নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ মেছিৰ ভাৰত ভ্রমণত খৰচৰ সবিশেষ

লীলা পেলেচৰ এটা সম্পূর্ণ মহলা মেছিৰ বাবে সংৰক্ষিত আছিল৷ তেওঁ থকা হোটেলখনৰ প্রেছিডেন্সিয়েল ছুইটত এৰাতি থকাৰ খৰচ আছিল ৩.৫ লাখৰ পৰা ৭ লাখ টকা

অৱশেষত অন্ত পৰিল আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিৰ ভাৰত ভ্রমণ৷ শনিবাৰৰ পৰা আৰম্ভ হোৱা মেছিৰ চাৰিদিনীয়া ভ্রমণৰ অন্ত পৰিল সোমবাৰে নিশা৷

কলকাতাৰ পৰা আৰম্ভ হৈছিল যদিও যুৱ ভাৰতীৰ অভিজ্ঞতা বৰ ভাল নাছিল৷ অৱশ্যে হায়দৰাবাদ, মুম্বাই আৰু দিল্লীৰ দর্শকে মেছিক আঁকোৱালি লৈছিল৷ মেছিৰ লগতে ভাৰতলৈ আহিছিল লুইছ ছুৱাৰেজ আৰু ৰ’ড্রিগো ডি পল৷

বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিৰ এই ভ্রমণৰ পিছতে বহুতৰে এটাই প্রশ্ন, মেছিৰ ভাৰত ভ্রমণত কিমান টকা খৰচ হ’ল৷ অনুৰাগীৰ এই কৌতূহলৰ মাজতে এটা আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমে প্রকাশ কৰিছে এখন তালিকা৷ মেছিৰ ভাৰত ভ্রমণক কেন্দ্র কৰি উত্তেজনা তুংগত আছিল৷ তেওঁৰ লগত এখন ফটো উঠিবলৈ খৰচ হৈছিল ১০ লাখ টকা৷

আনকি অনুৰাগীসকলেও আর্জেণ্টিনাৰ ৰাজপুত্রৰ আভাস পাবলৈ ৫০ হাজাৰ পর্যন্ত খৰচ কৰিবলৈ ইচ্ছুক আছিল৷ সেইবাবেই অনুৰাগীসকল মেছিৰ গ্লেমাৰাছ ভাৰত ভ্রমণৰ খৰচৰ বিষয়ে কৌতূহলী৷ মেছিৰ ভাৰত ভ্রমণৰ বাবে খৰচ হৈছিল বহু কোটি টকা৷ কলকাতা, হায়দৰাবাদ, মুম্বাই আৰু দিল্লী, বনতাৰা ভ্রমণৰ পিছতে ব্রেণ্ড মেছিৰ মূল্য ১০০ কোটিৰ সীমা অতিক্রম কৰিলে৷

গালফ নিউজৰ এক প্রতিবেদন অনুসৰি মেছিৰ ভাৰত ভ্রমণত মুঠ খৰচ প্রায় ১২০ কোটিৰ পৰা ১৫০ কোটি টকা৷ ইয়াতে শেষ নহয়৷ লীলা পেলেচৰ এটা সম্পূর্ণ মহলা মেছিৰ বাবে সংৰক্ষিত আছিল৷ তেওঁ থকা হোটেলখনৰ প্রেছিডেন্সিয়েল ছুইটত এৰাতি থকাৰ খৰচ আছিল ৩.৫ লাখৰ পৰা ৭ লাখ টকা৷

সর্বভাৰতীয় সংবাদ মাধ্যমত এক সূত্র মতে হোটেলখনত মেছিৰ সৈতে এক বিশেষ বৈঠকৰ আয়োজন কৰা হয়৷ তাত মেছিক লগ পোৱাৰ খৰচ আছিল এক কোটি টকা৷

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like