নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : বিটিচি নির্বাচনৰ দামামা

সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংশোধনীৰে অধিক ক্ষমতাপুষ্ট স্বায়ত্তশাসিত পৰিষদ গঠনেৰে দেশৰ শান্তি আৰু বিকাশৰ আদর্শ ভূমিত পৰিণত বিটিআৰত এতিয়া নির্বাচনী দামামা বাজিছে৷ প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ কার্যকাল শেষ হ’বলৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা সময়ত বিটিআৰৰ পাঁচখন জিলাত ব্যাপক নির্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে৷

প্রমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ গঠনত বিজেপিৰ প্রত্যক্ষ সহযোগ আছে৷ ২০১৫ চনৰ ৬ আগষ্টত গঠিত ইউপিপিএলে বড়োসকলৰ আত্মনিয়ন্ত্রণৰ সংগ্রামক বিশেষ ৰূপদান কৰাৰ ফলত বড়ো ৰাজনীতিত বিশেষ পৰিৱর্তন ঘটিছিল৷ ২০০৩ত স্বাক্ষৰিত বিটিচি চুক্তিৰ জৰিয়তে বডোভূমিত শান্তি আৰু প্রগতিৰ বাট প্রশস্ত হৈছিল যদিও দীর্ঘকাল সংঘাতমুখৰ অঞ্চলটোত ৩৫ লাখ লোকৰ মাজত আস্থা আৰু বিশ্বাসৰ বাতাৱৰণ সম্পূর্ণৰূপে প্রতিষ্ঠা হোৱা নাছিল৷ ফলত বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘর্ষ আৰু হিংসাই বড়োভূমিৰ পৰিৱেশ বিনষ্ট কৰিছিল৷

১৭ বছৰ একেৰাহে ক্ষমতাত থকা হাগ্রামা মহিলাৰীক ওফৰাই বডোভূমিৰ ক্ষমতাত অধিষ্ঠিত প্রমোদ বড়ো আৰু তেওঁ নেতৃত্ব বহন কৰা ইউপিপিএল দলৰ বাবেও আগন্তুক বিটিচি নির্বাচন হ’ব এক ৰাজনৈতিক অগ্ণিপৰীক্ষা৷ বিগত প্রায় ২৫ বছৰ কালৰ বড়ো ৰাজনীতিৰ পর্যবেক্ষণ কৰিলেই এই কথাই স্পষ্ট হয় যে বড়ো নেতাসকলে দিল্লী–দিছপুৰৰ ক্ষমতাধিষ্ঠিত সর্বভাৰতীয় দলৰ পক্ষত অৱস্থান কৰিছে৷ কংগ্রেছ দল ক্ষমতাত থকাৰ সময়ছোৱাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফে যিদৰে দিছপুৰৰ ক্ষমতাৰ অংশীদাৰ হৈছিল একেদৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কার্যকালতো প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে ৰাজনৈতিক মিত্রতাৰে চলিছে৷

২০২১ৰ বিধানসভা নির্বাচনত অসম গণ পৰিষদৰ লেখীয়া বড়োভূমিত ইউপিপিএলৰ স’তে নির্বাচনী মিত্রতা স্থাপন কৰি দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ ক্ষমতাধিষ্ঠিত বিজেপিয়ে এইবাৰ বিটিচি নির্বাচনত নিজাববীয়াকৈ প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে৷ বিটিআৰৰ ৪০টা সমষ্টিতে ইউপিপিএল দলেও প্রতিদ্বন্দ্বিতা কৰিব বুলি দলটোৰ নেতৃত্বই সদৰী কৰিছে৷ ইফালে বিটিচিৰ বিৰোধী আসনত থকা হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেও আটাইকেইটা সমষ্টিত প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে৷ বিগত বিটিচি নির্বাচনত বিপিএফ দলে সর্বাধিক ১৯খন আসন লাভ কৰিও ক্ষমতাত অধিষ্ঠিত হ’ব পৰা নাছিল৷

ইউপিপিএল দলে ১২খন আসনত জয়লাভ কৰিলেও বিজেপিৰ আঠগৰাকী নির্বাচিত সদস্যৰ সমর্থনত বিটিচিৰ ক্ষমতা হস্তগত কৰাৰ পাছত বড়ো ৰাজনীতিৰ বিশেষ পৰিৱর্তন ঘটিছিল৷ বিশেষকৈ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফত খহনীয়া আৰম্ভ হৈছিল৷ বিপিএফৰ নির্বাচিত সদস্য ৰাজীৱ ব্রহ্মই বিজেপিত আৰু ৰেওৰেৱা নার্জিহাৰী, ধনঞ্জয় বসুমতাৰী, প্রভাত বসুমতাৰী, বিজিত গৌৰা নার্জাৰীয়ে ইউপিপিএলত যোগদান কৰে৷ ফলত বিটিচিত ইউপিপিএলৰ শক্তি ১৬জনলৈ আৰু বিজেপিৰ মুঠ সদস্য সংখ্যা ১১জনলৈ বৃদ্ধি হৈছে৷

সম্প্রতি বিটিচি চৰকাৰৰ এক চতুর্থাংশ শক্তিও হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটোৰ ওচৰত নাই৷ পাঁচ বছৰৰ ভিতৰত হাগ্রামা মহিলাৰীৰ সংগ এৰিছে প্রাক্তন মন্ত্রী চন্দন ব্রহ্ম, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্পা বৰগয়াৰীকে ধৰি বহুসংখ্যক নেতাই৷ এজন এজনকৈ ঘনিষ্ঠ নেতাই দলত্যাগ কৰিলেও বডোভূমিত হাগ্রামা মহিলাৰীৰ ৰাজনৈতিক ভেটি এতিয়াও নিশ্চিহ্ণ হৈ যোৱা নাই৷ বড়ো ৰাজনীতিত ক্ষমতাহীন হ’লেও নিজৰ অস্তিত্ব পুনৰ প্রমাণ কৰাৰ বাবে হাগ্রামা মহিলাৰীয়ে চেষ্টা চলাই আছে৷

কংগ্রেছে হাগ্রামা মহিলাৰীৰ স’তে মিত্রতা গঢ়াৰ বাবে চেষ্টা চলাই আছে যদিও এইক্ষেত্রত তেওঁ সঁহাৰি দিয়া নাই৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ স’তে বিজেপিৰ ৰাজনৈতিক মিত্রতা চলি থাকিলেও হাগ্রামা মহিলাৰীয়ে বিজেপিৰ স’তে মিত্রতা গঢ়িবলৈ আগ্রহী৷ কিন্তু ইউপিপিএলক অসন্তুষ্ট কৰি বিজেপিয়ে হাগ্রামা মহিলাৰীক সংগী কৰাৰ পৰিণাম যে শুভ নহ’ব সেয়া অনুমান কৰিছে৷ সেয়ে বিটিচি নির্বাচনত বিজেপিয়ে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে৷ কিন্তু বিটিচি নির্বাচনত ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাটো বিজেপিৰ বাবে সহজসাধ্য নহয়৷ বিগত বিটিচি নির্বাচনত কোকৰাঝাৰ জিলাৰ অন্তর্গত ১২টা সমষ্টিৰ ভিতৰত বিজেপিয়ে মাথোঁ এখন আসনতহে জয়ী হৈছিল৷

একেদৰে চিৰাং জিলাৰ অন্তর্গত সাতটা সমষ্টিৰ ভিতৰত এটা সমষ্টিত বিজয়ী হৈছিল৷ বিটিচি নির্বাচনত এইবাৰ নিজাববীয়াকৈ প্রার্থী থিয় কৰালে বিজেপিয়ে অধিক সুফল লাভ কৰাৰ সম্ভাৱনা আছে৷ বিশেষকৈ কোকৰাঝাৰৰ তিনিখন আসনত আৰু চিৰাঙৰ দুখন আসনত বিজেপিৰ জয়ৰ সম্ভাৱনা আছে৷ বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত তুলনামূলকভাৱে বিজেপিয়ে অধিক সফলতা লাভ কৰাৰ আশা আছে৷ কোকৰাঝাৰ আৰু চিৰাং জিলাত বিগত নির্বাচনৰ তুলনাত ইউপিপিএলে এইবাৰ অধিক সাফল্য লাভ কৰাৰ আশা আছে৷ ফলত কোকৰাঝাৰৰ তিনিখন আসনৰ বাহিৰে বাকীবোৰ আসনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন দলটো প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷

বিটিচি নির্বাচনত কংগ্রেছ দলে সাফল্য লাভ কৰাৰ কোনো আশা এতিয়ালৈ পৰিলক্ষিত হোৱা নাই৷ যোৱা নির্বাচনত মাথোঁ এখন আসনত জয়লাভ কৰা সজল সিংহই বিজেপিত যোগদান কৰিছে৷ প্রকৃততে বিটিচিত কংগ্রেছ দলে সন্মুখীন হোৱা ৰাজনৈতিক বিপর্যয়ৰ অন্তৰালত আছে দলটোৰ নেতৃত্বৰ অদূৰদর্শী নীতি৷ বিটিচি চুক্তি স্বাক্ষৰৰ পাছত হাগ্রামা মহিলাৰী ক্ষমতাত অধিষ্ঠিত হোৱাৰ সময়ৰে পৰা কংগ্রেছৰ ভেটিত খহনীয়া আৰম্ভ হৈছিল৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে বড়োভূমিৰ কংগ্রেছ নেতা–কর্মীসকলক এলাগী কৰি হাগ্রামা মহিলাৰীক পূর্ণ ক্ষমতা এৰি দিয়াৰ লগতে কংগ্রেছৰ সাংগঠনিক ভেটি গঢ়াত কোনো গুৰুত্ব নিদিলে৷ নির্বাচনসমূহতো কংগ্রেছৰ নেতা–কর্মীসকলক এলাগী কৰা হৈছিল৷ ফলত বড়োভূমিত এতিয়া কংগ্রেছৰ শক্তি একেবাৰে দুর্বল হৈছে৷ ইয়াৰ বিপৰীতে বড়োভূমিত আঞ্চলিক ৰাজনৈতিক দলৰ স’তে মিত্রতা স্থাপন কৰিলেও বিজেপিয়ে সমান্তৰালভাৱে সাংগঠনিক ভেটি গঢ়িছে৷ ফলত শাসকীয় দলটোৱে আগন্তুক বিটিচি নির্বাচনত অধিক সফলতা লাভ কৰাৰ বাট প্রশস্ত হৈছে৷

You might also like