নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত নিৰ্বাচন খেলিলে চতুৰ্থবাৰ হাৰিব ভূপেন বৰা : মন্ত্ৰী পীয়ূষ

বিশেষ বাৰ্তা, ২০ নৱেম্বৰঃ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মন্ত্ৰী পীয়ূষ হাজৰীকা। আজি ডিমৌত অনুষ্ঠিত এক সভাত ভূপেন বৰাক টাৰ্গেট কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- ভূপেন বৰাই কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিলে চাৰি লাখ ভোটত হাৰিব আৰু একেৰাহে চতুৰ্থবাৰৰ নিৰ্বাচনত পৰাভূত হ’ব। যোৰহাট লোকসভা সমষ্টিত যোৱাটো নিৰ্বাচনত আশী হেজাৰ ভোটৰ বিপৰীতে এইবাৰ আমাৰ দলে দুই লাখ ভোটত জয় লাভ কৰিব। বিপৰীতে বিজেপিয়ে বাৰটা সমষ্টিত জিকিব, সেয়া স্পষ্ট। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে লোকসভা নিৰ্বাচনত এখনকৈহে আসন পাব। আনহাতে ৰাইজৰ দলক লক্ষ্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, ৰাইজৰ দল মাত্ৰ এজন ব্যক্তিৰহে দল। ৰাইজৰ দল অখিল গগৈৰ দল। উল্লেখ্য যে ডিমৌত জলসম্পদ মন্ত্ৰীগৰাকীয়ে থাওৰা সমষ্টিৰ ককিলামাৰী শনিবৰীয়া বজাৰৰ সমীপত ব্ৰহ্মপুত্ৰত খহনীয়া বান্ধৰ কামৰ শিলান্যাস কৰে। আঠ কোটি টকাৰ ব্যয় সাপেক্ষে লাইবিলৰ পৰা টেঙাপানীলৈকে ব্ৰহ্মপুত্ৰত এই খহনীয়াৰ বান্ধৰ কাম সমাপন হ’ব। জিঅ’ বেগ পিভিচি ক’টিং আৰু ৱায়াৰ নেটিংৰে দুটা লেয়াৰৰ বান্ধৰ কাম সম্পূৰ্ণ কৰিব।

#বাৰ্তা ডেস্ক

You might also like