নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ মে : মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি লাহৰীঘাটৰ তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই তিনিচুকীয়াৰ ঔতলাবড়ীৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীটোৰ নাম হজৰত আলী। ধৃত সৰবৰাহকাৰীটোৰ পৰা নগদ 23,000 টকা আৰু 17টা ড্ৰাগছভৰ্ত্তি কন্টেইনাৰ আৰক্ষীয়ে জব্দ কৰে।

প্ৰেৰক আবুল কালাম

You might also like