নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃলৈ লিখা ইপ্সিতা দাস-ৰ নোটত দোষাৰোপ জন্মদাত্ৰী মাতৃক

কিয়নো স্বয়ং মাতৃয়ে অত্যাচাৰ কৰি আহিছিল ইপ্সিতাক। ইপ্সিতাই এৰি থৈ যোৱা নোটত ওলাইছে নতুন বিস্ফোৰক তথ্য।

পিতৃলৈ লিখা ইপ্সিতা দাস-ৰ নোটত দোষাৰোপ জন্মদাত্ৰী মাতৃক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : মহানগৰীৰ ভঙাগড়ৰ ইপ্সিতা দাসৰ চৰম পন্থাৰ ঘটনাই লৈছে নতুন মোৰ। পিতৃলৈ লিখা নোটত ইপ্সিতাই দোষাৰোপ কৰিছে জন্মদাত্ৰী মাতৃক। কিয়নো স্বয়ং মাতৃয়ে অত্যাচাৰ কৰি আহিছিল ইপ্সিতাক। ইপ্সিতাই এৰি থৈ যোৱা নোটত ওলাইছে নতুন বিস্ফোৰক তথ্য।

পিছে কালি পৰিয়ালবর্গই সদৰী কৰা মতে ২১ বছৰীয়া যুৱতীগৰাকীৰ চিণ্টু কলিতা (৩৮) নামৰ এজন যুৱকৰ সৈতে দীর্ঘদিন ধৰি প্রেমৰ সম্পর্ক আছিল৷ কিন্তু দীর্ঘসময় ধৰি যুৱকজনে মানসিক নির্যাতন চলোৱাৰ বাবে অৱশেষত বাধ্য হৈ ঈপ্সিতা দাসে আত্মহননৰ দৰে পথ বাছি লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালে৷

একাংশ স্থানীয় লোকে সদৰী কৰা মতে ৰাজ্যৰ এটা শক্তিশালী ৰাজনৈতিক দলৰ সক্রিয় নেতা হৈছে চিণ্টু কলিতা৷ ঈপ্সিতা দাসৰ দূৰ সম্পর্কীয় মোমায়েক আছিল চিণ্টু কলিতা৷ কিন্তু কম বয়সীয়া যুৱতীগৰাকীক প্রেমৰ জালত পেলাই চিণ্টু কলিতাই দীর্ঘদিন ধৰি ধন–সম্পত্তি দাবী কৰি আহিছিল৷

ঈপ্সিতাৰ লগত প্রেমৰ সম্পর্ক চলি থকাৰ পাছতো আন এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল চিণ্টু কলিতাৰ৷ এই কথা জনাৰ পাছত দুয়োৰে মাজত তীব্র বাক্–বিতণ্ডাও হয়৷ পৰিয়ালে জানিবলৈ দিয়া মতে যুৱতীগৰাকীৰ ম’বাইল ফোনৰ হোৱাটছএপৰ বার্তাত চিণ্টু কলিতাই বিভিন্ন অশ্লীল ভাষাৰে ঈপ্সিতা দাসক গালি–গালাজ দিছিল৷ তাৰ পাছতে কালি পুৱতিনিশা প্রায় ৩.৪৫–৪ বজাত যুৱতীগৰাকীয়ে আত্মহননৰ দৰে পথ বাছি লোৱাৰ দাবী কৰিছে পৰিয়ালবর্গই৷

এই সন্দর্ভত পৰিয়ালে ভঙাগড় থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও ৰাজনৈতিক দলৰে থকা সুসম্পর্কৰ বাবে আৰক্ষীয়েও ঘটনাটোৰ তদন্ত কৰিবলৈ ইচ্ছা প্রকাশ কৰা নাই বুলি পৰিয়ালবর্গই সদৰী কৰিছে৷ অৱশ্যে ভঙাগড় থানাই পৰিয়ালৰ এই অভিযোগৰ বিপৰীতে চিণ্টু কলিতাক ঈপ্সিতা দাসৰ আত্মহনন সন্দর্ভত জেৰা চলাব বুলি জানিবলৈ দিছে৷

পৰিয়ালে অত্যাচাৰ চলোৱাৰ দাবী কৰা যুৱক চিণ্টু কলিতাই আৰক্ষীক সকলো প্ৰকাৰে সহযোগ কৰা আশ্বাস দিছে

You might also like