নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত জগদ্ধাত্ৰী পূজাত দিহানাম প্ৰতিযোগিতা উদ্বোধন মৃণালিনী দেৱীৰ

✅আধ্যাত্মিক ক্ষেত্ৰত ধৰ্মশ্ৰেষ্ঠ ভাৰতবৰ্ষ আজি বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ “আধ্যাত্মিকতাৰ ক্ষেত্ৰত ধৰ্মশ্ৰেষ্ঠ ভাৰতবৰ্ষ আজি আমাৰ বিশ্ব গুৰু হিচাপে প্ৰতিষ্ঠিত হৈছে। লগতে সত্য, ক্ৰেতা, দ্বাপৰৰ পিছত আমিও আজি কলি যুগৰ জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে পৰিগণিত হৈছোঁ। কলি যুগত আমাৰ মুক্তি বা মোক্ষপ্ৰাপ্তিৰ উপায় হ’ল ভগৱৎ ভক্তি তথা হৰিনাম ধৰ্ম । এই ভাষ্য অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি তথা সু-সাহিত্যিক মৃণালিনী দেৱীৰ। কালি ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰীজগদ্ধাত্ৰী পtজা সমিতিয়ে ৬০সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজা উপলক্ষ্যে অনুষ্ঠিত কৰা দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰি আদৰ্শ মাতৃ বঁটা প্ৰাপক বিশিষ্টা লেখিকা মৃণালিনী দেৱীয়ে কয় যে তপ, জপ, যজ্ঞ অথবা পূজা ব্যক্তিৰেকে একশৰণ হৰিনাম ধৰ্ম। এই হৰিনাম আমি কেইবা প্ৰকাৰৰো পাওঁ। মুল হৰিনাম কিন্তু মহাপুৰুষ শংকৰদেৱে ভক্তি আন্দোলনৰ সময়ত অসমত প্ৰবৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ আদেশ স্বৰূপে একশৰণ নামধৰ্ম অথাৎ একদেৱ, একসেৱ, বোলা কথাষাৰেই হৈছে মূল কথা। অৰ্থাৎ মহাপুৰুষ জনাৰ বিৰচিত কীৰ্তন ঘোষাৰ নাম সমুহেই বিশেষকৈ এইক্ষেত্ৰত প্ৰধান স্থান লাভ কৰিছে। এই নামসমূহক গুৰুজনাই ঘোষা নাম হিচাপে আমাক অৱগত কৰিছে। এই ঘোষা নাম সমুহ আয়তী সকলে গাওঁতে গুৰুজনাৰ নিদ্দেশ সমুহ পালন কৰাটোই হৈছে বিশেষ ধৰ্ম বুলি কয়। ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰীজগদ্ধাত্ৰী পূজা সমিতিৰ কাৰ্যকৰী সভাপতি জ্যোতিৰ্ময় কলিতাই আতধৰা দিহানাম প্ৰতিযোগিতা খনত ৰঙিয়া বাৰোৱাৰী শ্ৰীশ্ৰীজগদ্ধাত্ৰী সমিতিৰ সভাপতি মহেশ কাকতিৰ উপস্থিত অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা খনত বিশিষ্ট অতিথি হিচাপে মংগলদৈ সংহত শিশু বিকাশ প্ৰকল্প বিষয়া দেইজি ৰাণী দেৱী, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ সভাপতি ৰমেন ভৰালীও উপস্থিত আছিল।

#বাৰ্তা ডেস্ক

You might also like