নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ অলিয়ে গলিয়ে বিজেপি নেত্ৰী মৌচুমী ব্ৰহ্মৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৮ মাৰ্চ : সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে ব্যাপক হাৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ শাসক-বিৰোধী । অসমত আকৌ এবাৰ বিজেপি চৰকাৰ গঠন কৰিবলৈ শাসকীয় বিজেপি দলৰ নেতাসকলে বিভিন্ন সভা-সমিতি অনুষ্ঠিত কৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ।

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ আন আন বিধানসভা সমষ্টিৰ লগতে নতুন জনগাঁথনিৰে গঠিত হোৱা ২৮নং বকো-ছয়গাঁও (অনুসূচিত জনজাতি) বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী মৌচুমী ব্ৰহ্মই চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। বিজেপি নেত্ৰীগৰাকীয়ে প্ৰতিদিনেই ৰাইজৰ মাজলৈ গৈ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লোৱা পৰিলক্ষিত হৈছে ।

বিজেপি নেত্ৰীগৰাকীয়ে শনিবাৰে বকোৰ বহুকেইটা স্থানত উপস্থিত হৈ ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু আগন্তুক নিৰ্বাচনত তেওঁক দলে সমষ্টিৰ সেৱা কৰিবলৈ সুবিধা দিলে তেওঁ গুৰুত্বসহকাৰে সমষ্টিবাসী ৰাইজৰ ওচৰত থাকি কাম কৰাৰ আশ্বাস প্ৰদান কৰে ।

বিজেপি নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত কয়- “মই এগৰাকী বিজেপি দলৰ নিষ্ঠাৱান কৰ্মী। বহু বছৰ ধৰি দলৰ সেৱা কৰি আহিছোঁ। দলে আজিলৈ যি দায়িত্ব দিছে, সেয়া সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাৰ যদি দলে মোক সন্মানীয় বকো-ছয়গাঁও বিধানসভা সমষ্টিত ৰাইজৰ সেৱা কৰিবলৈ সুযোগ দিয়ে, মই নিশ্চয়কৈ ৰাইজৰ সেৱা কৰি যাম।”

You might also like