নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেৰাপানী সীমান্তত পুনৰ নগাৰ আগ্ৰাসন

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চ : অসম-নাগালেণ্ড সীমান্তত অৱ্যাহত আছে নগাৰ ধাৰাবাহিক আগ্ৰাসন। বিশেষকৈ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত নগাই নিত্য নতুন কৌশলেৰে চলাই আছে আগ্ৰাসন প্ৰক্ৰিয়া। আজি পুনৰ মেৰাপানীৰ ১নং ওপৰ তৰানি গাঁৱত সদলবলে আগ্ৰাসন চলালে নগাৰ এটা বৃহৎ বাহিনীয়ে। গাঁওখনৰ অসমীয়া পৰিয়ালৰ ভোগদখলত থকা বৃহৎ ভূমিখণ্ডত নগাই এফালৰ পৰা কাটি তহিলং কৰিলে বহু মূল্যৱান গছ-গছনি। আজি পুৱাই প্ৰায় দুই শতাধিক নগাই অঞ্চলটোৰ জিতেন চুতীয়া, কৃষ্ণ গগৈ আৰু ভুৱন শইকীয়াৰ বাৰিত অনাধিকাৰ প্ৰৱেশ কৰি এফালৰ পৰা কাটিবলৈ ধৰে গছ-গছনিসমূহ। পুৰুষ মহিলা সমন্বিতে ভৈয়ামলৈ নামি অহা নগাৰ দলটোৱে কোনো সোধপোছ নকৰাকৈ গছ গছনিসমূহ কাটি তহিলং কৰাত আতংকিত হৈ পৰে স্থানীয় গাঁওবাসী। উল্লেখযোগ্য যে বিগত এটা বছৰ ধৰি উক্ত ভূমিখণ্ডত নগাই নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে আগ্ৰাসনৰ চেষ্টা চলাই আহিছিল যদিও নিৰপেক্ষ বাহিনী চিআৰপিএফৰ হস্তক্ষেপত নগাই আগ্ৰাসনত সফল হ’ব পৰা নাছিল। কিন্তু আজি সকলোৰে অগোচৰে হাতে হাতে দা-কুঠাৰ লৈ নগাৰ দলটোৱে অতৰ্কিতে সেই স্থানত উপস্থিত হৈ প্ৰায় পাঁচ বিঘা ভূমিত থকা গছ গছনি কাটি তহিলং কৰে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত পাছত নিৰপেক্ষ বাহিনী চিআৰপিএফৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত অৱশ্যে নগাৰ দলটো আঁতৰি যায়। উল্লেখ্য যে উপৰ তৰানি গাঁৱত ১৯৭০ চনতে অসম চৰকাৰে অসমীয়া পৰিয়ালসমূহক ভূমি আৱন্টন দিছিল। প্ৰায় পাঁচটা দশকধৰি অসমীয়াৰ ভোগদখলত থকা ভূমিখণ্ডত শেহতীয়াকৈ নগাৰ শেনচকু পৰাত কৌশলেৰে বেদখল কৰিবলৈ উঠিপৰি লাগিছে। ইফালে বিবদমান অঞ্চল হোৱা হেতুকে বৰ্তমান মেৰাপানী সীমান্তৰ বৃহত অঞ্চলৰ দখলিস্বত্তক লৈ মহামান্য উচ্চতম ন্যায়ালয়ত গোচৰ বিচৰাধীন হৈ আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গোচৰ নিস্পত্তি নোহোৱা পৰ্য্যন্ত সীমান্ত অঞ্চলটোত দোয়ো ৰাজ্যই স্থিতাৱস্থা বাহাল ৰখাটো বাধ্যতামূলক। কিন্তু নগা পক্ষই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি প্ৰায়ে অসমভূমিত বেদখলৰ চেষ্টা চলাই আহিছে। আজি নগা বেদখলকাৰী বাহিনীৰ এনে যুদ্ধংদেহী তৎপৰতা দেখি একপ্ৰকাৰ শংকিত হৈ পৰে স্থানীয় অসমীয়া লোকসকল।
প্ৰেৰক আলি হুছেইন
You might also like