নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ধুবুৰীৰ মেদেৰটাৰী লঞ্চ ট্ৰেজেডীৰ ১১ বছৰ : আজিও নাহিল তদন্তৰ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ কাইলৈ ৩০ এপ্ৰিল। ১১ বছৰ পূৰ্বে ২০১২ চনত কাইলৈৰ দিনটোতে সংঘটিত হৈছিল ৰাজ্যৰ আটাইতকৈ ভয়াৱহ নাও দূৰ্ঘটনাটো৷ সিদিনা ধুবুৰী চহৰৰ যোগমায়া ঘাটৰ পৰা ব্ৰহ্মপুত্ৰইদি বিয়লি ৩ মান বজাত মেদেৰটাৰী অভিমুখে যাত্ৰা কৰিছিল পাঁচ ভাই’ নামৰ লেছীচালিত লঞ্চ এখন। যাত্ৰাৰম্ভ কৰাৰ আনুমানিক প্ৰায় ডেৰ ঘন্টা মান পিছত ফুট গধূলীত সংঘটিত হৈছিল সেই দূৰ্ঘটনাটো। গন্তব্যস্থান মেদেৰটাৰীৰ নদী ঘাট পোৱালৈ বাকী আছিল মাথো কেইকিলোমিটাৰ পথ। কিন্তু তাৰ পূৰ্বে এক প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈছিল লঞ্চখন। সেই কাল ধুমুহাত খণ্ড বিখণ্ড হোৱা লঞ্চখনৰ ৪৭গৰাকী যাত্ৰীয়ে সিদিনা প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখনৰ সম্ভাব্য যাত্ৰীসংখ্যাক লৈও সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। কিয়নো লেছী নিয়ন্ত্ৰণাধীন ধুবুৰীৰ যাত্ৰীবাহী লঞ্চবোৰৰ অধিকাংশতে নাছিল যাত্ৰীৰ কোনোধৰণৰ টিকটৰ ব্যৱস্থা। ফলত সিদিনা দুৰ্ঘটনাত পতিত হোৱা লঞ্চখনত দৰাচলতে কিমান যাত্ৰী আছিল সেই সংখ্যাক লৈ প্ৰথমাৱস্থাত বিপাঙত পৰা দেখা গৈছিল জিলা প্ৰশাসনকে ধৰি আভ্যন্তৰীণ জল পৰিবহন বিভাগে। ইফালে মেদেৰটাৰীৰ সেই দুৰ্ঘটনাটোৱে লেছী নিয়ন্ত্ৰাধীন সেই লঞ্চখনে যাত্ৰীৰ উপৰিও বহন ক্ষমতাতকৈ অধিক সামগ্ৰী কঢ়িওৱা বুলিও উন্মোচিত হৈছিল। পোহৰলৈ আহিছিল ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি চলাচল কৰা লেছী চালিত যাত্ৰীৱাহী, মালৱাহী লঞ্চ আৰু ভূটভূটিবোৰৰ অধিকাংশৰে বিভাগীয় অনুজ্ঞাপত্ৰ নথকাৰ বিষয়টোও। দূৰ্ঘটনাটোৰ পিছত দুৰ্ঘটনাগ্ৰস্থ সেই লঞ্চখনৰ বিভাগীয় অনুজ্ঞা পত্ৰকে ধৰি বীমাকৰণ নথকাৰ বিষয়টোও পোহৰলৈ আহিছিল। ফলত স্বাভাৱিক ভাৱেই মেদেৰটাৰীৰ সেই লঞ্চ দুৰ্ঘটনাটোৰ পিছত লঞ্চ অথৱা ভূটভূটীৰে ধুবুৰীলৈ নিতৌ অহা–যোৱা কৰা শ শ নাও যাত্ৰীসকলৰ প্ৰতি থকা চৰকাৰৰ ন্যুনতম দায়বদ্ধতা আছে নে নাই সেই প্ৰশ্নও উত্থাপিত প্ৰশ্নও। ইফালে মেদেৰটাৰীৰ নাওঁ দূৰ্ঘটনাটোৱে ৰাজ্যৰ লগত সমগ্ৰ দেশত খলকনি তোলাৰ পিছ মুহুৰ্তৰে পৰা দুৰ্গম, অনগ্ৰসৰ মেদেৰটাৰীলৈ আগমন ঘটা দেথা লৈছিল হাই প্ৰোফাইল নেতা, মন্ত্ৰী আৰু আমোলাৰ। ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈসহ মেদেৰটাৰীত উপস্থিত হৈছিল কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীও। মেদেৰটাৰীত উপস্থিত হৈ তদানীন্তন কেন্দ্ৰীয় শ্বিপিং মন্ত্ৰী (Minster, Ministry of Shipping) জি. কে ভাছানে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত আগলৈ যাতে এনে ধৰণৰ দূৰ্ঘটনা নঘটে সেয়া ৰোধ কৰাৰ বাবে নিৰাপদ জল পৰিবহন ব্যৱস্থা গঢ়ি তোলা হ’ব বুলি ঘোষণা কৰিছিল। শোকবিহ্বল মেদেৰটাৰীবাসীলৈ অঞ্চলটোৰ উন্নয়নৰ বাবে তদানীন্তন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিভিন্ন উন্নয়নমূলক আঁচনী ৰূপায়িত কৰাৰো আশ্বাসো প্ৰদান কৰা হৈছিল। ইপিনে দুৰ্ঘটনাটোৰ পিছত ৰাজ্য চৰকাৰ আৰু ধুবুৰী জিলা প্ৰশাসনে পৃথকে পৃথকে দুটাকৈ তদন্ত আৰম্ভ হোৱা বুলি ঘোষণা কৰিছিল। আনকি জিলাখনৰ তদানীন্তন উপ–আৰক্ষী অধীক্ষক পৰ্যায়ৰ এগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা মেদেৰটাৰীত ৰাজহুৱা শুনানীৰ ব্যৱস্থা কৰাও হৈছিল। কিন্তু পৰিতাপৰ কথা এয়াই যে মেদেৰটাৰীৰ শোকাৱহ সেই দুৰ্ঘটনাটোৰ আজি প্ৰায় ১০ বছৰ উকলিবৰ হ’ল যদিও বৰ্তমানেও পোহৰলৈ নাহিল এটা তদন্তৰো প্ৰতিবেদন। আনকি দুৰ্ঘটনাটোৰ পিছত মেদেৰটাৰীবাসীক ৰজাঘৰীয়াৰ পৰা প্ৰদান কৰা বিভিন্ন প্ৰতিশ্ৰুতিৰ কেইবাটাও ৰূপায়িত নহ’ল দীৰ্ঘ এই ১০ বছৰে। পিছে আটাইতকৈ পৰিতাপৰ কথা কিন্তু এয়াই যে ধুবুৰীৰ ব্ৰহ্মপুত্ৰইদি দৈনিক শ শ নাওযাত্ৰীৰ বিপদসংকুল নাওযাত্ৰা এতিয়াও আছে অব্যাহত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like