নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ বিশেষ শাখাৰ ডি এছ পিক ধুবুৰীলৈ বদলি: বটদ্ৰৱা কাণ্ডৰ প্ৰতিক্ৰিয়া

বিশেষ বাৰ্তা, ২৩ মে’ : নগাঁও আৰক্ষীৰ উপ- আৰক্ষী অধীক্ষক ( বিশেষ শাখাৰ) দীপ্তি মালীক তৎকালীনভাৱে বলৱৎ হোৱাকৈ ধুবুৰীলৈ বদলিৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে। উল্লেখযোগ্য যে বটদ্ৰবা থানা অগ্নিসংযোগ ঘটনাৰ তৃতীয় দিনটোত গৃহ বিভাগৰ এই নিৰ্দেশে বিশেষ ইংগিত বহন কৰিছে। বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নগাঁৱত কাৰ্যনিৰ্বাহ কৰি আছিল দীপ্তি মালীয়ে। কিন্তু আজি বিয়লি নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে সাংবাদিকৰ আগত বটদ্ৰৱা কাণ্ডৰ কোনো ইনপুট নাছিল বুলি অৱগত কৰি নগাঁৱৰ বিশেষ শাখাৰ একপ্ৰকাৰ ব্যৰ্থতাৰ কথা স্বীকাৰ কৰিছিল। আনকি বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ আগতীয়া কোনো তথ্য নাছিল নগাঁৱৰ বিশেষ শাখাৰ হাতত। দীপ্তি মালীৰ স্থলাভিষিক্ত কৰিছে টেঙাখাটৰ ১৯নং অসম আৰক্ষী বাহিনীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত অসম আৰক্ষী সেৱা বিষয়া বাবুধৰ দেউৰীক।

প্ৰেৰক কনক হাজৰিকা

You might also like