নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছদ্মবেশত ঢাকাত বাহৰ ISI বিষয়াৰ, এমিৰেটাছ এয়াৰলাইন্সৰ বিমানেৰে বাংলাদেশলৈ ব্রিগেডিয়াৰ নাদিম-ছাউদ

ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে উত্তৰপূৰ্বাঞ্চলকৈ এক ভায়বহ ব্লু-প্ৰিন্ট ৰচনা কৰি থকাৰ আশংকা ঘনীভূত হৈছে। আন্তৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ উত্তৰপূৰ্বাঞ্চলকলৈ এটাৰ পিছত এটাকৈ অবাঞ্ছিত তথা অনাকাংখিত মন্তব্য আগবঢ়াই থকা মুখ্য উপদেষ্টা মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ পৃষ্ঠপোষকতাত পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয়ৰ ছদ্মবেশী শীৰ্ষ বিষয়াৰ এটা দলে শেহতীয়াকৈ বাংলাদেশ ভ্ৰমণ কৰে।

যোৱা ২৮ জুনত ছদ্ম নামত ভুৱা পাছপৰ্টেৰে ৰাজ আতিথ্যলৈ বাংলাদেশলৈ প্ৰৱেশ কৰা ব্ৰিগেডিয়াৰ জেনাৰেল পৰ্যায়ৰ আই এছ আয়ৰ স্পেচিয়েল ছাৰ্ভিচ গ্ৰুপৰ তিনি শীৰ্ষ বিষয়াৰ সৈতে বাংলাদেশৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলে একাধিক গোপন বৈঠকত মিলিত হয়।

ভাৰতীয় চোৰাংচোৱা বাহিনীৰ চকুত ধুলি দিবলৈ আই এছ আই বিষয়াসকলে ছদ্মবেশত ৮ দিন ধৰি বাংলাদেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰে যদিও যোৱা শণিবাৰে বাংলাদেশ ত্যাগ কৰা মাত্ৰই ভাৰতৰ চোৰাংচোৱা সংস্থাই সমগ্ৰ ঘটনা সন্দৰ্ভত কেইবাটাও চাঞ্চল্যকৰ তথ্য লাভ কৰে। মূলত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অস্থিৰতা বিয়পাই স্থানীয় ৰাইজক ভাৰতবিৰোধী কাৰ্যকলাপত জড়িত কৰাৰ অভিপ্ৰায়েৰেই আই এছ আয়ৰ স্পেচিয়েল ছাৰ্ভিচ গ্ৰুপৰ বিষয়াসকলে বাংলাদেশ সেনাৰ সৈতে সুদূৰ প্ৰসাৰী ব্লু-প্ৰিন্ট ৰচনা কৰা বুলি চোৰাংচোৱাই আশংকা ব্যক্ত কৰিছে।

উত্তৰপূৰ্বাঞ্চলৰ লগতে ম্যানমাৰৰ ৰহিংগ্যা উগ্ৰপন্থী সংগঠন আৰাকান আৰ্মীকো কিদৰে সহায় সহযোগিতা আগবঢ়াব পাৰি তাকলৈও আই এছ আয়ৰ দলটোয়ে বাংলাদেশ সেনাৰ সৈতে আলোচনা কৰে। বৈঠকত আৰাকান আৰ্মীৰ প্ৰতিনিধিও উপস্থিত থকাৰ তথ্য লাভ কৰিছে ভাৰতীয় চোৰাংচোৱাই। ৰিছাৰ্চ এণ্ড এনালাইছিচ উইং চমুকৈ ৰ-ৰ এটা সূত্ৰই এয়াও নিশ্চিত কৰিছে যে আৰাকান আৰ্মীৰ উপৰি মণিপুৰৰ এটা সশস্ত্ৰ সংগঠনৰ নেতৃত্বৰ সৈতেও আই এছ আয়ৰ দলটোয়ে সুকীয়াকৈ আন এখন বৈঠকত মিলিত হৈছিল।

ভাৰতীয় চোৰাংচোৱাৰ সন্দেহ– কেৱল বাংলাদেশত নিজৰ ঘাটি শক্তিশালী কৰাই নহয়, বাংলাদেশৰ পৰবৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত ভাৰতৰ উত্তৰপূৰ্বাঞ্চলক মূল ভূখণ্ডৰ পৰা পৃথক কৰিবলৈ কূটনৈতিক তথা কৌশলগতভাৱে ৰঙা চীনৰ পৰাও পাকিস্তানে সহায় সহযোগিতা লাভ কৰি আছে। এইক্ষেত্ৰত বৰ্তমানৰ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনেও চীনৰ নীৰিক্ষণত আছে। বাংলাদেশৰ সৈতে পাকিস্তানৰ সুসম্পৰ্ক স্থাপনৰ বাবেও ড্ৰেগনৰ দেশখনে এতিয়া উঠি পৰি লাগিছে।

এই প্ৰেক্ষাপটত আই এছ আয়ৰ স্পেচিয়েল ছাৰ্ভিচ গ্ৰুপৰ বাংলাদেশ ভ্ৰমণে উত্তৰপূৰ্বাঞ্চলৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। কেৱল ২৮ জুনৰ ভ্ৰমণ কাৰ্যসূচীয়েই নহয়, যোৱা ছয় মাহত আই এছ আয়ৰ কমেও তিনিটা দলে বাংলাদেশ ভ্ৰমণ কৰাৰ তথ্য ভাৰতৰ চোৰাংচোৱা সংস্থাই লাভ কৰিছে। ছদ্মনামত শেহতীয়াকৈ বাংলাদেশ ভ্ৰমণ কৰা আই এছ আই বিষয়াসকলকো ভাৰতৰ চোৰাংচোৱাই চিহ্নিত কৰিবলৈ সক্ষম হৈছে।

ব্ৰিগেডিয়াৰ জেনাৰেল পৰ্যায়ৰ এই বিষয়াসকল হৈছে নাদিম আহমেদ, ছাউদ আহমেদ ৰাও আৰু মহম্মদ নাদিম তালহা। আনকি কোনখন বিমানেৰে ছদ্মবেশী আই এছ আয় বিষয়াসকলে বাংলাদেশ গৈ উপস্থিত হৈছিল সেইখন বিমানও চিহ্নিত কৰিব পাৰিছে চোৰাংচোৱা সকলে। এমিৰেটাচ এয়াৰলাইন্সৰ এ কে-৫৮৬ বিমানেৰে ঢাকা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হৈ উক্ত তিনি বিষয়াই পোনেপোনে ৰেডিছন ব্লু হোটললৈ ৰাজ আতিথ্য গ্ৰহণ কৰিছিল।

ছদ্মপৰিচয় লৈছিল মেডিকেল কৰ্পছৰ সদস্য হিচাপে। চোৰাংচোৱাই লাভ কৰা তথ্য অনুসৰি আছুতিয়াকৈ বাংলাদেশ ভ্ৰমণৰ বাবেই ব্ৰিগেডিয়াৰ জেনাৰেল নাদিম তালহাৰ পাছপৰ্ট ২৬ মেত, ছাউদ আহমেদ ৰাওৰ পাছপৰ্ট ২৯ মেত আৰু নাদিম আহমেদৰ পাছপৰ্ট ৩০ এপ্ৰিলত ইছ্যু কৰা হৈছিল। তিনিজন আই এছ আই বিষয়াই বাংলাদেশৰ কক্সবাজাৰ জিলাৰ ৰমুস্থিত বাংলাদেশ সেনাৰ ১০ নং ইনফেন্ট্ৰী ডিভিছন পৰিদৰ্শন কৰিছিল তথা বাংলাদেশী সেনাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল।

উল্লেখ্য় যে ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাই দেশৰ উত্তৰপূৰ্বাঞ্চলকলৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে একাধিকবাৰ আপত্তিজনক তথা চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছিল। চলিত বছৰৰ এপ্ৰিল মাহত চীন ভ্ৰমণৰ কালছোৱাত ইউনুছে ভাৰতৰ উত্তৰপূৰ্বাঞ্চলক ‘লেণ্ডলকড’ ভূখণ্ড বুলি আভিহীত কৰি বংগোপসাগৰৰ একমাত্ৰ অভিভাৱক হিচাপে বাংলাদেশক চিহ্নিত কৰিছিল। ইয়াৰ পিছত যোৱা মে মাহত নেপালৰ সংসদৰ উপ-অধ্যক্ষ ইন্দিৰা ৰানা মগৰৰ ঢাকা ভ্ৰমণৰ কালছোৱাত হোৱা এখন বৈঠকত ইউনুছে বাংলাদেশ, নেপাল, ভূটান আৰু ভাৰতৰ ‘সাতভনী’ অৰ্থাৎ উত্তৰপূৰ্বাঞ্চলকলৈ ‘ঐক্যবদ্ধ আন্তঃসীমান্ত অৰ্থনৈতিক সংঘতি’ৰ পোষকতা কৰিছিল।

ভাৰতৰ সৈতে কোনো ধৰণৰ বাৰ্তালাপ অবিহনে তৃতীয় এখন দেশৰ প্ৰতিনিধিৰ সৈতে উত্তৰপূৰ্বাঞ্চলকলৈ ইউনুছৰ এনেধৰণৰ অভিমতক ভাৰতে মুঠেই ভালদৰে গ্ৰহণ কৰা নাছিল তথা উত্তৰপূৰ্বাঞ্চলকলৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দূৰভিসন্ধিকলৈ প্ৰশ্ন উত্থাপিত হৈছিল। লক্ষ্যনীয়ভাবে ইয়াৰ পূৰ্বে অন্তৱৰ্তীকালীন চৰকাৰৰ আন এজন জ্যেষ্ঠ সদস্য মেজৰ জেনাৰেল এ এল এম ফজলুৰ ৰহমানৰ এক বিষ্ফোৰক তথা পোনপোটিয়াকৈ কৰা ভাৰতবিৰোধী মন্তব্যই সমগ্ৰ উত্তৰপূৰ্বাঞ্চলক জোকাৰি গৈছিল।

ভাৰতৰ বিৰুদ্ধে একপ্ৰকাৰ জিহাদ ঘোষণাৰে ৰহমানৰ বক্তব্য আছিল– ভাৰতে যদি পাকিস্তানৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰে তেনেহলে বাংলাদেশৰ উচিত চীনৰ সহায়লৈ ভাৰতৰ উত্তৰপূৰ্বাঞ্চলৰ সাতখন ৰাজ্য দখললৈ নিয়া। ৰহমানৰ ভাৰতবিৰোধী উক্ত মন্তব্যৰ পিছত তিনিবাৰকৈ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আয় গোটৰ বাংলাদেশ ভ্ৰমণে উত্তৰপূৰ্বাঞ্চলৰ বাবে যে ভাবুকি সৃষ্টি কৰিছে তাকলৈ সন্দেহৰ কোনো অৱকাশ নাই।

বিশেষ বাৰ্তা, নতুন দিল্লীঃ Date of Published, 8 July

You might also like