰিয়নি বিধান সভা সমষ্টিৰ অন্তৰ্গত ৬১ নং কাটনি গাঁও পঞ্চায়তৰ তত্বাৱধানত ভোগদৈ নৈৰ দাঁ‌তিত এনৰেগাৰ কাম চলি আছিল। পঞ্চায়তখনৰ উদ্যোগত উক্ত ঠাইডোখৰৰ উন্নয়নৰ কাম চলিছিল এনৰেগাৰ জৰিয়তে। প্ৰথম কাম আৰম্ভ হোৱাৰ দিনাই সমীপৰ আও চংগম (স্থানীয় ভাষাত ভোগদৈ বস্তি) নামৰ নগা বস্তিখনৰ জনৈক নগা ব্যক্তিয়ে উদয়পুৰৰ স্থানীয় লোকলৈ ফোন যোগে উক্ত কাম বন্ধ ৰাখিবলৈ কয় । কিন্তু তাৰ পিছতো এনৰেগাৰ কাম আছিল । শেহতীয়াকৈ এনেৰেগাৰ কামৰ ফলক স্থাপন কৰে পঞ্চায়তখনে । এই কাৰ্য্যত যেন এক প্ৰকাৰ জাঙুৰ খাই উঠে নগালোকসকল। কেইজনমান নগা লোক আহি তাত কাম কৰি থকা লোকসকলক তাত ফলক কিয় স্থাপন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে ইয়াৰ বাবে কিবা পৰিস্থিতিৰ উদ্ভৱ হ’লে তেওঁলোক দায়ী নহয় বুলি সকিয়াই দিয়ে । আনকি উক্ত স্থানডোখৰ অসমৰ নহয় নগালেণ্ডৰ বুলিহে তেওঁলোকে দাবী কৰে । উল্লেখযোগ্য যে, নগা লোককেইজন স্থানীয় লোকসকলৰ চিনাকি হোৱাৰ সূত্ৰে নগা লোককেইজনে তাত কাম কৰি থকা লোকসকলৰ সৈতে ভালদৰেই কথা পাতে । কিন্তু ইয়াৰ পিছত কিবা পৰিস্থিতিৰ সৃষ্টি হ’লে তেওঁলোক জগৰীয়া নহ’ব বুলি সকিয়নি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইফালে, প্ৰথম পৰ্য্যায়ত এনৰেগাৰ কাম সমাপ্ত হোৱাত সম্প্ৰতি কাম বন্ধ হৈ আছে যদিও দুই এদিনতে পুনৰ উক্ত স্থানত কাম আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পিছতেই নগালেণ্ড আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি পৰ্য্যবেক্ষন কৰি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে । অসমৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ আৰু ভোগদৈ নৈৰ দাঁ‌তিতে অৱস্থিত এই ঠাইডোখৰ শেহতীয়াকৈ পৰ্য্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে । অসমৰ মাটিত অসমৰ এনৰেগাৰ কাম হোৱা কাৰ্য্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগালোকে এই কামৰ বিৰোধীতা কৰা কাৰ্য্যই স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসম নগালেণ্ড সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা বুলি সততে কৈ অহা অসম চৰকাৰৰ প্ৰতিনিধিৰ লগতে প্ৰশাসন, বন বিভাগ আৰু আৰক্ষীৰ ভূমিকা এতিয়া কি হ’ব সেয়া নিতান্তই লক্ষণীয় হ’ব ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like