নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ যোগমায়া পাৰঘাটত ধঁপাতভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ বৰলুইতৰ যোগমায়া পাৰঘাটৰ পৰা আৰক্ষীয়ে ধঁপাতভৰ্তি ট্ৰাক এখন কালি জব্দ কৰা বুলি জানিব পৰা গৈছে। সন্দেহ অনুসৰি ভুৱা চালানেৰে পশ্চিমবংগৰ পৰা ধুবুৰীলৈ আহিছিল সেই এএচ১৭চি/৬২১৬ নম্বৰৰ সেই ধঁপাতভৰ্তি ট্ৰাকখন। সেই সন্দেহত পাৰঘাটটোৰ পৰা আৰক্ষীৰ এটি দলে ট্ৰাকখন জব্দ কৰা বুলি প্ৰকাশ। আনুমানিক ৪০০ কিলোগ্ৰাম ধঁপাত থকা বুলি সন্দেহ কৰা সেই ট্ৰাকখনৰ চালক আৰু সহকাৰীক আৰক্ষীয়ে বৰ্তমানে সোধপোচ চলাই থকা বুলি জানিব পৰা গৈছে। ইপিনে এক বিশেষ চক্ৰই সমগ্ৰ ঘটনাটো গাপ দিয়াৰ প্ৰয়াস চলাই থকা বুলিও স্থানীয় একাংশ মহলত ব্যাপক চৰ্চা লভাও পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like