নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগৰীবাৰীৰ  ছাতাগুৰিত বিবাহ যাত্ৰীৰ চাৰিখন চাৰিচকীয়া গাড়ী দুৰ্ঘটনাত পতিত

নিয়মীয়া বাৰ্তা, ১৭মে : পৰ্বতঝোৰাৰ মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাতাগুৰীত আজি পুবতি নিশা গৌৰীপুৰৰ পৰা বগৰীবাৰী অভিমূখে আহি থকা চাৰিখন  চাৰিচকীয়া বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে প্ৰবল বৰষুণৰ ফলত পাহাৰৰ মাটি ভূমিস্খলন হৈ ঘাইপথৰ পৰাত উক্ত ঠাইলৈ একে গতিৰে আহি থকা এই চাৰি চকীয়া গাড়ী চাৰিখনে লুটি খাই পৰি ৰাষ্ট্ৰীয় ঘাই পথত দূৰ্ঘটনাত পথিত হয় । দুৰ্ঘটনাত পতিত হোৱা চাৰি চকীয়া বাহন কেইখনৰ নম্বৰ ক্ৰমে AS-17E-5872 , AS-17K-6409, AS-17F-8201 আৰু  AS01MB2928 বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। উল্লেখযোগ্য যে ,যোৱা ৰাতি নেৰা নেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ছাতাগুৰি পাহাৰৰ পৰা ৰঙা মাটি ভূমিস্খলন হৈ ১৭নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত ঠাইলৈ চপৰা চপৰকৈ পৰি এক বোকাময় কদৰ্য পৰিবেশৰ সৃষ্টি হৈ পৰে। ৰাতি অধিক হোৱাত বৰষুণৰ মাজতে একে গতিৰে আহি হঠাতে যাতায়াতৰ এনে এক অনুপযোগী পৰিবেশ দেখি গাড়ী চালকসকলে দিকভান্ত হৈ এনে এক ভয়ানক দূৰ্ঘটনাত পতিত হয়। পিছত এই দূৰ্ঘটনা খবৰ বগৰীবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে লাভ কৰি দূৰ্ঘটনাত স্হলিত উপস্থিত হৈ বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱা গাড়ীকেইখনৰ লগতে গাড়ীকেইখনত থকা যাত্ৰীসকলক। উদ্ধাৰ কৰি বগৰীবাৰী আৰক্ষী  থানালৈ আনে। অবশ্যে এই এই দূৰ্ঘটনাত ভয়াবহ হোৱা সত্বেও গাড়ী কেইখনত কোনো যাত্ৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱাৰ বাতৰি লিখা পৰলৈকে পোৱা হোৱা নাই । বগৰীবাৰী থানাৰ আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like