নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙাপৰাত চাহ মজদুৰ সংঘৰ আন্তৰ্জাতিক নাৰী দিৱস পালন

সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ ৰঙাপৰাতো দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ উদ্যোগত ৰঙাপৰাত নাৰী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা ৰেলী উলিওৱা হয় ।

সজাগতা ৰেলীত চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ সাধাৰণ সম্পাদক সুনীল টুটিৰ লগতে কেইবাশ মহিলাই অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, নাৰী শক্তি জিন্দাবাদ, নাৰী ঐক্য জিন্দাবাদ, নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰক ইত্যাদি বিভিন্ন শ্লোগান দি সমগ্ৰ ৰঙাপৰা নগৰ পৰিভ্ৰমণ কৰে । সজাগতা ৰেলীৰ পিছতে এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় ।

নিয়মীয়া বাৰ্তা, বালিপৰা, ৮ মাৰ্চ :

You might also like