নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ আৰক্ষীৰ অভিযানত বকোত ৮ চুৰি বাইক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিল : কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত কামৰূপ আৰক্ষীয়ে শুক্ৰবাৰে চুৰি বাইকৰ বিৰূদ্ধে অভিযান চলাই।বকো আৰক্ষী থানাৰ অন্তৰ্গত ডেকাচাং,সোনতলী আৰু বিভিন্ন অঞ্চলত চুৰি বাইকৰ বিৰূদ্ধে অভিযান চলাই ৮খন সন্দেহযুক্ত চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে বাইক কেইখনৰ লগত ৮গৰাকী লোকক অধিক তথ্য সোধপোচৰ বাবে আটক কৰে। কামৰূপ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান পাঠকৰ নেতৃত্বত আৰু ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলি দাসৰ সহযোগত চলিছিল এই অভিযান।কামৰূপ আৰক্ষীৰ দলটোৱে চুৰি বাইক সহ আটকাধীন লোক কেইজনক প্ৰথমে ছমৰীয়া আৰক্ষী পহৰা চকীলৈ লৈ আনে আৰু পৰৱৰ্তী সময়ত চুৰি বাইক সহ আটকাধীন লোক কেইজনক পলাশবাৰী আৰক্ষী থানালৈ লৈ যায়। এই সন্দৰ্ভত বৰ্তমানে কামৰূপ আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যান পাঠকে জানিবলৈ দিয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like