নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ পৰা টকা চুৰি কৰি আই পি এল জুৱাত ব্যস্ত সোণাৰিৰ ছাত্র

বিশেষ বাৰ্তা,  ৫ মে’ : সমগ্ৰ ৰাজ্যৰ লগতে সম্প্ৰতি চৰাইদেউ জিলাতো ব্যাপক হাৰত বৃদ্ধি পাইছে আই পি এলৰ জুৱাৰীৰ সংখ্যা। সন্ধিয়া হ’লেই তিনিআলি-চাৰিআলিত ল’ৰাৰ পৰা বুঢ়ালৈকে আই পি এল জুৱাত ব্যস্ত হৈ পৰে। নিতৌ আই পি এলৰ ক্রিকেট খেলৰ নামত সমগ্র জিলাখনত হাজাৰৰ পৰা লাখ টকা পর্যন্ত আই পি এল জুৱা অনুষ্ঠিত হৈ আহিছে। আই পি এলৰ জুৱাই সম্প্রতি সমগ্র জিলাখনত সামাজিক পৰিৱেশ বিনষ্ট কৰি পেলাইছে। ইফালে, এই আই পি এলৰ জুৱাই এতিয়া জিলাখনৰ ছাত্র সমাজকো গ্ৰাস কৰি পেলোৱাৰ তথ্য পোৱা গৈছে। হাইস্কুলত পঢ়া ছাত্রয়ো আই পি এল এলৰ জুৱাৰ নামত হাজাৰ হাজাৰ টকাৰ খেলত নামি পৰা তথ্যই সচেতন ৰাইজক চিন্তিত কৰি তুলিছে। ঘৰৰ পৰা টকা চুৰি কৰি নি আই পি এল জুৱাত ব্যস্ত হৈ পৰিছে জিলাখনৰ বহু কম বয়সীয়া ছাত্র। আনকি এনেধৰণৰ ঘটনা সন্দৰ্ভত অভিভাৱকে জিলা সদৰ সোণাৰি আৰক্ষী থানাত অভিযোগ দিয়াৰ ফলত আৰক্ষীয়ে কেইজনমান ছাত্রক আটক কৰাৰো তথ্য পোৱা গৈছে। অৱশ্যে ছাত্রকেইজনক অৱশেষত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

 

প্ৰেৰক দীপাংকৰ পাল

You might also like