বিশেষ বাৰ্তা, সোণাৰি, ১৮ ডিচেম্বৰ : ভাৰত চৰকাৰৰ পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যিক তীৰ্থ ফুকনৰ সৃষ্টিৰাজি সংৰক্ষণ, প্ৰচাৰ আৰু নৱপ্ৰজন্মৰ মাজত তেওঁৰ সৃষ্টিৰাজিক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে গঠিত “তীৰ্থ ফুকন স্মৃতি সংৰক্ষণ সমিতি”-এ প্ৰদান কৰে “তীৰ্থ ফুকন লোকসংস্কৃতি বঁটা”। বঁটাটোত এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক, টাই আহোমৰ পৰম্পৰাগত এযোৰ পোছাক, এখন চেলেং, অসমীয়াৰ স্বাভিমান এখনি গামোচা, এটি গ্ৰন্থৰ টোপোলা, একৈশ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে।
লোকসংস্কৃতিৰ গৱেষকজনৰ নামত প্ৰদান কৰা বঁটাটো গ্ৰহণ কৰি বিশিষ্ট চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে কয় যে সাহিত্য অকাডেমি বঁটা বিজয়ী তীৰ্থ ফুকনে গাঁও ভাল পাইছিল। এই কথাই তেওঁক অনুপ্ৰাণিত কৰিছিল। তীৰ্থ ফুকনে গাঁৱৰ পটভূমিক লৈ লিখা সাহিত্যৰাজিয়ে তেওঁক উৎসাহিত কৰিছিল। গ্ৰাম্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল তীৰ্থ ফুকনৰ মহান চিন্তাৰে তেওঁ উদ্বুদ্ধ হৈছিল। চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে তীৰ্থ ফুকনৰ নামত প্ৰদান কৰা বঁটাটো গ্ৰহণ কৰিবলৈ পাই অত্যন্ত সুখী বুলি কয়।
তীৰ্থ ফুকন স্মৃতি সংৰক্ষণ সমিতিৰ উদ্যোগত আৰু পাটসাঁকোবাসী ৰাইজৰ সহযোগত পাটসাঁকো কেন্দ্ৰীয় টাই একাডেমীত অনুষ্ঠিত তীৰ্থ ফুকনৰ অষ্টম বাৰ্ষিক স্মৃতি দিৱস আৰু দ্বিতীয় বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে সংৰক্ষণ সমিতিৰ সভাপতি ভৱ বৰুৱাই। সংৰক্ষণ সমিতিৰ প্ৰধান সম্পাদক ফণীন্দ্ৰ চেতিয়াই আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ কোঁৱৰে আৰু উদ্বোধনী ভাষণ প্ৰদান কৰে কবি, নাট্যকাৰ উদিত বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি পাটসাঁকো জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা মুকুল চেতিয়াই তীৰ্থ ফুকনৰ লগতে জাহ্নু বৰুৱাৰ জীৱন পৰিক্ৰমা, সৃষ্টি, কৃতি আৰু কৃতিত্বৰ বিষয়ে বিশ্লেষণাত্মক আলোকপাত কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জনসংযোগ বিষয়া চেম্বাচ গগৈ।