নিয়মীয়া বাৰ্তা, ২৫ মে : যি সময়ত ৰাজ্যৰ চৰকাৰী বিদ্যালয়বোৰৰ ত্ৰুটিপূৰ্ণ শিক্ষণ পদ্ধতি, পৰিকাঠামো, অনুন্নত আন্তঃগাঁথনি আদিৰ অভিযোগ উত্থাপিত হৈ আহিছে তেনেসময়তে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰিৰ একান্ত প্ৰচেষ্টাত প্ৰাণপাই উঠাই নহয় সৰ্বভাৰতীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ এটি অনগ্ৰসৰ অঞ্চলৰ এখন বিদ্যালয়ৰ ছাত্ৰই নিজৰ উদ্ভাৱনী শক্তিৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কাৰ্যক্ৰমত অংশগ্ৰহন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। জানিব পৰা মতে ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান (আইএছআৰঅ’)-এ বিভিন্ন সময়ত বিভিন্ন কার্যসূচী ৰূপায়ণ কৰি আহিছে। যোৱা ১৫ মে’ৰ পৰা অহা ২৬ মে’লৈকে ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানে বাংগালোৰত আয়োজন কৰিছে যুৱ বিজ্ঞানী কার্যক্রম ‘যুভিকা-২০২৩’। এই কার্যক্রমত অংশগ্ৰহণ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে চন্দন কৌশিক শইকীয়া নামৰ মেধাৱী ছাত্রজনে। উত্তৰ-পশ্চিম যোৰহাটৰ আগশাৰীৰ চৰকাৰী খণ্ডৰ বিদ্যালয় নামদেউৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম মানৰ ছাত্র তথা চেঙেলীআটী গাঁৱৰ নিৱাসী মণি শইকীয়া আৰু ৰুৱী শইকীয়াৰ পুত্র চন্দনৰ এই সফলতাত সন্তোষ প্রকাশ কৰিছে যোৰহাটবাসীয়ে। উল্লেখ্য যে ১৫ মে’ৰ পৰা ২৬ মে’লৈকে বাংগালোৰৰ ইউ আই ৰাও ছেটেলাইট চেণ্টাৰত অনুষ্ঠিত হৈ থকা ‘যুভিকা-২০২৩ কার্যক্রমত দেশৰ আগশাৰীৰ মহাকাশ বিজ্ঞানীসকলৰ সৈতে মহাকাশৰ বিভিন্ন দিশ সন্দর্ভত আলোচনা হৈছে। দেশৰ প্রায় ৩৫০গৰাকী নির্বাচিত যুৱ বিজ্ঞানীয়ে এই কার্যক্রমত অংশগ্ৰহণ কৰিছে। এই কার্যক্রমৰ শিক্ষণ প্রদর্শনীত মেধাৱী ছাত্রজনে ৰকেটৰ আর্হি প্রস্তুত কৰি চমক সৃষ্টি কৰিছে। কেৱল আর্হি প্রস্তুত কৰাই নহয় তেওঁ ৰকেট উৎক্ষেপণ কৰি মহাকাশ বিজ্ঞানীসকলৰ দৃষ্টি আকর্ষণ কৰিছে। এই কার্যক্রমত অংশগ্ৰহণৰ সুবিধা পোৱা চন্দন যোৰহাটৰ প্রথমজন ছাত্র।
প্ৰেৰক নবজ্যোতি তামুলী